১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. উজনি নামনি সৰ্বত্ৰ এতিয়া বানৰ বিভীষিকা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে শিৱসাগৰতো ব্ৰহ্মপুত্ৰ আৰু দিচাঙৰ বাঢ়নী পানীয়ে বুৰাইছে বিভিন্ন অঞ্চল।

২. শিলাদিত্য দেৱৰ দল ত্যাগৰ ঘোষণা সন্দৰ্ভত বিজেপি বিধায়ক বিমল বৰাৰ প্ৰতিক্ৰিয়া। তেওঁ কয়- 'দলৰ ঊৰ্ধ্বত কোনো ব্যক্তি নহয়, যি ক'বলগীয়া আছে দলত কওক।'

৩. দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা পুনৰ নতুন লকডাউন। ১৯ জুলাইৰ সন্ধিয়ালৈ গুৱাহাটীত লকডাউন জাৰি। জৰুৰীকালীন সেৱাত থকা সকলৰ বাহন ওলাব পাৰিব ৰাজপথত।

৪. কৰোনা আক্ৰান্ত বহু কাৰাবন্দী এতিয়া চিকিত্‍সাধীন জিএমচিএইচত। হাস্পতালখনতত উপস্থিত হৈ নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা শীৰ্ষ আৰক্ষী বিষয়া। জিএমচিএইচৰ অধীক্ষকৰ সৈতে যুটীয়া আৰক্ষী আয়ুক্তৰ বৈঠক।

৫. নগাঁৱৰ কামপুৰত বানত প্ৰাণ হেৰুৱালে এজন লোকে। বৰপানী নৈৰ বাঢ়নী পানীত পৰি মৃত্যু লোকজনৰ। বিসেশ্বৰ বসুমতাৰী নামৰ লোকজনে হেৰুৱালে প্ৰাণ।

৬.  গুজৰাটত যোৱা ২৪ ঘন্টাত ৮৭৯জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি। ৰাজ্যখনত ৪১,৯০৬জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

৭. যোৱা ২৪ ঘন্টাত কৰ্ণাটকত ২৬২৭জন লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। এই সময়চোৱাত ৰাজ্যখনত কোভিড-১৯ত আক্ৰান্ত ৭১জন লোকে হেৰুৱাই প্ৰাণ।

৮. চুবুৰীয়া ৰাজ্যত মণিপুৰত যোৱা ২৪ ঘন্টাত ১৬জনৰ দেহত ধৰা পৰে কোৰোনা। ৰাজ্যখনত ৭১৩জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

৯. ঝাৰখণ্ডৰ ৰাঞ্চীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৫জন অপৰাধীক। ৰাঞ্চীৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিছিল অপৰাধী কেইটাই।

১০. মুম্বাই মহানগৰীত দেওবাৰে পুনৰ ১২৬৩জন লোক আক্ৰান্ত হয় কোৰোনা ভাইৰাছত। মহানগৰীখনত ৯২,৭২০জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১১. পশ্চিমবংগত যোৱা ২৪ ঘন্টাত ১৫৬০জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত হোৱা ২৬জন লোকে হেৰুৱাই প্ৰাণ।

১২. ওড়িশ্যাত দুজন মাওবাদীয়ে আৰক্ষীৰ আগত কৰে আত্মসমৰ্পণ। মালকানগিৰিৰ এছ পি ঋষিকেশ খিল্লাৰীৰ আগত আত্মসমৰ্পণ কৰে মাওবাদী কেইটাই।

১৩. মহাৰাষ্ট্ৰত দেশৰ ভিতৰতে সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত নতুনকৈ ৭৮২৭জন লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ১৭৩জন।

১৪. পঞ্জাৱৰ লুধিয়ানাত গ্ৰেপ্তাৰ কৰা হৈছে দুটা ড্ৰাগছ সৰবৰাহকাৰীক।লগতে প্ৰায় ৩ কোটি টকা মূল্যৰ ড্ৰাগছ আৰক্ষীয়ে কৰে জব্দ।

১৫. কোৰোনা সংকটৰ মাজতে অসমৰ বিভিন্ন প্ৰান্তত কালৰূপ ধাৰণ কৰিছে বানে। দেওবাৰে চিৰাঙৰ বান বিধ্বস্ত অঞ্চল পৰিবেশন কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই।

১৬. তামিলনাডুত ১,৩৮,৪৭০জনলৈ বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত দেওবাৰে নতুনকৈ ৪২৪৪জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

১৭. মধ্যপ্ৰদেশৰ ভুপালত দেওবাৰে ধাৰাসাৰ বৃষ্টিপাত। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই অহা ১৬ জুলাইলৈকে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বৃষ্টিপাত আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা পূ্বেই ব্যক্ত কৰিছিল।

১৮. অভিনেতা অমিতাভ বচ্চন আৰু তেওঁৰ পুত্ৰ অভিষেক বচ্চনৰ সুস্বাস্থ্য আৰু শীঘ্ৰে আৰোগ্য হোৱাৰ কামনা কৰিছো।- নেপালৰ প্ৰধানমন্ত্ৰী  কে পি শৰ্মা অলী।

১৯. অন্ধ্ৰপ্ৰদেশত যোৱা ২৪ ঘন্টাত ১৯৩৩জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি। ৰাজ্যখনত ২৯,১৬৮জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২০. পুডুচেৰীত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১৪১৮জনলৈ বৃদ্ধি।ইয়াৰে ৬৬১জন লো চিকিৎসাধীন হৈ আছে আৰু মৃত্যু হৈছে ১৮ জন লোকৰ।

২১. দিল্লীৰ নিজামু্দ্দিন ৰে'লৱে য়াৰ্ডত সংঘটিত অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই। এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই।

২২. বলীউড অভিনেতা অনুপম খেৰৰ লগতে কোভিড-১৯ত আক্ৰান্ত তেওঁৰ মাতৃ আৰু ভাতৃ। মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি  কৰা হৈছে তেওঁলোকক।

২৩. কৰ্ণাটকত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড-১৯ৰ সংক্ৰমণ। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ হুবলিত সম্পূৰ্ণ লকডাউন জাৰি।

২৪. জুৰোডৰ আকাশী পথৰ এটা বাসগৃহত দুৰ্বৃত্তই  অগ্নিসংযোগ কৰে। কথমপি প্রাণ ৰক্ষা ঘৰটোত থকা পৰিয়ালৰ। দুৰ্বৃত্তই অগ্নি সংযোগ কৰিবলৈ অহা দৃশ্য বন্দী হয় চিচিটিভি কেমেৰাত।

২৫. ছিকিমত ধাৰাসাৰ বৃষ্টিপাত। বৃষ্টিপাতৰ ফলত খহি পৰে এটা ৪ মহলীয়া অট্টালিকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in