এক মিনিটত ২৫ খবৰ

এক মিনিটত ২৫ খবৰ

১. 'অসম গণ পৰিষদৰ দিনত গুপ্ত হত্যা হৈছিল। বিজেপিয়ে আঢ়ৈ বছৰত বহু কাম কৰিছে, কংগ্ৰেছে কেৱল দুৰ্নীতি কৰিলে।' বৃহস্পতিবাৰে
বিজেপিক ভোট দিবলৈ অনুৰোধ কৰি এই মন্তব্য কৰে বিধায়ক দীপক ৰাভাই।

২. 'তিহাৰ ফেৰৎ ৰিপুণ বৰাৰ ন্যূনতম জ্ঞান নাই। নিৰ্বাচন মুখ্যমন্ত্ৰীয়ে নচলায়, নিৰ্বাচন আয়োগেহে চলায়।' পঞ্চায়ত নিৰ্বাচনৰ বিসংগতিত ৰিপুণ বৰাই মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ বিজেপি নেতা ৰূপম গোস্বামীৰ।

৩. দুধনৈত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ কংগ্ৰেছ, অগপ আৰু এআইইউডিএফক সমালোচনা কৰে সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে। 'কংগ্ৰেছ আৰু এআইইউডিএফৰ লগত এতিয়া অগপ সোমাইছে।'

৪. অসমীয়া ছবি 'কানীন'ৰ পোষ্টাৰ মুকলি। মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই টি এ প্ৰেক্ষাগৃহত হোৱা অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ বহুকেইগৰাকী বিশিষ্ট তথা জনপ্ৰিয় ব্যক্তি লগতে ছবিখনৰ একাংশ কলা-কুশলী।

৫. 'আমাৰ ধনবল নাই কিন্তু মনোবল আছে। অগপৰ প্ৰতি ৰাইজৰ আস্থা দেখি শংকিত হৈছে বিজেপি, কংগ্ৰেছৰ লগতে এআইইউডিএফ।
বৃহস্পতিবাৰে এই মন্তব্য কৰে অগপ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই।

৬. ১৯৫১ চনৰ ভিত্তিত ভূমি, চৰকাৰী চাকৰি আৰু সা-সুবিধা, বেপাৰ-বাণিজ্যৰ অনুজ্ঞাপত্ৰ সংৰক্ষণৰ ব্যৱস্থা কৰা, সম্পূৰ্ণ পুনৰীক্ষণৰ দ্বাৰা এনআৰচিৰ বিসংগতি সম্পৰ্কে আলোচনা। ৮ ডিচেম্বৰত লতাশিল খেলপথাৰত সচেতন ৰাইজৰ সমাৱেশৰ আয়োজন।

৭. মোদী পৰাস্ত হ'লে হিমন্ত বিশ্ব এআইইউডিএফত যোগদান কৰাত বাদে আন ৰাস্তা নাই। সাৰদা, লুই বাৰ্জাৰ কেলেংকাৰীত তিহাৰ জে'ললৈ যাব হিমন্ত বিশ্ব শৰ্মা। বজালীত এই মন্তব্য কৰে বিধায়ক প্ৰবীণ ডেকাই।

৮. বৃহস্পতিবাৰে আটক কৰা হয় কাজিৰঙাৰ মদাৰজুৰি বন শিবিৰৰ চুৰিকাৰ্যৰে জড়িত হৰেন চোৰেণক। আৰক্ষীয়ে কৰায়ত্ত কৰা গভাইত চোৰটোৰ পৰা উদ্ধাৰ ৮ জাঁই সজীৱ গুলীসহ বহু সামগ্ৰী।

৯. শুকুৰবাৰে ছবিগৃহত মুক্তি পাব অসমীয়া কথাছবি 'ছাছপেণ্ডেড ইন্সপেক্টৰ বড়ো'। ছবিখনক লৈ আশাবাদী পৰিচালক কেনী বসুমতাৰী।

১০. বিগত বৰ্ষত ভাৰতত বায়ু প্ৰদুষণৰ ফলত মৃত্যু হৈছে ১২.৪ লাখ লোক। এক সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।

১১. 'নৰেন্দ্ৰ মোদী বাজপেয়ীৰ নিচিনা সহনহীন হ'বলৈ শিকক' জ্যেষ্ঠ ৰাজনীতিক ফাৰুক আব্দুল্লাই কৰিলে এই মন্তব্য।

১২. 'নৱজ্যেৎ সিং সিদ্ধুৰ শিৰচ্ছেদ কৰাজনক দিয়া হ'ব ১ কোটি টকাৰ পুৰস্কাৰ' হিন্দু যুৱা বাহিনী নামৰ এটা সংগঠনে কৰিলে এই ঘোষণা।

১৩. বিগত বৰ্ষত ভাৰতত বায়ু প্ৰদুষণৰ ফলত মৃত্যু হৈছে ১২.৪ লাখ লোক। এক সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।

১৪. দিল্লীৰ নয়দাত দুৰ্বৃত্তই গুলীয়ালে দুজন লোকক। গুৰুতৰভাৱে এজন আহত হোৱাৰ লগতে থিতাতে এজন নিহত।

১৫. এনডিএ এৰিব ৰাষ্ট্ৰীয় লোক সমতা পাৰ্টীয়ে। দলটোৰ নেতা উপেন্দ্ৰ কুশ্বৱাহাই বৃহস্পতিবাৰে দলীয় বৈঠকৰ অন্তত সংবাদ মাধ্যমক প্ৰদান কৰে এই ইংগিত।

১৬. জাপানৰ উপকূলীয় অঞ্চলত দুৰ্ঘটনাত পতিত মাৰ্কিন সেনাৰ বিমান। এজন নিহত, সন্ধানহীন ৫জন।

১৭. অভিযোগ উত্থাপনৰ পিছতে পদত্যাগ পাকিস্তানৰ ইমৰাণ খান মন্ত্ৰীসভাৰ বিজ্ঞান-প্ৰযুক্তি বিভাগৰ কেবিনেট মন্ত্ৰী আজম খান স্বাতীৰ।
মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে আৰক্ষী বিষয়াক নীতি বিৰুদ্ধভাৱে বদলি কৰাৰ অভিযোগ।

১৮. প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত দায়িত্বত থকা দুজন কৰ্মচাৰীলৈ শ্ব'কজ জাৰি। নিৰ্বাচনী কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ দুয়োজনৰ বিৰুদ্ধে। এই কথা জনালে বৰপেটা জিলাৰ উপায়ুক্তই।

১৯. হুৱেইৰ বিষয়াক কানাডাত গ্ৰেপ্তাৰৰ পিছতে ক্ষুব্ধ চীন চৰকাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হেঁচাৰ পিছতে কানাডাই গ্ৰেপ্তাৰ কৰে চীনা টেলিকম প্ৰতিষ্ঠানটোৰ শীৰ্ষ বিষয়া মেং ৱাংঝৌক।

২০. গহপুৰৰ ঘগৰা বাগিচাত এজন লোকৰ মৃতদেহ উদ্ধাৰ। নলাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মৃতদেহটো। মৃত লোকজন বিহাৰৰ স্বদীপ মিঞাৰ বুলি চিনাক্ত।

২১. ডি ভোটাৰ আৰু বিদেশী নাগৰিক প্ৰসংগ সন্দৰ্ভত গুৱাহাটী হাইক'ৰ্টত হাজিৰ হ'ল ৰাজ্যৰ মুখ্য সচিব। লগতে হাজিৰ হ'বলগা হ'ল সীমান্ত নিৰাপত্তা বিষয়াও। ৮ মাহ পূৰ্বে নিৰ্দেশ দিছিল ডাটা বেছ প্ৰস্তুতৰ বাবে।

২২. হিন্দী ছবি 'ভাৰত' মুক্তি পাব ২০১৯ৰ জুনত। ছবিখন পৰিচালনা কৰিছে আলী আব্বাছ জাফৰে।

২৩. মহাৰাষ্ট্ৰৰ দীনদয়াল পুৰম কলনীত এখন ট্ৰাকে মহতিয়াই নিলে এগৰাকী মহিলাক। থিতাতে নিহত মহিলাগৰাকী।

২৪. 'কৰ্ণাটক আৰু গুজৰাটৰ ভুলৰ পৰা শিক্ষা লৈ মধ্যপ্ৰদেশৰ নিৰ্বাচনত অৱৰ্তীণ হৈছে কংগ্ৰেছ, গতিকে ১৪০ খন আসন দখল কৰাটো নিশ্চিত' কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমলনাথে কৰিলে এই মন্তব্য।

২৫. ভাৰত আৰু চীনৰ ১৫ দিনীয়া যৌথ সামৰিক অনুশীলন আৰম্ভ হ'ব অহা ১১ ডিচেম্বৰৰ পৰা। চীনৰ চেংদ' চহৰত অনুষ্ঠিত হ'ব এই যৌথ অনুশীলন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in