১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. জিএমচিএইচৰ প্ৰেক্ষাগৃহত প্রশাসন আৰু নাগৰিক সমাজৰ গুৰুত্বপূৰ্ণ বৈঠক। গুৱাহাটী মহানগৰীত লকডাউন বৃদ্ধি কৰাৰ সন্দৰ্ভত পৰ্যালোচনা। শনিবাৰে কৰা হ'ব এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা।

২. আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ মুখ্য আহ্বায়ক অৰূপ বৰবৰাই এক প্ৰেছ বিজ্ঞপ্তিযোগে শুকুৰবাৰে কাৰাবন্দী অখিল গগৈ আৰু তেওঁৰ সতীৰ্থ সকলৰ তৎকালীন মুক্তিৰ দাবী জনায়।

৩. দৰঙত পুনৰ ১৮ জনৰ দেহত ধৰা পৰিল কোভিড-১৯ৰ উপস্থিতি। জিলাখনত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৮২ জনলৈ বৃদ্ধি পাইছে।

৪. আলফাৰ কেন্দ্ৰীয় সহকাৰী সাংগঠনিক সম্পাদক খগেন বৰা ওৰফে সাগৰ তপ্নৰ আত্মসমৰ্পণ। আত্ম সমৰ্পন কৰাৰ মুহূৰ্তত খগেন বৰাই আঠ জাই গুলি আৰু এটা পিষ্টল জমা দিয়ে বিশ্বনাথ জিলা আৰক্ষী অধিক্ষক ৰাজেন সিঙৰ হাতত।

৫. কোৰোনাত আক্ৰান্ত হৈছে এনডিএফবিৰ মুৰব্বী ৰঞ্জন দৈমাৰী। কেন্দ্ৰীয় কাৰাগাৰতে কোভিড-১৯ত আক্ৰান্ত হয় দৈমাৰী। ইতিমধ্যে ভৰ্তি কৰা হৈছে এমএমচিএইচত।

৬. বৰপেটাৰ কলগাছিয়াত ভয়ংকৰ অগ্নিকাণ্ড। এটা ব্যৱসায়িক প্ৰতিষ্ঠানত পুৱতি নিশা সংঘটিত হয় এই অগ্নিকাণ্ড। জুই বিয়পি ভস্মীভূত হয় কাষতে থকা দুটা পৰিয়ালৰ বাসগৃহ।

৭. উত্তৰপ্ৰদেশত যোৱা ২৪ ঘন্টাত ১৩৪৭জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত হৈ ২৭জন লোকে হেৰুৱাই প্ৰাণ।

৮. গুজৰাটত ৪০,১৫৫জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত নতুনকৈ ৮৭৫জন লোক আক্ৰান্ত হয় এই ভাইৰাছত।

৯.  জম্মু-কাশ্মীৰৰ নৌশ্বেৰাত পুনৰ পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন। ভাৰতীয় সেনা বাহিনীয়েও দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।

১০.  কেৰালাৰ থিৰুবানন্থপুমাত এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে এই কথা।

১১.  উত্তৰাখণ্ডত শুকুৰবাৰে ৬৮জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ৩৩৭৩জনলৈ বৃদ্ধি এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১২. শুকুৰবাৰে তামিলনাডুত কোভিড-১৯ত আক্ৰান্ত হৈছে ৩৬৮০জন লোক।দিনটোত ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৬৪জনৰ।

১৩. পঞ্জাৱত দ্বাদশ শ্ৰেণীৰ স্থগিত হৈ থকা পৰীক্ষাসমূহ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ। পঞ্জাৱ স্কুল এডুকেশ্যন বৰ্ডে শুকুৰবাৰে ঘোষণা কৰা এই কথা।

১৪. ছণ্ডীগড়ত যোৱা ২৪ ঘন্টাত পুনৰ ১৩জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ৫৩৬জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৫. পশ্চিমবংগত ৫জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা বিএছএফ জোৱানে। বাংলাদেশলৈ গৰু সৰবৰাহ কৰাৰ সময়তে গ্ৰেপ্তাৰ কৰে লোক কেইজনক।

১৬. যোৱা ২৪ ঘন্টাত ৭৩জন বিএছএফ জোৱান আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। এই সময়চোৱাত কোভিড-১৯ত আক্ৰান্ত ১৪জন জোৱান সুস্থ হৈছে।

১৭. দিল্লীত শুল্ক বিভাগে নিউ দিল্লী ৰেল ষ্টেচনত জব্দ কৰে ১০০ কাৰ্টন চিগাৰেট। জব্দ কৰা এই চিগাৰেটখিনিৰ মূল্য প্ৰায়  ১.২ কোটি টকা।

১৮. গুজৰাটৰ কুটচত ধাৰাসাৰ বৃষ্টিপাত। বৃষ্টিপাতৰ ফলত এলেকাটোৰ বিভিন্ন প্ৰান্তত সৃষ্টি হয় কৃত্ৰিম বানৰ।

১৯. মহাৰাষ্ট্ৰত যোৱা ২৪ ঘন্টাত ৰাজ্যখনৰ ২২২জন আৰক্ষী বিষয়া-কৰ্মচাৰীৰ দেহত ধৰা পৰে কোভিড-১৯। এই সময়চোৱাত ৰাজ্যখনত ৩জন আৰক্ষীৰ লোকে হেৰুৱাই প্ৰাণ।

২০. বিহাৰত শুকুৰবাৰে নতুনকৈ ৩৫২জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ১৪,৩৩০ জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২১. অন্ধ্ৰপ্ৰদেশৰ বিশ্বাখাপট্টনমত লাইনচ্যুৎ হৈ পৰে এখন মালবাহী ৰেল। এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই।

২২. চুবুৰীয়া ৰাজ্য নগালেণ্ডত আৰু ৩৬জনৰ দেহত শুকুৰবাৰে ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ৭৩২জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২৩.অন্ধ্ৰপ্ৰদেশত যোৱা ২৪ ঘন্টাত ১৬০৮জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত হৈ ১৫জনে হেৰুৱাই প্ৰাণ।

২৪. ১৪ আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা জ'ন আব্ৰাহামে।

২৫. অসমত শুকুৰবাৰে দিনটোত কোৰোনাত আক্ৰান্ত ৭০১ জন লোক সুস্থ হৈ ঘৰলৈ উভতে। ৰাজ্যত বৰ্তমানলৈ ৯৮৪৮জনলৈ বৃদ্ধি পাইছে সুস্থ হৈ উঠা লোকৰ সংখ্যা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in