১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. মহানগৰীৰ কাহিলিপাৰাত ভয়ংকৰ ভূমিস্খলন। কৃষ্ণকান্ত সন্দিকৈ নগৰত পাহাৰৰ মাটি খহি জীবন্তে পোত গ'ল চাৰিগৰাকী মহিলা শ্ৰমিক

২. আমি একেলগে যুদ্ধ কৰিম CABৰ বিৰুদ্ধে। CABৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল জুবিন গাৰ্গ।

৩. সুপ্ৰিয়া সুলেক কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলত অন্তভুক্ত কৰিবৰ বাবে মই কোনো অনুৰোধ কৰা নাই, কিন্তু তেওঁৰ কামক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰিছে। এই মন্তব্য কৰিলে এ চি পি অধ্যক্ষ শৰদ পৱাৰে।

৪. আৰক্ষীৰ পোছাকত ইৰাণী গ্ৰেং। মঙলবাৰে দিল্লীত গ্ৰেপ্তাৰ হৈছে কেইবাগৰাকীও মহিলা।

৫. মঙলবাৰে ৰাজ্যসভাত গৃহীত হ'ল এচ পি জি বিল। গৃহমন্ত্ৰীয়ে ক'লে, এতিয়াৰে পৰা দেশৰ প্ৰধানমন্ত্ৰীয়েহে পাব এই সুৰক্ষা।

৬. শক্তি বৃদ্ধি হব ভাৰতীয় নৌ সেনাৰ। অচিৰেই আমেৰিকাৰ পৰা আহিব ২৪ খন অত্যাধুনিক হেলিকপ্টাৰ।

৭. গোলাঘাটৰ ঢেকীয়ালত সোমবাৰে নিশা নাহৰফুটুকী পিঞ্জৰাবদ্ধ। অঞ্চলটোত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছিল নাহৰফুটুকীটোৱে।

৮. বিগত ৩ বছৰত দেশত সংঘটিত হোৱা পথ দুৰ্ঘটনাত অত্যাধিক লোক নিহত হৈছে গ্ৰামাঞ্চলত। পৰিবহন মন্ত্ৰালয়ে জাৰি কৰিলে এই তথ্য।

৯. পিয়াজৰ মূল্যবৃদ্ধিক লৈ মঙলবাৰে উত্তপ্ত হ'ল লোকসভাৰ মজিয়া। কংগ্ৰেছ সাংসদে চৰকাৰক কৰিলে প্ৰশ্ন 'বজাৰত জুই,ৰাখিছেনে খবৰ।'

১০. 'দেশৰ সকলো নাগৰিকক সুৰক্ষা প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব, কিন্তু এইক্ষেত্ৰত ব্যৰ্থ হৈছে চৰকাৰ।' ৰৰ্বাট ৱাদ্ৰাই কৰিলে এই মন্তব্য।

১১. হাৰিয়ানাত আজৱ কাণ্ড। মঙলবাৰে এখন এম্বুলেন্সত তালাচীত ওলাল ৪০ কেজি গাঞ্জা।

১২. চত্তীশগড়ৰ বিলাসপুৰত এগৰাকী নাবালিকাক বলাৎকাৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ২ জন লোকক।

১৩. গাজিয়াবাদত হত্যাকাণ্ড। নিজৰ সন্তানক হত্যা কৰি ৮ মহলীয়া অট্টালিকাৰ পৰা জপিয়াই আত্মহত্যা কৰিলে দম্পতীয়ে।

১৪. মথুৰাত সোমবাৰে নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাকত খুন্দা মাৰি থিতাতে নিহত হয় অন্য এখন বাহনত অহা ২ যাত্ৰী।

১৫. বকোৰ ত্ৰিলোচনত ভকতে সংঘটিত কৰিলে অক্ষমনীয় তথা জঘন্য কাণ্ড। শিশুক ধৰ্ষণৰ অভিযোগত আটক হ'ল ভাটিপাৰা নামঘৰৰ জনাৰ্দন কলিতা নামৰ এজন ভকত।

১৬. বন্যহস্তীৰ উপদ্ৰবৰ মাজতে নুমলীগড়ৰ ৰজাবাৰীত এইবাৰ বনগাহৰিৰ ত্ৰাস। অগৰাতলীৰ তামুলীপথাৰত বনগাহৰিৰ আক্ৰমণত ৬জনকৈ লোক ধৰাশায়ী হোৱাৰ পিছতেই আতংকিত হৈ পৰিছে অঞ্চলবাসী।

১৭. তেজপুৰৰ বিহগুৰিত সোমবাৰে নিশা সংঘটিত ভয়ংকৰ দুৰ্ঘটনা। নিশা ৰখাই থোৱা ট্ৰাকত খুন্দিয়াই চূৰ্ণ-বিচূৰ্ণ হ'ল এখন ইণ্ডিগো মাঞ্জা। শোকাৱহ দুৰ্ঘটনাটোত অকালতে প্ৰাণ হেৰুৱালে ৪জনকৈ যুৱকে।

১৮. ঝাৰখণ্ডত জনসভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্তব্য। ক'লে- যত পদুম নাই, তাত নাই মোডী।

১৯. ১৫ ডিচেম্বৰত গুৱাহাটীলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী। আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও। চূণ-তেল সানি চিকুন কৰি তোলা হৈছে গুৱাহাটীক।

২০. বোৱাৰী হত্যাক কেন্দ্ৰ কৰি গহপুৰৰ জয়পুৰত উত্তপ্ত পৰিস্থিতি। স্বামী-শহুৰৰ বিৰুদ্ধে মহিলাগৰাকীক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ। উত্তেজিত লোকসকলে স্বামীগৃহৰ চোতালতে সৎকাৰ কৰিলে মহিলাগৰাকীৰ মৃতদেহ।

২১. বিধানসভাৰ শীতকালীন অধিবেশনৰ সমান্তৰালভাৱে প্ৰতিবাদমুখৰ লাষ্টগে'ট। মঙলবাৰেও বিভিন্ন দল-সংগঠনে চৰকাৰবিৰোধী শ্ল'গানেৰে লাষ্টগে'ট উত্তাল কৰি তোলে।

২২. ২০২৪ৰ ভিতৰত দেশত ৰূপায়ণ হ'ব এন আৰ চি। অসমত 'কেব'ৰ প্ৰতিবাদত চলি থকা আন্দোলনৰ মাজতে অমিত শ্বাহৰ ঘোষণা।

২৩. গভীৰ সংকটত ভাৰতীয় অৰ্থব্যৱস্থা, প্ৰধানমন্ত্ৰী মহোদয় আপোনাৰ কোনো প্ৰতিক্ৰিয়া নাই কিয়।' কংগ্ৰেছ নেতা শতুঘ্ন সিনহাই এনেদৰে কটাক্ষ কৰিলে প্ৰধানমন্ত্ৰী মোডীক।

২৪. ১০ দিনৰ ভিতৰত উৰাই দিয়া হব উত্তৰ প্ৰদেশৰ ৰাজভৱন। পত্ৰৰ যোগেদি এই ভাবুকি অচিনাক্ত দুবৃৰ্ত্তৰ।

২৫. মঙলবাৰে সন্ধিয়া ৭.৩৮ বজাত ভূমিকম্পই জোকাৰি গল হিমাচল প্ৰদেশক। প্ৰাৱল্য আছিল ৩.২।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in