১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। বুধবাৰে কেবাটাও সংগঠনে কৰে প্ৰতিবাদ।

২. ৬ ডিচেম্বৰত ছবিগৃহলৈ আহিব অসমীয়া ছবি প্ৰতিঘাত। ছবিখনত প্ৰচাৰত ব্যস্ত কলা-কুশলী।

৩. কেবাটাও দাবীৰে বুধবাৰে কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে অসম বিধানসভাত কৰে প্ৰতিবাদ। বিধায়কগৰাকীক এদিনৰ বাবে বিধানসভাৰ পৰা নিলম্বন কৰে অধ্যক্ষই।

৪. প্ৰশাসনীয় কাম কাজৰ পৰা অব্যাহতি গুৱাহাটী বিশ্ববিদ্যালয়ৰ তিনি সঞ্চালকক। আইডলৰ কেলেংকাৰীৰ তদন্ত কৰিব জম্মু কাশ্মীৰৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আফতাব হুছেইন শইকীয়াই।

৫. হাইস্কুল শিক্ষান্ত পৰীক্ষাত আগন্তুক বৰ্ষত অৱতীৰ্ণ হ'ব ৮৬০টা পৰীক্ষাকেন্দ্ৰত ৩৫২,১৩২ গৰাকী পৰীক্ষাৰ্থী। পৰীক্ষাৰ্থীৰ সন্মুখত এইবাৰ নিৰীক্ষকে খুলিব লাগিব প্ৰশ্নকাকতৰ টোপোলা।

৬. বোকাখাতৰ মণ্ডল গাঁৱত হৃদয় বিদাৰক ঘটনা। বাসগৃহতে চিপ লৈ আত্মহত্যা কৰিলে নৱবিবাহিত দম্পতিয়ে।

৭. নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে বৃহস্পতিবাৰে দিছপুৰ কঁপাব অখিল গগৈয়ে। বৃহস্পতিবাৰে দিনৰ ১১ বজাত দিছপুৰ লাষ্টগেটত কৃষক মুক্তিৰ 'গণ প্ৰতিবাদ'।

৮. নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন অগপৰ দলীয় সিদ্ধান্ত নহয়। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কৰিলে এই মন্তব্য।

৯. 'আমি এয়া আমাৰ বাবে, অসমৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ভাবিছোঁ।' সমুজ্জ্বল ভট্টাচাৰ্যৰ ঐক্যবদ্ধ সংগ্ৰামক লৈ এই মন্তব্য কৰিলে অখিল গগৈয়ে।

১০. বনভোজ দলৰ বাবে বুধবাৰে মুকলি কৰা হ'ল মহানগৰীৰ দ্বীপৰ বিল। মুকলি কৰিলে ডাউছোতাল প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নৃপেন ভট্টাচাৰ্যই।

১১. জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত ৫টা দুৰ্বৃত্তক গ্ৰেপ্তাৰ। আৰক্ষীৰ ওপৰত গুলীবৰ্ষণ চলাইছিল দুৰ্বৃত্ত কেইটাই।

১২. ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ বব উইলিছৰ দেহাৱসান ৭০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে উইলিছে।

১৩. বুধবাৰে উচ্চতম ন্যায়ালয়ে পি চিদাম্বৰামৰ জামিন মঞ্জুৰ কৰে। ১০৬দিনৰ বাবে তিহাৰ জেলত ৰখা হৈছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।

১৪. কেৰালাত এগৰাকী ৩৮ বছৰীয়া মহিলাক হত্যা। কোনো অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে মহিলাগৰাকীক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

১৫. জামিন লাভ কৰাৰ পাছত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক সাক্ষাৎ কৰিলে পি চিদাম্বৰামে। লগতে উপস্থিত থাকে তেওঁৰ পুত্ৰ কাৰ্তি চিদাম্বৰামো।

১৬. হায়দৰাবাদত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন লোকক। প্ৰয়া ৬৬ লাখ টকা নগদ ধন সহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক।

১৭. হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাৰ বাগৃহত ই ডি অভিযান। ই ডিয়ে ৰাজ্যখনৰ প্ৰাক্তন মুক্যমন্ত্ৰীগৰাকীৰ ঘৰত লগালে ছীল।

১৮. দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৫ অপৰাধীক। চলিত বৰ্ষৰ ছেপ্টেম্বৰত এগৰাকী মহিলাৰ অপহৰণৰ সৈতে জড়িত গ্ৰেপ্তাৰ কৰা আটাইকেইটা।

১৯. বৰ্ধমানৰ মাধৱদিহিত আৰক্ষীয়ে উদ্ধাৰ কৰে টিএমচিৰ এজন কৰ্মচাৰীৰ মৃতদেহ। এটা পুখুৰীত আৰক্ষীয়ে কৰে মৃতদেহটো। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

২০. 'চিদাম্বৰামে জামিন লাভ কৰাক লৈ মই বহু সুখী। কিন্তু ১০৬ দিন তেওঁক কাৰাগাৰত ৰখাটো প্ৰতিশোধ লোৱা সদৃশ।'- এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

২১. দুদিনীয়া কাৰ্যসূচীৰ উত্তৰপ্ৰদেশত উপস্থিত হ'ব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। অহা ৬ আৰু ৭ আগষ্টত উত্তৰ প্ৰদেশত থাকিব তেওঁ।

২২. লুধিয়ানাৰ এক বিবাহ ভৱনত দুৰ্বৃত্তৰ গুলীবৰ্ষণ। গুলীবৰ্ষণত নিহত এজন লোক। ইফালে গুৰুতৰভাৱে আহত আন এজন।

২৩. ভাৰতীয় ক্ৰিকেটা বিৰাট কোহলী পুনৰ প্ৰথম স্থান। আই চি চিৰ ষ্টেট ৰেংকিঙৰ তালিকাত প্ৰথম স্থান লাভ কৰে বিৰাট কোহলীয়ে।

২৪. বুধবাৰে পি চিদাম্বৰামৰ জামিন আৱেদন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে। তাৰপাছতেই তামিলনাডুত কংগ্ৰেছ নেতা-কৰ্মীসকলৰ মাজত দেখা গ'ল এক উৎসৱ মুখৰ পৰিৱেশ।

২৫. ৬ ডিচেম্বৰত মুক্তি পাব নতুন হিন্দী ছবি পানীপট। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অৰ্জুন কাপুৰ আৰু সঞ্জয় দত্তই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in