১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. বাক্সাৰ দিৰিংগাপুৰত লোমহৰ্ষক হত্যাকাণ্ড। ৰাজেন এক্কা নামৰ এজন দ্বিতীয় শ্ৰেণীৰ ছাত্ৰক ঘপিয়াই হত্যা কৰিলে এজনে। ৰাইজে কৰায়ত্ত কৰে অভিযুক্ত আলবিজ বান্দোক।

২.  অসম বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ অনিৰ্দিষ্টকালীন প্ৰতিবাদ। বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কক্ষৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত। ২০১৭ চনৰ পৰা গৱেষণা কৰি থকাসকলৰ ধন মুকলি কৰি নিদিয়াৰ প্ৰতিবাদ।

৩.  ত্ৰিপুৰা আৰক্ষীৰ জালত জামাত-উল-মুজাহিদীনৰ দুৰ্ধৰ্ষ সদস্য। আগৰতলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সদস্যজনক। DGP অখিল কুমাৰ শুক্লাই সদৰী কৰিছে এই কথা। ধৃত সদস্যজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

৪. শিৱসাগৰৰ শিৱৰাত্ৰি মেলাৰ সময়সীমা সলনি। বুধবাৰে বিয়লি ২ বজাত বন্ধ নহয় মেলা। দিনৰ ১১ বজাৰ পৰা নিশা ৮ বজালৈ খোলা থাকিব শিৱৰাত্ৰি মেলা। পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে দিনৰ ১১ বজালৈকে সকলো বিপণী বন্ধ ৰখাৰ নিৰ্দেশ প্ৰশাসনৰ।

৫.  শোণিতপুৰৰ সৰুপাটগাঁৱত দুৰ্ঘটনা অজ্ঞাত বাহনে খুন্দিয়াই থৈ গ'ল দুই বাইক আৰোহীক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুয়োজন। আহত দুয়োকে প্ৰেৰণ কৰা হয় তেজপুৰলৈ।

৬. ছিকিমৰ হামৰ' ছিকিম পাৰ্টীত খহনীয়া। দলটোৰ ২০৬জনৰো অধিক কৰ্মীয়ে যোগদান কৰিলে SDF দলত। SDFৰ সভাপতি তথা মুখ্যমন্ত্ৰী পৱন চামলিঙৰ উপস্থিতিত যোগদান কৰিলে দলটোত।

৭.  যোৰহাটৰ টীয়কত ধুমুহাৰ তাণ্ডৱ। ধুমুহাই উৰুৱাই নিলে ৰাজমুকুট থিয়েটাৰৰ মঞ্চ–পেণ্ডেল। কথমপি ৰক্ষা পৰে অভিনেতা-অভিনেত্ৰীৰ লগতে উপস্থিত দৰ্শকসকল।

৮.  হাফিজ ছঈদৰ জামাত–উদ–দাৱাক নিষিদ্ধ কৰিলে পাকিস্তানে। নিষিদ্ধ কৰিলে ফালাহ–এ–ইনছানিয়ত ফাউণ্ডেচনকো। সন্ত্ৰাসবাদবিৰোধী আইন ১৯৯৭ৰ অধীনত নিষিদ্ধ কৰিলে সংগঠন দুটাক।

৯.  ৰঙিয়া পৌৰসভা কাৰ্যালয়ত অগ্নিকাণ্ড। জুইত জাহ গ'ল কাৰ্যালয়টোৰ গুৰুত্বপূৰ্ণ নথি–পত্ৰ, কম্পিউটাৰ ছেট। দুৰ্নীতিৰ তথ্য লুকুৱাবলৈ কাৰ্যালয়টোত অগ্নিসংযোগ কৰাৰ অভিযোগ একাংশৰ।

১০. এতিয়াৰে পৰা গুৱাহাটীৰ আৰু শ্বিলঙৰ মাজত চলিব SEAPLANE। ৰাজ্যৰ পৰ্যটন উদ্যোগক আৰু আগুৱাই নিয়াৰ প্ৰচেষ্টাৰে গুৱাহাটী আৰু শ্বিলঙৰ মাজত আৰম্ভ কৰা হৈছে SEAPLANE সেৱা।

১১. সংবিধান অৱমাননা কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাক। মঙলবাৰে এক সংবাদমেলত এই দাবী কৰিলে অখিল গগৈয়ে।

১২. অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ বিশেষ পদক্ষেপ। মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মৃদুল হাজৰিকাৰ লগত বৈঠকত বহিল সাহিত্য সভাৰ প্ৰতিনিধি দল। কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰা হয় এই বৈঠকত।

১৩. মঙলবাৰে পবিতৰাত উপস্থিত হয় ইংলেণ্ডৰ মহিলা ক্ৰিকেট দল। ক্ৰিকেটৰ যুঁজৰ পৰা সময় উলিয়াই পবিতৰাৰ নান্দনিক দৃশ্য উপভোগ কৰিলে ইংলেণ্ডৰ মহিলা ক্ৰিকেটাৰে। হাতী, গঁড় চাই উৎফুল্লিত হৈ পৰিল আলহী ক্ৰিকেটাৰসকল।

১৪.  সুৰা ট্ৰেজেডীৰ ঘটনাত ষড়যন্ত্ৰ নিহিত হৈ থকাৰ অভিযোগ অসম চাহ জনজাতি ছাত্র সন্থাৰ। গোলাঘাট আৰু যোৰহাট জিলাত বিষাক্ত সুৰা সেৱন কৰি ১৬০ জনৰো অধিক লোকৰ মৃত্যু হোৱা ঘটনাৰ CBI তদন্ত দাবী আটছাৰ।

১৫.  হাফলঙত কেইবাজনো অগপ আৰু প্ৰাক্তন বিজেপি নেতাৰ কংগ্ৰেছত যোগদান। অগপ নেতা তথা প্ৰাক্তন ই এম লালথাংছাং মাৰ, প্ৰাক্তন ই এম লালজোছৱা বেইটে, ফিৰোজ লাংথাছাৰ কংগ্ৰেছত যোগদান।

১৬. মঙলবাৰে প্ৰাক্তন বিজেপি নেতা তথা প্ৰাক্তন ই এম মহেন্দ্ৰ কেম্প্ৰাই, প্ৰাক্তন জিলা বিজেপিৰ সম্পাদক হেমন লাংথাছাৰো যোগদান কংগ্ৰেছত। প্ৰাক্তন মন্ত্ৰী খৰছিং ইংতিয়ে উষ্ম আদৰণি জনায় আটাইকেইজনকে।

১৭.  অমৃতসৰত মঙলবাৰে শ শ কৃষকৰ প্ৰতিবাদ। বিভিন্ন দাবীৰে ৰেল অৱৰোধন কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে।

১৮.  চিনিচুকীয়াৰ পেঙেৰী–বৰডুমচা পথৰ পুলিবৰত দুৰ্ঘটনা। দ্ৰুতবেগী বাইক আৰু আন এখন বাহনৰ সংঘৰ্ষ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুই বাইক আৰোহী। ইয়াৰে মন নেওগ নামৰ আৰোহীজনৰ হাস্পতাললৈ নিয়াৰ পথত মৃত্যু হয়।

১৯.  দক্ষিণ কামৰূপৰ চাম্পুপাৰাত টাটা ডি আই গাড়ীয়ে মহতিয়ালে ৩জন পথচাৰীক। এই দুৰ্ঘটনাত ছামছুল হক নামৰ এজন থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন দুজন।

২০.  যোৰহাট নগৰৰ মাজমজিয়াৰ পৰা চুৰি হ'ল এখন ডাম্পাৰ। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সমীপত কে বি ৰোডৰ কাষত ৰখাই থোৱা অৱস্থাৰ পৰা চোৰে লৈ যায় AS 03BC 5112 নম্বৰৰ ডাম্পাৰখন।

২১. মঙলবাৰে সমাপ্ত হয় চলমানৰ অভিনীত ছবি ভাৰতৰ শ্বুটিং। ৫ জুনত মুক্তি পাব এই ছবিখনে।

২২. বিশ্বৰ ২০খন সৰ্বাধিক প্ৰদুষিত চহৰৰ ভিতৰত ভাৰতবৰ্ষতে আছে ১৫খন চহৰ। গ্ৰীণপিচ নামৰ এক সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।

২৩. দেশৰ নিৰ্বাচনী বিষয়া সুনীল অৰোৱাই মঙলবাৰে ইভিএমৰ সন্দৰ্ভত সংবাদমাধ্যমত ক'লে, 'ৰাজনৈতিক দল সমূহে হৰা জিকাক লৈ ইলেক্ট্ৰনিক ভোটিং সমূহক ফুটবলৰ দৰে ব্যৱহাৰ কৰে।

২৪. 'আপুনি দেশৰ জোৱানসকলৰ ত্যাগক আহিলা বনাই নিৰ্বাচনত জয়ী হ'ব নোৱাৰে। এজন জোৱানে দেশৰ বাবে প্ৰাণ আহুতি দিয়ে।'- প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে এই মন্তব্য মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।

২৫.  'এয়াৰ ষ্ট্ৰাইক পাকিস্তানত হৈছে। কিন্তু ইয়াৰ প্ৰভাৱ ভাৰতৰ একাংশৰ ওপৰতহে পৰিছে।'- মঙলবাৰে এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in