১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. দিল্লীৰ যমুনা নদীৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড। চলন্ত অৱস্থাতেই এখন গাড়ীত অগ্নিকাণ্ড। নিহত ৩জনকৈ লোক।

২. জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদী বিৰোধী অভিযান অব্যাহত। পুলৱামাৰ ট্ৰাল অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত গুলীবৰ্ষণ।

৩. 'একাংশই ভাৰতীয় বায়ু সেনাৰ এয়াৰ ষ্ট্ৰাইকক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আমাৰ সেনাই তাত সন্ত্ৰাসবাদী মাৰিবলৈ গৈছিল, মৃতদেহ গণিবলৈ নহয়।'- দেওবাৰে এই মন্তব্য বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ।

৪. দেওবাৰে গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য- 'সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলোৱাত আমাক আকাশ, পাতাল কোনেও বাধা দিব নোৱাৰে।'

৫. '১৯৮০-৯০চনৰ পৰা আমি আন্দোলন কৰি আহিছো।যেতিয়ালৈকে ৰাম মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ নহয় আমি আন্দোলন অব্যাহত ৰাখিম।'- আৰ এছ এছ সাধাৰণ সম্পাদক ভাইয়াজী জোশীৰ ৰাম মন্দিৰ সন্দৰ্ভত মন্তব্য।

৬. হোজাই লংকাৰ পিপলপুখুৰীত অচিনাক্ত বাহনে মহতিয়াই নিলে এজন লোকক। দুৰ্ঘটনাটোত থিতাতে নিহত লোকজনৰ নাম বাচাধন সিং। দুৰ্ঘটনা সংঘটিত কৰি গাড়ীসহ চালকৰ পলায়ন।

৭. আন্তঃৰাষ্ট্ৰীয় বক্সিঙত উজলিছে অসমৰ অলিম্পিয়ান বক্সাৰ শিৱ থাপা। অৰ্জুন বঁটা বিজয়ী শিৱ থাপাই ফিনলেণ্ডৰ হেলছিংকিত অনুষ্ঠিত ৩৮সংখ্যক জিডি আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰে।

৮. ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ মন্তব্য- 'তৃণমূল কৰ্মীয়ে কেতিয়াও মিত্ৰতা নিবিচাৰে, কিন্তু মিত্ৰতা নহ'লেও বিজেপিয়ে অসমত ৯ৰ পৰা ১১খন আসন লাভ কৰিব।'

৯. ৰূপহীহাট আৰক্ষীৰ অভিযানত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আটক। অভিযানত আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম আবু ছৈয়দ।

১০. 'কংগ্ৰেছে ১০খনৰো অধিক আসন পাব। গৌৰৱ গগৈ আৰু সুস্মিতা দেৱৰ টিকট নিশ্চিত আৰু পূৰ্বৰ সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব দুয়োৱে।'

১১. সোণাৰিৰ ভজোত দিচাং নৈৰ দলঙৰ পাৰত এটি নৱজাতক উদ্ধাৰ। প্ৰায় তিনিমহীয়া নৱজাতকটি উদ্ধাৰ কৰে ৰাইজে। আৰক্ষীয়ে চিকিত্‍সালয়লৈ প্ৰেৰণ কৰে শিশুটিক।

১২. ডিব্ৰুগড় চহৰৰ মাজমজিয়াত থকা নিউ মাৰ্কেটত ভয়ংকৰ অগ্নিকাণ্ড। বিধ্বংসী জুইত ভস্মীভূত হ'ল অবৈধভাৱে ফটকা মজুত ৰখা কেইবাখনো দোকান

১৩. টীয়কৰ হাঁহচৰাত উদ্ধাৰ মৃত নাহৰফুটুকী। কোঁৱৰ গাঁৱৰ বেংতলী হাবিত উদ্ধাৰ নাহৰফুটুকীটো। বাঘটোৰ দেহত আঘাতৰ চিন স্পষ্ট।

১৪. দেওবাৰে মুকেশ আম্বানীৰ পুত্ৰ আকাশ আম্বানী আৰু পত্নী শ্লোকা মেহতাৰ বিবাহৰ পাছৰ এক অনুষ্ঠানত উপস্থিত বিভিন্ন বিশিষ্ট ব্যক্তি। শনিবাৰে দুয়ো আৱদ্ধ হৈছিল বিবাহপাশত।

১৫. লণ্ডনত বন্ধ কৰা হৈছে নীৰৱ মোডীৰ এখন বিপনী। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সদৰি কৰিছে এই তথ্য।

১৬. জম্মু-কাশ্মীৰৰ ট্ৰালত নিৰাপত্তীৰে সংঘৰ্ষত নিহত ৩ সন্ত্ৰাসবাদী। পুৱাৰে পৰাই চলিছিল এই সংঘৰ্ষ।

১৭. কলম্বিয়াত বিমান দুৰ্ঘটনাগ্ৰস্ত। ১২ লোকৰ মৃত্যু।

১৮. ১২ মাৰ্চত ৰাহুল গান্ধীৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিব হাৰ্দিক পেটেলে। টুইট যোগে জনালে এই কথা।

১৯. 'ভোটদানৰ সময়ত ইভিএমৰ ওপৰত থাকিব লাগিব তীক্ষ্ণ নজৰ।' শৰদ পাৱাৰে এন চি পিৰ কাৰ্যকৰ্তাসকলক দিলে এই নিৰ্দেশ।

২০. '২০১৯ত বিজেপিৰ হিচাপ নিকাচ জনতাই কৰিব।' -অখিলেষ যাদৱে সংবাদ মাধ্যমৰ আগত কৰিলে এই মন্তব্য।

২১. ইথিওপিয়াত বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱা ৪ ভাৰতীয়ৰ পৰিয়াললৈ বিদেশ মন্ত্ৰী সুষমা স্বৰাজে জনালে সমবেদনা। দেওবাৰে ইথিওপিয়াত এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ঘটিছিল ১৫৭ জন লোকৰ।

২২. জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ এল অ চিৰ সমীপত এজন লোকৰ পৰা ১০ লাখ টকাৰ নকল নোট আৰু হিৰোইন জব্দ কৰে নিৰাপত্তাৰক্ষীয়ে। লোকজন জম্মু-কাশ্মীৰৰ স্থানীয় বাসিন্দা বুলি সদৰি কৰিছে আৰক্ষীয়ে।

২৩.  'প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হোৱাৰ মহত্ আকাংক্ষা মোৰ নাই।'- এই মন্তব্য কৰিলে বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে।

২৪. চলিত বৰ্ষৰ ১৩ চেপ্তেম্বৰত মুক্তি পাব হিন্দী ছবি ড্ৰীম গাৰ্ল। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা আয়ুষ্মান খুৰানাই।

২৫. 'আলোচনাৰ জৰিয়তেহে সমাধান হ'ব অযোধ্যা বিবাদৰ।'- এই মন্তব্য কৰিলে প্ৰাক্তন আইন আৰু বিদেশ মন্ত্ৰী চলমান খুছীদে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in