শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

১ মিনিটত ২৫ খবৰ…

334

১. আকৌ নদীবান্ধৰ বিৰুদ্ধে উত্তাল হৈছে উত্তৰপাৰ। NHPCৰ সামগ্ৰী কঢ়িয়াই নিয়া ট্ৰাক আবদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে বিভিন্ন দল-সংগঠনে। নাৰায়ণপুৰ, গোগামুখ, ধেমাজিত চলিল প্ৰতিবাদ।

২. ৰাজ্যত অবাধে চলি আছে বনজ সম্পদৰ লুণ্ঠন। গৌৰীপুৰৰ গদাধৰ নৈত জব্দ হ’ল বৃহৎ পৰিমাণৰ কাঠ।

৩. কৰোনাত আক্ৰান্ত হৈ জিএমচিএইচত আৰু এজনৰ মৃত্যু। কলিয়াবৰৰ ধৰম মূঢ়াৰ মৃত্যু চিকিৎসাধীন অৱস্থাত।

৪. স্থিতি স্পষ্ট কৰিলে কংগ্ৰেছ নেত্ৰী অজন্তা নেওগে। বিজেপিত কোনো কাৰণতে যোগদান নকৰে প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগে।    

৫. কলাইগাঁৱত নাৰকীয় ঘটনা। শিক্ষয়িত্ৰীক ধৰ্ষণ কৰি হত্যা কৰা হয়। এচিড ঢালি মৃতদেহ নষ্ট কৰাৰ চেষ্টা নৰাধমৰ।

৬. লোকসংগীত শিল্পী প্ৰভাত শৰ্মাৰ আজি ওপজা দিন। ৮৬টা বসন্ত অতিক্ৰম কৰিলে প্ৰবীণ শিল্পীগৰাকীয়ে।

৭. মাজুলীৰ গড়মূৰ তিনিআলিত বিধ্বংসী অগ্নিকাণ্ড। জাহ গ’ল তিনিটাকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।  এখন বলেৰ’, বাইকো ভস্মীভূত হয় জুইত।

৮. লামডিঙত হৰুলংফাৰত ভয়ানক অগ্নিকাণ্ড। দেশবন্ধু পল্লীত জুইত জাহ গ’ল এটা পৰিয়ালৰ বাসগৃহ। পাকঘৰত ভাত ৰান্ধি থাকোতেই ৰন্ধন গেছৰ পৰা জুইৰ সূত্ৰপাত।

৯. অসমত এদিনতে কোৰোনাত আক্ৰান্ত হোৱা ২জন লোকৰ মৃত্যু। নিশা মৃত্যু হোৱা মহিলাগৰাকীৰ নাম দেৱী কাকতি। বশিষ্ঠৰ বেছ হাস্পতালত চিকিৎসাধীন হৈ আছিল তেওঁ।

১০. গুৱাহাটীৰ অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ ১৬জন কোভিড-১৯ত আক্ৰান্ত। চানমাৰি অগ্নি নিৰ্বাপক বাহিনী কাৰ্যালয়ৰ কৰ্মচাৰী আটাইকেইজন।

১১. পশ্চিমবংগৰ দৰবাৰডাংগা ঘাটত ধাৰাসাৰ বৃষ্টিপাতৰ ফলত খহি গ’ল এখন দলং। ফলত ভীষণ হাৰাশাস্তিৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ।

১২. ঝাৰখণ্ডত ৩০১৮জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত মঙলবাৰে নতুনকৈ ১৪১জনৰ দেহত ধৰা পৰে এই ভাইৰাছ।

১৩. তেলেংগানাত মঙলবাৰে ১৮৭৯জনৰ দেহত ধৰা পৰে কোভি়ড-১৯ৰ উপস্থিতি। দিনটোত ৰাজ্যখনত ৭জন ৰোগীয়ে হেৰুৱাই প্ৰাণ।

১৪. জম্মু-কাশ্মীৰত নতুনকৈ ২৫৬জনৰ দেহত ধৰা পৰে কোভিড-১৯। ইয়াৰে ৭৪জন জম্মু আৰু ১৮২জন কাশ্মীৰ ডিভিজনৰ।

১৫. যোৱা ২৪ ঘন্টাত পশ্চিমবংগত ৮৫০জনৰ দেহত ধৰা পৰে কোভিড-১৯। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ২৫জন ৰোগীৰ মৃত্যু হয়।

১৬. গোৱাত ১৯০৩জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। মঙলবাৰে ৰাজ্যখনত নতুনকৈ ৯০জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

১৭. কৰ্ণাটকত যোৱা ২৪ ঘন্টাত ১৪৯৮জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ২৬,৮১৫জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৮. গুজৰাটত ৩৭,৬৩৬জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত নতুনকৈ ৭৭৮জন লোক আক্ৰান্ত হৈছে কোভিড-১৯ত।

১৯. মধ্যপ্ৰদেশত মঙলবাৰে ৩৪৩জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি। ৰাজ্যখনত আজিৰ  দিনটোত কোভিড-১৯ত আক্ৰান্ত ৫জন ৰোগীয়ে হেৰুৱাই প্ৰাণ।

২০. ১৪আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত অভিনয় কৰিছে অভিনেতা জ’ন আব্ৰাহামে।

২১. উত্তৰাখণ্ডত ৩২৩০জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত মঙবাৰে ৬৯জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

২২. চুবুৰীয়া ৰাজ্য মণিপুৰ যোৱা ২৪ ঘন্টাত ৪০জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ৬৫৯জনলৈ বৃদ্ধি এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২৩. দেশৰ ভিতৰত সৰ্বাধিক লোক কোৰোনাত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। ৰাজ্যখনত ২,১৭,১২১জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰা্ন্ত লোক সংখ্যা।

২৪. ত্ৰিপুৰাত কোবিড-১৯ পৰীক্ষা কৰা ১৩৭৮জনৰ ভিতৰত ২৪ জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলবাৰে সদৰী কৰে এই কথা।

২৫.  ৰাজস্থানৰ বিভিন্ন প্ৰান্তত কাকতি ফৰিঙে নষ্ট কৰিছে শস্য পথাৰ। কাকতি ফৰিং খেদাৰ বাবে ড্ৰ’নযোগে ৰাজ্যখনৰ বাৰ্মাৰত চটিওৱা হয় কীটনাশক।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি