১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

 ১)আজি স্বগৃহলৈ আনি শেষকৃত্য সম্পন্ন কৰা হয় মণিপুৰত মৃত্যু হোৱা ৪ জন শ্রমিকৰ ।

২)ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ সাহাক ৩০জুনত নিজ বাসভৱনত নিশা প্ৰায় ৯.৩০ বজাত দূষ্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে প্ৰাণ নাশ কৰাৰ ভাবুকি প্ৰদান কৰে।

৩) আজি তেলেংগনাৰ হাইদৰাবাদত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহত সভা সম্পন্ন হয়। 

৪)লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামতি গাঁৱৰ বৌদ্ধ বিহাৰত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ অসম বৌদ্ধ মহাসভাৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সভাৰ দেওবাৰে সামৰণি পৰে । 

৫)কোকৰাঝাৰ চহৰৰ মাজ-মজিয়াৰ বাজৈ হোটেলৰ সমীপৰ এক্সিছ বেংকৰ সমীপত যোৱা ২২ জুনত এজন ঠিকাদাৰৰ পৰা ছয় লাখ টকা লুটি নিয়া চিলনী চোৰ এজনক কালি কোকৰাঝাৰ আৰক্ষীয়ে নিজৰ জিন্মালৈ আনিছে। 

৬)ভয়াবহ বান পৰিস্থিতিৰ ওপৰত আগন্তুক বিধাসভা অধিবেশনত চৰ্চা হ'ব ৷ বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হোৱাটো বিচাৰো – এই বক্তব্য বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷

৭): বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ উদ্দ্যেশ্যে এইবাৰ আগবাঢ়ি আহিল নগাঁৱৰ উকিল সন্থা৷ "নগাঁও উকিল সন্থাই" বানপানীয়ে বিধ্বস্ত কৰা জিলাখনৰ কঠিয়াতলী কামপুৰ অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ ওচৰলৈ গৈ দেওবাৰে তেওঁলোকৰ বানৰ ভয়াবহতাৰ বুজ লোৱাৰ লগতে বানত সৰ্ব্বশ্ৰান্ত হোৱা লোক সকলক সহায়ৰ হাত আগবঢ়ায়।

৮)ঈদত গো কুৰবাণী নিদিবলৈ আহ্বান সাংসদ বদৰুদ্দিন আজমলৰ। ৰবিবাৰে সংবাদ মাধ্য়মৰ সৈতে হোৱা কথা বতৰাত এই মন্তব্য কৰে আজমলে।

৯)মহানগৰীত উচ্ছেদিত বিভন্ন লোকৰ মাজত দেখা দিছে বেমাৰ আজাৰে। আজি তেওঁলোকৰ বাবে Swastikam নামৰ ( NGO ) আৰু গুৱাহাটী জিলা বড়ো সাহিত্য সভাই বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান- প্ৰতিষ্ঠান বৰো উইমেন জাষ্টিচ ফৰাম, আৰ্য হস্পিতাল আৰু ব্যক্তিৰ সহযোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰে।

১০)মণিপুৰৰ ভূমিস্খলনত আহত লৈ চিকিৎসাধীন হৈ থকা শ্ৰমিক সকলৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী পিয়ুষ হাজৰিকাই।

১১)বকোৰ ছমৰীয়াৰ হাউলীটাৰীত কামৰূপ জিলাৰ বঙালী পৰিষদৰ দ্বিতীয় বাৰ্ষিক অধিবেশনত বিৰ্তকিত বিজেপি নেতা শিলাদিত্য। তেওঁ কয় যে অসমত এতিয়া অবৈধ বাংলাদেশীৰ দপদপনি বাঢ়িছে।এতিয়া সকলোতে তেওঁলোকৰে দপদপনি। NRC ত ইতিমধ্যে ৮০ লাখ বাংলাদেশী মুছলমান সোমাইছে।

১২)যোগীঘোপাৰ বৰজানত শোকাৱহ ঘটনা।ৰবিবাৰে সংঘটিত হয় এই ঘটনা। মানাহ নৈৰ বাঢ়নী পানীত পৰি সলিল সমাধি এটি শিশুৰ।

১৩)আছুৰ নামত চোৰাং গৰু সৰবৰাহকাৰীৰ পৰা অবৈধ ভাৱে ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে নাৰায়ণপুৰত।

১৪)ধাৰাসাৰ বৰষুণৰ মাজতে বিহাৰত শোকাৱহ ঘটনা।২৪ ঘণ্টাত বজ্রপাতত ১০জন লোকৰ মৃত্যু।

১৫)চামগুৰিৰ বাজিয়াগাঁৱত ড্রাগছসহ কৰায়ত্ত সৰবৰাহকাৰীক। কলংপাৰ ৰাইজে কৰায়ত্ত কৰে এটা ড্রাগছ সৰবৰাহকাৰীক।কৰায়ত্ত কৰা ড্রাগছ সৰবৰাহকাৰীটোৰ নাম বাবুল হুছেইন।

১৬)হাটশিঙিমাৰীৰ শান্তিপুৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ। মৃত্যু যুৱক জন শান্তিপুৰ গাৱঁৰ বাসিন্দা আনোৱাৰ মিস্ত্ৰীৰ পুত্ৰ মফিদুল ইছলাম(২৮) বুলি চিনাক্ত হৈছে।

১৭)কাছাৰত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত মৃত্যু দুই দুৰ্ধৰ্ষ ডকাইত। দুৰ্ধৰ্ষ ডকাইত দুটা কমৰুল ইছলাম, আমৰুল হুছেইন।

১৮)ড্ৰাগছৰ ঘাটিত যেন পৰিণত হৈছে বটদ্ৰৱা সমষ্টিৰ গেন্ধুৱা পথাৰ গাঁও। জাজৰি আৰক্ষীৰ অভিযানত পুনৰ ড্ৰাগছ সহ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হয়।

১৯)মুছলপুৰৰ ভূটানখুটীত শোকাৱহ ঘটনাবজ্রপাতত এজন শ্রমিকৰ মৃত্যু। মৃত শ্রমিকজনৰ নাম চমন বৰ্মন।

২০)বঙাইগাঁৱত ধন দাবী কৰি গ্রেপ্তাৰ হ'ল আৰক্ষী কনিষ্টবল। গ্রেপ্তাৰ আৰক্ষী কনিষ্টবল মজিবুৰ ৰহমানক।

২১)মহানগৰীৰ থানাৰ পৰা পলায়ন তিনি অপৰাধী। তিনিদিনত তিনিখন থানাৰ পৰা পলাল তিনি অপৰাধী।

২২)বাক্সাৰ মাজ্রাবাৰীত গ্রেপ্তাৰ আছাম ৰাইফলছৰ জোৱানক।গ্রেপ্তাৰ আছাম ৰাইফলছৰ জোৱান ডেভিদ দাসক।

২৩) APSC কেলেংকাৰীত ৩৪ গৰাকী বিষয়া দোষী সাব্যস্তৰ সম্ভাৱনা।২০ জুলাইৰ প্রতিবেদনৰ পিছতে দোষী সাব্যস্ত হোৱাৰ সম্ভাৱনা।

২৪) মণিপুৰত সংঘটিত হোৱা ভূমিস্খলনত নিহত লামডিঙৰ এগৰাকী ব্যক্তি। মৃত লোকজন লামডিং সাধুকুটিৰ নিৱাসী গুৰেন্দ্ৰ উপাধ্যায় ৷

২৫) গুৱাহাটীৰ গণেশগুৰিৰ উৰণীয়া সেঁতুৰ ওপৰত পথ দুৰ্ঘটনা। তীব্রবেগী ৱাগনাৰ বাহনে খুন্দিয়ালে S-CROSS বাহনত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in