১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. ৰাজ্যত বুধবাৰে অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ঠায়ে ঠায়ে দেখা দিয়ে বিসংগতি। কোনো কোনো স্থানত ভোটগ্ৰহণত নিয়োজিত চৰকাৰী কৰ্মচাৰীক আবদ্ধ কৰে ৰাইজে।

২. আজাৰাত নিজৰ বিয়াৰ অভ্যৰ্থনা এৰি দৰাৰ সাজেৰে ভোট দিবলৈ আহিল এজন লোক। ভোটদানৰ বাবে অহা লোকজনৰ নাম কনক কলিতা।

৩. বিজেপিৰ এগৰাকী প্ৰাৰ্থীৰ পুত্ৰৰ বিৰুদ্ধে ৰেগিঙৰ অভিযোগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শোণিতপুৰৰ ঠেলামৰা ভোটকেন্দ্ৰত। ভোটকেন্দ্ৰত উপস্থিত দণ্ডাধীশকো আৱদ্ধ কৰি ৰাখে ৰাইজে। শূন্যলৈ গুলীচালনা কৰিহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে।

৪. 'তেজপুৰৰ লোকসভা সমষ্টিত বিজেপিৰ ঢৌ প্ৰশান্ত মহাসাগৰৰ দৰে আৰু ৮০ শতাংশ আসনেই বিজেপিয়ে দখল কৰিবলৈ সক্ষম হ'ব।' বুধবাৰে এই মন্তব্য কৰে তেজপুৰৰ সাংসদ ৰাম প্রসাদ শৰ্মাই।

৫. 'অসমৰ গ্ৰাম্য অৰ্থনীতি আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে বিশেষ ব্যৱস্থা হাতত লৈছে।' বুধবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

৬. বটদ্ৰৱাত অগপৰ ৰাইদঙীয়া আঞ্চলিকৰ প্ৰচাৰ সম্পাদক নিতুমনি বৰাক ৰডেৰে আক্ৰমণৰ অভিযোগ। অভিযোগৰ আঙুলি
বিজেপি দলৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী প্ৰাঞ্জল দাস। সংকটজনক অৱস্থাত নিতুমনি বৰাক প্ৰেৰণ কৰা হয় নগাওঁ চিকিৎসালয়ৈ।

৭. ব্যৱসায়ীক ধন দাবী 'বি এফ ডি এন এচ' নামৰ এটা অখ্যাত সংগঠনৰ। ব্যৱসায়ী কৈলাশ বড়োক ১০ লাখ টকা দাবী কৰি দাবী পত্ৰসহ এটা মোনাত এৰি গ'ল সন্দেহজনক বোমা।

৮. শোণিতপুৰৰ ৰঙাপাৰাত ট্ৰেক্টৰৰ খুন্দাত মৃত্যু হয় এজন লোকৰ। নিহত লোকজনৰ নাম ৰাম নিবাস গুপ্তা।

৯. ৰাজনীতিত প্ৰৱেশ কৰাৰ সন্দৰ্ভত অৱসৰ ঘোষণা কৰা গৌতম গম্ভীৰে কলে ' সুবিধা পালে দেশৰ সেৱা কৰিব বিচাৰিম।'

১০. 'বিজেপি জয়ী হলে তেলেংগানাৰ কৰীমনগৰ জিলাৰ নাম হব কৰিপুৰম' বুধবাৰে তেলেংগানাৰ এখন নিৰ্বাচনী সভাত আদিত্য নাথে কৰিলে এই মন্তব্য।

১১. 'প্ৰলোভনেৰে ৰাজনীতি কৰা ৰাজনৈতিক দল সমূহ দেশৰ গণতন্ত্ৰৰ বাবে বিপদজনক' উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে কৰিলে এই মন্তব্য।

১২. বেংগালুৰুস্থিত আই আই এছ চিৰ এয়াৰস্পেছ গৱেষণালয়ত বিস্ফোৰণ। এজন বৈজ্ঞানিক নিহত হোৱাৰ লগতে আহত ৩ ।

১৩. 'প্ৰধানমন্ত্ৰীৰ দেশৰ জোৱান সকলক লৈ নহয়, পুঁজিপতি সকলক লৈহে বেছি চিন্তা' বুধবাৰে এই মন্তব্য কৰিলে ৰাহুল গান্ধীয়ে।

১৪. ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয়ৰ অধ্যক্ষ অৰ্পনা বসুৰ বুধবাৰে ৮৭ বছৰ বয়সত দেহাৱসান ।

১৫. 'মোদীৰ নেহেৰুৰ কান্ধৰ সমান যোগ্যতা নাই' কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আনন্দ শৰ্মাই মোদীক এইদৰে কৰিলে কটাক্ষ ।

১৬. বুধবাৰে ৭.৫ প্ৰাৱল্যৰ ভূমিকম্পই জোকাঁৰি যায় নিউ কেলিডনিয়াক। হতাহত হোৱা নাই কোনো লোক ।

১৭. 'ভাৰতৰ বিৰুদ্ধে তালিবানক ব্যৱহাৰ কৰিছে পাকিস্তানে' বুধবাৰে এই মন্তব্য কৰিলে আমেৰিকাৰ এজন সেনা বিষয়াই।

১৮. কমেডিয়ান কপিল শৰ্মাই অচিৰেই আৰম্ভ কৰিব লগীয়া ৰিয়েলিটী শ্বৰ প্ৰথমজন অতিথি হব চলমান খান। কপিল শৰ্মাই কৰিলে এই ঘোষণা।

১৯. চণ্ডীগড় আৰক্ষীয়ে বুধবাৰে তালাচীত জব্দ কৰে ৯০ লাখ টকা পুৰণি নোট। এখন মাৰুতি কাৰৰ পৰা জব্দ কৰে অচল নোটখিনি।

২০. বলিউদৰ বিগ বাজেটৰ ছবি ২.০ বক্সঅফিচত চুপাৰ হিট। বুধবাৰে এই ছবিখনে উপাৰ্জন কৰে ১২২.৫০ কোটি। ৫ দিনত মুঠ উপাৰ্জন ৪৫১ কোটি।

২১. সেনাৰ 'অল আউট অপাৰেচন'ত ২০১৭ চনৰ মাৰ্চ মাহৰ পৰা বৰ্তমানৰ লৈকে মৃত্যু হৈছে ৫০০ জন সন্ত্ৰাসবাদী। সেনাই প্ৰকাশ কৰিলে এই তথ্য।

২২. য়াহুৰ চাৰ্জ ইঞ্জিনৰ এক সমীক্ষাৰ মতে বলিউদৰ আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী গৰাকী হল ছানী লিয়নী। তাৰ বিপৰীতে অভিনেতা চলমান খান জনপ্ৰিয়তাৰ শীৰ্ষত ।

২৩. চত্তীশগড়ত বুধবাৰে নক্সালবাদীয়ে হত্যা কৰে দুজন সৰ্হকৰ্মীক। চোৰাংচোৱাৰ সন্দেহত এই হত্যা কৰা হৈছে বুলি সন্দেহ আৰক্ষীৰ।

২৪. বিহাৰ উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তাক বুধবাৰে গুলীয়াই হত্যা কৰিলে দুৰ্বৃৰ্ত্তই।

২৫. বুধবাৰে চিমলাত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা। নিহত তিনিজন লোক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in