১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা- সোমবাৰ আৰু মঙলবাৰে খোলা থাকিব আন্তঃজিলা যাতায়ত ব্যৱস্থা। ইয়াৰ লগত খুলিব পাৰিব জিম আৰু শ্বপিং মল।

২. পবিত্ৰ ঈদৰ দিনাই এবিএমছুৰ প্ৰতিবাদ। ২০১৭ চনৰ লাফিকুল ইছলাম হত্যাকাণ্ডৰ তদন্ত বিচাৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিলে সংগঠনটোৱে।

৩. হাইলাকান্দিত পথৰ দাঁতিত ঢলি পৰিল এজন কোভিড যোদ্ধা। তিনি ঘন্টা সময় ধৰি পি.পি.ই কিট পিন্ধি থকাৰ ফলত অসুস্থ হৈ পথৰ দাঁতিত ঢলি পৰিল এজন ১০৮ সেৱাৰ এম্বুলেঞ্চৰ চালক।

৪. ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ সম্ভাৱনা। ১৫ ছেপ্টেম্বৰৰ পৰা ৭ অক্টোবৰৰ ভিতৰত বিদ্যালয় খোলাৰ সম্ভাৱনা। শিক্ষানুষ্ঠানসমূহত নিয়মীয়াকৈ পাঠদান কাৰ্যসূচী আৰম্ভ কৰাক লৈ টাস্ক ফৰ্চৰ গুৰুত্বপূৰ্ণ বৈঠক।

৫. গুৱাহাটী মহানগৰীৰ সাতগাঁৱত চাঞ্চল্যকৰ ঘটনা। এটা দুৰ্বৃত্তৰ দলে ব্যৱসায়ীক অপহৰণ কৰি শূন্যলৈ গুলীচালনা কৰি গুগল পে'ৰ জৰিয়তে লুটি নিলে লক্ষাধিক টকা।

৬. যোৰহাটত কোৱাৰেন্টাইনত থকা এজন লোকৰ আত্মহত্যা। শুকুৰবাৰৰ পৰা যোৰহাটৰ সীমা হোটেলত কোৱাৰেন্টাইনত আছিল শৈলেন চুৰেন নামৰ লোকজন।

৭. অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ কোৰোনাত আক্রান্ত। কোৰোনাত আক্রান্ত অধ্যক্ষ ডাঃ হিৰণ্য কুমাৰ গোস্বামী। সম্প্রতি হোম কোৱাৰেণ্টাইনত আছে ডাঃ গোস্বামী।

৮. কোকৰাঝাৰ জিলাৰ নিউ আমগুৰীৰত অঘটন। স্থানীয় গৌৰাং নদীত গা ধুবলৈ গৈ উটি গ'ল এজন ২৯ বছৰীয়া যুৱক। বৰ্তমানলৈকে সন্ধানহীন হৈ আছে অঞ্জয় বসুমতাৰী নামৰ যুৱকজন।

৯. ধেমাজিত কোৰোনাৰ গণসংক্ৰমন। শনিবাৰে ধেমাজিত ৩৭ জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি। আনহাতে, শুকুৰবাৰেও ৩৪ জন লোকৰ শৰীৰত ধৰা পৰিছিল কোৰোনা উপস্থিতি।

১০. বঙাইগাঁৱত অঘটন। সাঁকোৰ পৰা পিছলি পৰি বাঢ়নি পানীত উটি গ'ল এজন লোক। অভয়াপুৰীৰ সোণাখুলীত এই অঘটন। লোকজনৰ নাম যুধিস্থিৰ ৰায়।

১১. শনিবাৰে মুম্বাই মহানগৰীত ১০৫৯জনৰ দেহত ধৰা পৰে কোভিড-১৯ আৰু মৃত্যু হয় ৪৫জনৰ। মহানগৰীখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০,৭৪৯জনলৈ পাইছে বৃদ্ধি।

১২. হাৰিয়ানাত পুনৰ ৭৯৩ জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি। ৰাজ্যখনত ৬২৫০জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৩. উত্তৰাখণ্ডত ৭৪৪৭জনলৈ বৃদ্ধি পাব কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত শনিবাৰে ২৬৪জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

১৪. যোৱা ২৪ ঘন্টাত পঞ্জাৱত ৯৪৪জনৰ দেহত ধৰা পৰে কোভিড-১৯। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ১৯জন লোকে হেৰুৱাই প্ৰাণ।

১৫. চণ্ডীগড়তো প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যখনত শনিবাৰলৈ ১০৭৯জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি। ইয়াৰে চিকিৎসাধীন হৈ আছে ৩৭৮জন ৰোগী।

১৬. গুজৰাটত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ২৪জন লোকে হেৰুৱাই প্ৰাণ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৪৬৫জনলৈ পাইছে বৃদ্ধি।

১৭. 'অহা ১ ছেপ্টেম্বৰৰ পৰা আমি ৰাজ্যত পুনৰ বিদ্যালয়-মহাবিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ বাবে পৰিকল্পনা কৰিছো। অৱশ্যে চূড়ান্ত সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে ল'ব।'- এই ঘোষণা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

১৮. যোৱা ২৪ ঘন্টাত কৰ্ণাটকত ৫১৭২জনৰ দেহত ধৰা পৰে কোভিড-১৯। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৯৮জন লোকে হেৰুৱাই প্ৰাণ।

১৯. মহাৰাষ্ট্ৰৰ নাগপুৰৰ বেলা গাঁৱৰ এটা ফেক্টৰীত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত ফেক্টৰীটোত কাম কৰা ৫জন শ্ৰমিকৰ মৃত্যু হয়।

২০. জম্মু-কাশ্মীৰত যোৱা ২৪ ঘন্টাত ৬১৩জনৰ দেহত ধৰা পৰে কোভিড-১৯ আৰু মৃত্যু হয় ১১জনৰ। জম্মু-কাশ্মীৰত ২০,৯৭২জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২১. হায়দৰাবাদত ধাৰাসাৰ বৃষ্টিপাত। নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত হায়দৰাবাদৰ ৰাজ ভৱন ৰ'ডত সৃষ্টি হয় কৃত্ৰিম বানৰ।

২২. তামিলনাডুত যোৱা ২৪ ঘন্টাত ৫৮৭৯জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ৯৯জন লোকে হেৰুৱাই প্ৰাণ।

২৩. কেৰালাত যোৱা ২৪ ঘন্টাত ১১২৯জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ১০,৮৬২জন লোক বৰ্তমানেও চিকিৎসাধীন হৈ আছে।

২৪. অন্ধ্ৰপ্ৰদেশত ১,৫০,২০৯জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ৯২৭৬জনৰ দেহত ধৰা পৰে কোভিড-১৯।

২৫. শনিবাৰে জ্যেষ্ঠ নেতা তথা সাংসদ অমৰ সিঙৰ দেহাৱসান। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in