১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. শনিবাৰে নিশা দিল্লীৰ পৰা উন্নাৱ পালেহৈ উন্নাৱ পীড়িতাৰ মৃতদেহ। দেওবাৰে সম্পন্ন কৰা হব সৎকাৰ।

২. দেশজুৰি পিয়াজৰ মূল্যবৃদ্ধি। বাংগালুৰুত পিয়াজৰ মূল্য হলগৈ প্ৰতি কেজিত ২০০ টকা।

৩. দেশৰ দৰিদ্ৰ লোকৰ বাবে উচ্চতম ন্যায়ালয়ৰ মজিয়া পোৱাতো এতিয়াও এক কঠিন প্ৰক্ৰিয়া হৈয়ে আছে। শনিবাৰে এই মন্তব্য কৰিলে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে।

৪. কাশ্মীৰত শীতৰ প্ৰকোপ। তুষাৰপাতৰ বাবে কেইবাখনো বিমান বাতিল শ্ৰীনগৰত।

৫. প্ৰতিশোধৰ ভাৱনাত ন্যায়ৰ আঁচল চৰিত্ৰ লোপ পায়। হায়দৰাবাদ এনকাউন্টাৰক লৈ এই মন্তব্য কৰিলে দেশৰ মুখ্য ন্যায়াধীশ এছ এ ববডেই।

৬. বিশ্বই বলাৎকাৰ ৰাজধানী হিচাপে জানে ভাৰতক। এই মন্তব্য কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

৭. উন্নাৱৰ ধৰ্ষণ ঘটনাক লৈ প্ৰিয়ংকা গান্ধীৰ মন্তব্য। কলেঃ ১ টা বছৰ ধৰি পৰিয়ালটোক প্ৰতাৰিত কৰা হল।

৮. উত্তৰ প্ৰদেশৰ বৰ্তমানৰ চৰকাৰৰ শাসনকালত সুৰক্ষিত নহয় মহিলা। এই মন্তব্য কৰিলে মায়াৱতীয়ে।

৯. ৰাজীৱ গান্ধীৰ পৰা উভতাই লোৱা হওক ভাৰত ৰত্ন। এই দাবী কৰিলে কেন্দ্ৰীয় মন্ত্ৰী হৰছিমৰত কৌৰে।

১০. ছত্তীশগড়ৰৰ জুনাদিহ গাঁৱত ১৫ বছৰীয়া কিশোৰে বলাৎকাৰ কৰে এটি ৬ বছৰীয়া শিশুৰ। ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে এক গোচৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক।

১১. মহাৰাষ্ট্ৰৰ বুলদানাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। বৰ্তমানলৈ মৃতদেহটো চিনাক্ত কৰা হোৱা নাই।

১২. কেবৰ বিৰুদ্ধে অসমত তীব্ৰ প্ৰতিবাদ দল-সংগঠনৰ। শনিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কেবৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।

১৩. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আই আই এছ ই আৰৰ বৈজ্ঞানিকক সাক্ষাৎ কৰে। মহাৰাষ্ট্ৰৰ পুনেত সাক্ষাৎ কৰে তেওঁলোকক।

১৪. লাহোৰত ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। বিস্ফোৰত থিতাতে নিহত এজন লোক। ইফালে, গুৰুতৰভাৱে আহত ৫জন।

১৫. হিমাচলপ্ৰদেশৰ ছিমলাত নিয়ন্ত্ৰণহীন হৈ বাগৰিল এখন যাত্ৰীবাহী বাছ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ১৪জনকৈ লোক।

১৬. কৰ্ণাটকৰ অডিয়ুৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনৰ ফলত প্ৰাণ হেৰুৱালে তিনিজন লোকে। ইফালে, আহত এজন।

১৭. মহাৰাষ্ট্ৰৰ ঘাটকোপাৰত গ্ৰেপ্তাৰ তিনিজন লোকক। অস্ত্ৰ আৰু বহু আপত্তিজনক নথিপত্ৰসহ গ্ৰেপ্তাৰ কৰা হয় তিনিওকে।

১৮. গাজচিৰোলীত আৰক্ষীৰ মাওবাদীৰ বিৰুদ্ধে অভিযান। অভিযানকালত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এটা মাওবাদীক।

১৯. মধ্যপ্ৰদেশৰ ছিধিত গ্ৰেপ্তাৰ কৰা ৪ অভিযুক্তক। ৫ ডিচেম্বৰত এগৰাকী মহিলাক ছিধিত বলাৎকাৰকাণ্ডৰে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ আটাইকেইজনক।

২০. কৰ্ণাটকৰ কুকানুৰত উদ্ধাৰ অগ্নিদগ্ধ মৃতদেহ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ। এয়া হত্যা নে আত্মহত্যা বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

২১. 'কেব সঠিক পথত লোৱা খোজ। ই বহুত আগতেই হ'ব লাগিছিল। মই নিশ্চিত যে কেন্দ্ৰীয় চৰকাৰে কেবক সঠিকভাৱে আগুৱাই লৈ যাব।'- এই মন্তব্য মেঘালয়ৰ ৰাজ্যপালৰ তথাগত ৰয়ৰ।

২২. লক্ষ্ণৌত কংগ্ৰেছ কৰ্মীৰ তীব্ৰ প্ৰতিবাদ। উন্নাৱ বলাৎকাৰকাণ্ডৰ পীড়িতাক জ্বলাই দিয়াৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ।

২৩. তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ৰণদুন্দুভী। প্ৰতিবাদৰে ৰাজপথ কপাঁলে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দুই সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ ৰণ হুংকাৰ।

২৪. দেৰগাঁও টাউনৰ UBIৰ শাখাত শুকুৰবাৰে নিশা লুটপাত চলালে চোৰে। বেংকটোৰ লকাৰ ভাঙি চোৰে লৈ গ'ল ১৯ লাখ ৩০ হাজাৰ টকা।

২৫. শনিবাৰৰ দিনটোতো CABৰ বিৰোধিতাৰে প্ৰতিবাদত উত্তাল হৈ থাকিল বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীও। মহানগৰীত প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, লাচিত সেনা, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, NSUIকে ধৰি বহু দল-সংগঠনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in