১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. গুৱাহাটী লকডাউনৰ আজি তৃতীয় দিন। প্ৰতিদিনে গুৱাহাটীত অতি ভয়ংকৰভাৱে বাঢ়িব ধৰিছে COVID19ত আক্ৰান্ত ৰোগী।

২. প্ৰিয়ংকা গান্ধীক চৰকাৰী আৱাসগৃহ খালী কৰিবলৈ নিৰ্দেশ। চৰকাৰে প্ৰদান কৰিছে এমাহৰ সময়সীমা।

৩. কোৰোনাৰ সন্ত্ৰাস দিল্লী। বুধবাৰে এগৰাকী হেড কনিষ্ঠবলে হেৰুৱালে প্ৰাণ।

৪. কোৰোনাৰ সন্ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত জাৰি কৰা হৈছে ১৪৪। বুধবাৰৰ পৰা জাৰি কৰা হৈছে এই ধাৰা।

৫. নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মাৰ স্বাস্থ্যৰ অৱনতি। বুধবাৰে সন্ধিয়া বুকুৰ বিষত আক্ৰান্ত হৈছে প্ৰধানমন্ত্ৰীগৰাকী।

৬. ভাৰতৰ কোনো পথ নিৰ্মাণত জড়িত হ'ব নোৱাৰিব চীনা কোম্পানী। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

৭. তামিলনাডুৰ পাৱাৰ প্লান্টৰ বিস্ফোৰণ। ৬গৰাকী নিহত হোৱাৰ লগতে আহত ১৭গৰাকী।

৮. পশ্চিম বংগ চৰকাৰৰ বিশেষ সিদ্ধান্ত। নতুনকৈ প্ৰযোজ্য কৰা লকডাউনৰ সময়ত বিয়া আৰু শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিব পাৰিব ৫০গৰাকী ব্যক্তি।

৯. কাজিৰঙা ৰাষ্ট্রীয় অৰ্কিড উদ্যানত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হ'ল নভূঁই উৎসৱ। পোন প্রথমবাৰৰ বাবে কৃষক নেতা অখিল গগৈৰ অনুপস্থিতিত উদযাপন কৰা হৈছে এই উৎসৱ।

১০. ৯০হাজাৰৰ কাষ চাপিল দিল্লীত কোৰোনা আক্ৰান্তৰ সংখ্যা। বুধবাৰৰ দিনটোত আক্ৰান্ত হল ২৪৪২গৰাকী লোক।

১১. পতঞ্জলিৰ কোৰোনিলত নাই কোনো প্ৰতিবন্ধকতা। সমগ্ৰ দেশে লাভ কৰিব এই কিট। বাবা ৰামদেৱে বুধবাৰৰ সংবাদমেলত কৰিলে এই ঘোষণা।

১২. কোৰোনা ভাইৰাছৰ শুংসূত্ৰ বিচাৰি চীনলৈ যাব বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিনিধি। বুধবাৰে কৰা হ'ল এই ঘোষণা।

১৩. ইৰানৰ তেহৰানত এটা মেডিকেল ক্লিনিকত বিস্ফোৰণ। নিহত ১৯গৰাকীকৈ লোক।

১৪. সীমান্তৰ অশান্তিজৰ্জৰ পৰিৱেশৰ মাজতে শুকুৰবাৰে লাডাখলৈ যাব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। লগত যাব সেনা প্ৰধান।

১৫. হাৰিয়ানাত ২৭ জুলাইত খুলিব স্কুল। ৩১জুলাইলৈকে বন্ধ থাকিব সকলো কলেজ।

১৬. দিল্লীত কোৰোনাকেন্দ্ৰিক পৰিস্থিতি কিছু উন্নত হৈছে। সহায় কৰা সকলোলৈ আমাৰ কৃতজ্ঞতা। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কৰিলে এই মন্তব্য।

১৭. কোৰোনা ভাইৰাছৰ সৈতে যুজিঁ আছে বিশ্বৰ ১৮০খনৰো অধিক দেশ। মৃত্যুৰ সংখ্যা ৫লাখৰো অধিক।

১৮. বিজেপিৰ আন এজন বিধায়ক ক'ভিড পজিটিভ। বিধায়ক নাৰায়ণ ডেকা ক'ভিড পজিটিভ। স্বাব টেষ্টত ধৰা পৰিছে ডেকাৰ কৰোনা সংক্ৰমণ।

১৯. চীনৰ ছ'চিয়েল মিডিয়া চাইট Weibo এৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। Weiboৰ একাউন্টত ২৪৪,০০০ফলৱাৰ্ছ আছিল মোডীৰ।

২০. বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ত ওলাল কোৰোনা আক্ৰান্ত। চতুৰ্থবৰ্গৰ কৰ্মচাৰী তপন কুমাৰ সাহা কৰোনাত আক্ৰান্ত।

২১. কৰোনাৰ এই ভয়াৱহ দিনতো অসমত চলিয়েই আছে অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা। গোসাঁইগাঁৱত মঙলবাৰে নিশা অৰুণাচলী বীয়েৰ ভৰ্তি এখন ট্ৰাক জব্দ কৰে আৰক্ষীয়ে। সাপটদলঙত ৩ সৰবৰাহকাৰী সহ জব্দ প্ৰায় ৩০ লাখ টকাৰ বীয়েৰ।

২২. নেৰানেপেৰা বৰষুণৰ বাবেই বুধবাৰে কৃত্ৰিম বানত বুৰ গ'ল বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ। না না সমস্যাৰ সন্মুখীন বিমান কৰ্মচাৰীৰ।

২৩. এতিয়াৰে পৰা ৱেব ছাইটত পোৱা যাব স্বাৱ টেষ্টৰ ৰিপ'ৰ্ট। covidassam.in ৱেব ছাইটত SRF নম্বৰ দিলে পাব ৰিপ'ৰ্ট। ৩.৪২ লাখ পৰীক্ষাৰ ৰিপ'ৰ্ট আপলোড কৰা হৈছে ৱেব ছাইটত। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

২৪. গুৱাহাটীত কৰোনা চিকিত্‍সাৰ বাবে প্লাজমা বেংক স্থাপন। প্লাজমা ছেপাৰেটৰ ইনষ্টল কৰা হৈছে GMCHত।

২৫. পল্টন বজাৰৰ সেনাৰ ট্ৰেনজিট কেম্পত কোৰোনাৰ ভয়ংকৰ সংক্ৰমণ। একেদিনাই(বুধবাৰে) ৫২জন সেনা জোৱানৰ শৰীৰত ধৰা পৰিল কোৰোনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in