১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি অব্যাহত আছে প্ৰতিবাদ। মঙলবাৰেও কেবাটাও সংগঠনে কাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।

২. বোকাজান মহকুমাৰ খটখটী খানৰ অন্তৰ্গত লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড। পাৰ্কিং এৰিয়াত মণিপুৰলৈ যাবলৈ ৰখাই থোৱা তেল ভৰ্তি টেংকাৰত অগ্নিৰ সূত্ৰপাত।

৩. বোকাজান আৰক্ষীয়ে কাৰ্বি আংলং জিলাৰ নিজৰাপাৰৰ পৰা অভিযান চলাই ১০ কেজি গাঞ্জাসহ এগৰাকী মহিলাক আটক কৰে৷ মহিলাগৰাকীৰ নাম লামহই পেইটে৷

৪. গুৱাহাটীৰ ছয়মাইলত ডকাইতি। ছয়মাইলৰ সূৰুজ নগৰত ৰাজপথত বাইকত অহা দুই যুৱকে টানি লৈ যায় টকা ভৰ্তি বেগ। বেগত আছিল ডেৰ লক্ষাধিক টকা।

৫. সোণাপুৰৰ বাৰোৱাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা গছত খুন্দা হুণ্ডাই বাহনৰ৷ থিতাতে নিহত এগৰাকী মহিলা৷

৬. বুধবাৰৰ পৰা আৰম্ভ হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশন। উদুলি মুদুলি গোলাঘাট মুহুৰামুখৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰ।

৭. ৰাজধানী এক্সপ্ৰেছ ৰে'লৰ পৰা ৩ ৰে'ল আৰক্ষী উধাও হৈছিল এজন লোকৰ পৰা ১ কিলোঁ ১০ গ্ৰাম সোণ লুটি। তদন্ত কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ASI শ্ৰৱণ কুমাৰ ঝাক।

৮. আপৰ বিৰুদ্ধে বিজেপিৰ হৈ দিল্লীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ। বিজেপিৰ অসম প্ৰদেশ সভাপতি ৰঞ্জিত দাসেও মঙলবাৰে দিল্লীত চলালে প্ৰচাৰ।

৯. ৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰলৈ আহিব প্ৰধানমন্ত্ৰী মোডী। মঙলবাৰে দ্বিতীয়বাৰৰ বাবে স্থান পৰিদৰ্শন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

১০. 'এইখন সাধাৰণ ফটো নহয়। কপিল গুজ্জৰে আপত যোগদান কৰিলে আৰু সঞ্জয় সিঙে আদৰণি জনালে। যুৱ প্ৰজন্মৰ অপব্যৱহাৰ যে আপে কৰে এয়াই প্ৰমাণ।'- মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰৰ।

১১. ১৯ অনুৰ্ধৰ ক্ৰিকেট বিশ্বকাপৰ মঙলবাৰৰ ছেমিফাইনেলত জয়ী ভাৰত। মেচখনত ভাৰতৰ হাতত পৰাস্ত হয় পাকিস্তান।

১২. ১৯ অনুৰ্ধৰ ক্ৰিকেট বিশ্বকাপৰ ছেমিফাইনেলত 'মেন অৱ দ্য মেচ' খিতাপ দিয়া হয় ৱাই জেশ্বালক। খেলুৱৈগৰাকীৰ অভিভাৱকে ইয়াক লৈ বহু সুখী বুলি মন্তব্য কৰে।

১৩. 'ৰাইজে দেখিছে কেনেকৈ কিছুমান মানুহে আমাৰ ওপৰত মিছা অভিযোগ উত্থাপন কৰিছে। এইবোৰ দেখিলে হৃদয়ত বহুত দুখ পায়।'- এই মন্তব্য মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালৰ।

১৪. 'কেজৰিৱালজীয়ে ঘোষণা কৰিছে যে বিজেপিৰ মুখ্যমন্ত্ৰী পাৰ্থীৰ সৈতে তেওঁ ডিবেট কৰিবলৈ সাজু।'- এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ।

১৫. জম্মু-কাশ্মীৰৰ মাগামত এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। প্ৰায় ৯ কেজি ওজনৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীটোক।

১৬. দিল্লীৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে সকলো ৰাজনৈতিক দল। মঙলবাৰে দিল্লীত এক নিৰ্বাচনী ৰেলীত উপস্থিত থাকে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰা।

১৭. মহাৰাষ্ট্ৰৰ তাৰাপুৰত বিধ্বংসী অগ্নিকাণ্ড। এলেকাটোৰ এটা কেমিকেল ফেক্টৰীত সংঘটিত হয় এই অগ্নিকাণ্ড।

১৮. জ্যেষ্ঠ কংগ্ৰেছ নেতা জনাৰ্দন দিবেডীৰ পুত্ৰ সমীৰ দিবেডীৰ বিজেপিত যোগদান। এই সন্দৰ্ভত তেওঁ কয়- 'এয়া মোৰ পুত্ৰৰ সিদ্ধান্ত।'

১৯. ৮ ফেব্ৰুৱাৰীত দিল্লীৰ বিধানসভা নিৰ্বাচন। ৰাজ্যখনৰ মতিনগৰত ৰোড শ্ব'ত অংশ লয় গৃহমন্ত্ৰী অমিত শ্বাহে।

২০. দিল্লীত নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে সমদল বাহিৰ। জামিয়া এলেকাত এই সমদল বাহিৰ কৰা হয়।

২১. দিল্লীৰ কাৰোলবাগত কেন্দ্ৰীয় মন্দ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বাহিৰ কৰা সমদল। এই সমদলত উপস্থিত থাকে বিজেপি নেতা বৈজয়ন্তী পাণ্ডে।

২২. 'বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক নিবনুৱা সমস্যা সমাধানৰ সন্দৰ্ভত প্ৰশ্ন কৰাত কোনো উত্তৰ নিদিলে।'- এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ।

২৩. '১১ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব। তাৰপাছত শ্বাহীনবাগৰ পৰা প্ৰতিবাদকাৰীক আঁতৰোৱা হ'ব।'- এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ।

২৪. ১৪ ফেব্ৰুৱাৰীত মুক্তি পাব নতুন হিন্দী ছবি 'লাভ আজ-কল ২০২০'। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কাৰ্তিক আৰিয়ান আৰু ছাৰা আলী খানে।

২৫. ছত্তীশগড়ত নিয়ন্ত্ৰণহীন হৈ বাগৰিল এখন ট্ৰাক। দুৰ্ঘটনাত আহত হয় দুজন লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in