১ মিনিটত ২৫ খবৰ

১  মিনিটত ২৫ খবৰ

১. অব্যাহত আছে ঠিকাভিত্তিক শিক্ষকৰ প্ৰতিবাদ। বুধবাৰে ঘেৰাও কৰে সকলো জিলা উপায়ুক্তৰ কাৰ্যালয়।

২. বুধবাৰে বৰক্ষেত্ৰীৰ কাপলাবড়িৰ হাজো-মুকালমুৱা পথত জ্বলিল যাত্ৰীবাহী ট্ৰেভেলাৰ। কথমপি প্ৰাণৰক্ষা যাত্ৰীসকলৰ।

৩. মহানগৰীত স্বাধীনতা দিৱসৰ বাবে তৎপৰ আৰক্ষী প্ৰশাসন। বুধবাৰে মহানগৰীৰ শীৰ্ষ আৰক্ষী বিষয়াসকল বহে এক আলোচনাত।

৪ দেশৰ প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ বিয়োগত শোক ব্যক্ত কৰিছে আমেৰিকাৰ বিদেশ মন্ত্ৰীয়ে। মাইক পম্পিঅয়ে টুইটাৰযোগে কৰিলে শোক ব্যক্ত।

৫.বহুজন সমাজৱাদী পাৰ্টিৰ উত্তৰ প্ৰদেশৰ অধ্যক্ষ হিচাপে মুকনাদ আলিক নিযুক্তি। বুধবাৰে মায়াৱতীয়ে আনুষ্ঠানিকভাবে নিযুক্তি দিয়ে নেতাগৰাকীক।

৬. বিহাৰৰ বগহাত যুৱতীক এছিড আক্ৰমণ। চিকিৎসালয়ত মৃত্যু হয় যুৱতীগৰাকীৰ।

৭. উন্নাৱ বলাৎকাৰ কাণ্ডৰ পীড়িত কিশোৰী আৰু অধিবক্তাৰ অৱস্থা এতিয়াও সংকটজনক। ৰখা হৈছে ভেন্টিলেশ্যনত।

৮. সুষমা স্বৰাজৰ কাম-কাজে তেওঁক সদায় আমাৰ মাজত জীৱিত কৰি ৰাখিব। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে স্বামী কুশল স্বৰাজলৈ লিখিলে পত্ৰ।

৯. হায়দৰাবাদত আটক অভিনেতা মধু প্ৰকাশ। পত্নীৰ আত্মহত্যাৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আটক অভিনেতাগৰাকীক।

১০. জম্মু-কাশ্মীৰৰ ৰাজৌৰীত পুনৰ পাক সেনাৰ যুদ্ধবিৰতি উলংঘা। নিশা প্ৰায় ১০.১৫ বজাত গুলীবৰ্ষণ পাক সেনাৰ। ভাৰতীয় সেনায়ো দিয়ে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ।

১১. মহাৰাষ্ট্ৰৰ বিভিন্ন বান বিধ্বস্ত অঞ্চলত এন ডি আৰ এফৰ অভিযান। অভিযানত এন ডি আৰ এফে নাৱেৰে উদ্ধাৰ কৰে প্ৰায় ৬০০০ বন্যাৰ্তক।

১২. ৮ আগষ্টত বন্ধ থাকিব জম্মু বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনত ৮ আগষ্টত অনুষ্ঠিত হ'ব লগা সকলো পৰীক্ষা পিচুওৱা হৈছে।

১৩. কৰ্ণাটকত বিশেষ অনুসন্ধানকাৰী দলৰ অভিযানত উদ্ধাৰ ৩০৩০ কেজি নকল সোণ। লগতে সোধ-পোছৰ বাবে আটক কৰে এজন লোকক।

১৪. শত্ৰুৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতবৰ্ষই ক্ৰয় কৰিব ১২ হাজাৰ কোটি টকাৰ অস্ত্ৰ-শস্ত্ৰ। এই কথা জনালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

১৫. মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে ৰাজ্যৰ বান পৰিস্থিতিক অধিক গুৰুত্ব দিয়ক। কৰ্ণাটকৰ য়েডিয়ুৰাপ্পাৰ চৰকাৰক এই নিৰ্দেশ গৃহমন্ত্ৰী অমিত শ্বাহৰ।

১৬. কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বাংলাদেশৰ গৃহ মন্ত্ৰী আছুদুজ্জামান খানৰ গুৰুত্বপূৰ্ণ বৈঠক। দিল্লীৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এই বৈঠকখন।

১৭. নেপালৰ বালুৱাটাৰস্থিত এটা কেবল নেট অফিচত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই। অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা খবৰ পোৱা নাই।

১৮. মধ্যপ্ৰদেশৰ মন্দছৌৰত ধাৰাসাৰ বৃষ্টিপাতৰ ফলত সৃষ্টি কৃত্ৰিম বানৰ। বানত বুধবাৰে আৱদ্ধ হয় এখন যাত্ৰীবাহী বাহন।

১৯. 'জম্মু-কাশ্মীৰৰ পৰিস্থিতি যথেষ্ট চিন্তাজনক। ফাৰুক আব্দুল্লাই নিজৰ কন্যাকে লগ ধৰিব পৰা নাই।' এই মন্তব্য কৰিলে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

২০. ১৫ আগষ্টত সমগ্ৰ ভাৰতৰ ছবিগৃহত মুক্তি পাব নতুন হিন্দী ছবি 'ছাহো'। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা প্ৰভাস আৰু অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে।

২১. জম্মু-কাশ্মীৰৰ ৩৭০ ধাৰা উঠাই লোৱাক লৈ কানপুৰৰ এজন যুৱকৰ বিতৰ্কিত ফেচবুক পোষ্ট। আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ।

২২. উত্তৰাখণ্ডত ১০ বছৰীয়া এগৰাকী কিশোৰীক বলাৎকাৰ। ২জন যুৱকক গ্ৰেপ্তাৰ।

২৩. ক্ৰমান্বয়ে স্বাস্থ্যৰ উন্নতি ঘটিছে হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ। বুধবাৰে চিমলাৰ এখন চিকিৎসালয়ত কৰা হৈছিল ভৰ্তি।

২৪. কাশ্মীৰত অতি কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। শান্তি ভংগৰ আশংকাত ৫৫০ জনৰো অধিক নেতাক কৰা হৈছে গ্ৰেপ্তাৰ।

২৫. বৃহস্পতিবাৰে শ্ৰীনগৰত উপস্থিত হ'ব কংগ্ৰেছ নেতা গোলাম নৱী আজাদ। দলীয় কৰ্মীৰ সৈতে মিলিত হ'ব আলোচনাত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in