১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. মঙলবাৰে সন্ধিয়া এমএমচিএইচৰ পৰস্থিতিৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে কোৰোনাত আক্ৰান্ত হৈ ভৰ্তি হৈ থকা ৰোগীসকলৰ শাৰীৰিক অৱস্থাৰ বুজ লয়।

২. দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত অংশ লোৱা প্ৰায় ৫০-৬০ লোক ঘূৰি আহিছে মহাৰাষ্ট্ৰলৈ। লোক কেইজনে বন্ধ কৰি ৰাখিছে নিজৰ ম'বাইল ফোন। ৰাজ্যখনত লুকাই আছে লোক কেইজন। ৰাজ্য চৰকাৰে সদৰি কৰিছে এই কথা।

৩. পশ্চিমবংগত মঙলবাৰে গ্ৰেপ্তাৰ কৰা হয় ৬৬৯জন লোকক। চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা কৰা বাবে গ্ৰেপ্তাৰ কৰা হয় লোককেইজনক।

৪. অন্ধ্ৰপ্ৰদেশত মঙলবাৰে আৰু ১০জন লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ৰাজ্যখনত ৩১৪জনকৈ লোক আক্ৰান্ত হৈছে এই ভাইৰাছত।

৫. ভুপালত আৰু ২১জন লোক COVID-19ত আক্ৰান্ত হৈছে। ভুপালত ৮১জনলৈ বৃদ্ধি পালে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

৬. মঙলবাৰৰ নিসা ৯ বজালৈকে দেশত ১,১৪,০১৫টা নমুনা পৰীক্ষা কৰা হৈছে কোৰোনা ভাইৰাছৰ। ইণ্ডিয়া কাউন্সিল অৱ মেকিকেল ৰিছাৰ্চে সদৰী কৰে এই কথা।

৭. ওদালগুৰিত ছ'চিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য প্ৰচাৰ কৰি জে'ললৈ এজন। ইফালে ওদালগুৰি আৰক্ষীৰ অভিযানত মঙলবাৰে জব্দ ৯৪ খন বাইক।

৮. যোৱা ২৪ ঘণ্টাত নিউয়ৰ্কত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু ৭৩১জনকৈ লোকৰ। নিউয়ৰ্কৰ গৱৰ্ণৰ এন্ড্ৰিঅ কুমোই জনালে এই কথা।

৯. বাংগালুৰুত ১০০খন অলা কেব আৰু ১০০খন উবেৰ কেব ব্যৱহাৰ কৰা হৈছে মেডিকেল ইমাৰ্জেঞ্চীৰ বাবে।– এই কথা ঘোষণা কৰ্ণাটকৰ স্বাস্থ্য মন্ত্ৰী বি শ্ৰীৰামুলুৰ।

১০. বিশ্বৰ লগতে ভাৰততো কোৰোনাত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে। ভাৰতত যোৱা ২৪ ঘণ্টাত ৫০৮জন লোক আক্ৰান্ত হোৱাৰ লগতে ১৩জন লোকৰ মৃত্যু হৈছে কোৰোনাত আক্ৰান্ত হৈ।

১১. পঞ্জাৱত আৰু ৮জন লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। ৰাজ্যখনত ৯৯জনলৈ বৃদ্ধি পালে COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা।

১২. জম্মু-কাশ্মীৰৰ অনন্তনাগত চিআৰপিএফৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ। সন্ত্ৰাসবাদীৰ গুলীচালনাত নিহত এজন চিআৰপিএফ জোৱান।

১৩. কোৰোনা ভাইৰাছৰ বিৰুদ্ধে ভাৰতৰ সফলতা। এইচ এল এল লাইফকেয়াৰ লিমিটেডে প্ৰস্তুত কৰিছে COVID-19ৰ এন্টিবডী কীট।

১৪. ধাৰাৱী আৰক্ষী চকীত উপস্থিত মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ টোপে। কোৰোনা ভাইৰাছৰ ফলত সৃষ্টি হোৱা পৰিৱেশ-পৰিস্থিতি সন্দৰ্ভত কৰে আলোচনা।

১৫. মঙলবাৰে প্রধানমন্ত্ৰী মোডীয়ে টেলিফোনযোগে বাৰ্তালাপ কৰে ছুৱেডেনৰ প্ৰধানমন্ত্ৰী ষ্টেফেন লফভেনৰ সৈতে। কোৰোনা ভাইৰাছৰ সন্দৰ্ভত কৰে আলোচনা।

১৬. ২২ মে'ত মুক্তি পাব নতুন হিন্দী ছবি লক্ষ্মী বোম্ব। ছবিখনত অভিনয় কৰিছে অক্ষয় কুমাৰে।

১৭. উত্তৰপ্ৰদেশত বৰ্তমানলৈ ৩১৪জন লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি। ইয়াৰে ১৬৮জনেই অংশ লৈছিল দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত।– এই মন্তব্য ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ।

১৮. নেপাল চৰকাৰে অহা ৩০ এপ্ৰিললৈ বাতিল কৰিছে সকলো আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণ আৰু অৱতৰণ। কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ।

১৯. অসম আৰোগ্য নিধিলৈ বৰ্তমানলৈকে ১০ হাজাৰ ৫৯৫ গৰাকী লোকে বৰঙণি আগবঢ়াইছে। সংগ্ৰহ হৈছে ২৪.৬৩ কোটি।

২০. কোৰোনা ভাইৰাছত অসমত আক্ৰান্তৰ সংখ্যা ২৮ জনলৈ বৃদ্ধি। মঙলবাৰে কোৰোনাত আক্ৰান্ত হয় ২জন লোক।

২১. মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে আন একাংশ লোকৰ লগতে ফোনযোগে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে বাৰ্তালাপ কৰে। কোভিড-১৯ক প্ৰতিহত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে অৱগত কৰে।

২২. কোভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ অসম চৰকাৰৰ মন্ত্ৰী আৰু বিধায়কসকলৰ দৰমহা ১ বছৰৰ বাবে ৩০% কৰ্তন কৰা হ'ব। মঙলবাৰে কেবিনেট বৈঠকত লোৱা হয় সিদ্ধান্ত।

২৩. মঙলবাৰে নিশা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলা উপায়ুক্ত তথা চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চিং ব্যৱস্থাৰ দ্বাৰা বৈঠকত মিলিত হয়। কোভিড-১৯ ৰোগীৰ সংখ্যাই সৃষ্টি কৰা পৰিস্থিতি তথা ভৱিষ্যতৰ কাৰ্যপন্থা আলোচনা কৰে।

২৪. চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত COVID-19ত আক্ৰান্ত গীতাৰাণী কৰ্মকাৰ ৩ টা দিন কটাইছিল গুৱাহাটীত। ১৪ মাৰ্চৰ পুৱা দেওধৰ এক্সপ্ৰেছেৰে আহি উপস্থিত হৈছিল গুৱাহাটীত।

২৫. সমগ্ৰ বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে লাখ লাখ লোক। ইংলেণ্ডত প্ৰতিদিনে প্ৰায় ৭৮৬জনকৈ লোকৰ মৃত্যু হৈছে COVID-19ত আক্ৰান্ত হৈ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in