১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. সেনা বিষয়া নীতিশ ডোমৰীৰ এক টেংক ৰেজীমেন্টলৈ গৈ থকা অৱস্থাত প্ৰাণ হেৰুৱাই। উত্তৰ ছিক্কিমত তুষাৰপাত আৰু ধুমুহাৰ ফলত মৃত্যু হয় সেনা বিষয়াগৰাকীৰ।

২. দেওবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য- 'ৰাম বিলাস পাছোৱানৰ ৰাজ্য সভাৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত মই বা মুখ্যমন্ত্ৰী অৱগত নহয়, কেন্দ্ৰীয় নেতৃত্বই আমাক একো জনোৱা নাই।'

৩. দেওবাৰে পুৱা ভাৰতীয় বায়ু সেনাৰ চাৰিখন ছিকুন হেলিকপ্টাৰৰ প্ৰথমটো গোট গুজৰাটৰ মুন্দ্ৰা পোৰ্টত উপস্থিত। ভাৰতে ইয়াৰ ১৫খন হেলিকপ্টাৰ আমেৰিকাৰ পৰা ক্ৰয় কৰিছে।

৪. ধানমন্ত্ৰীক নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে গৰজি উঠিল সদৌ অসম ছাত্ৰ সন্থাৰ। ভুৱা নিৰ্বাচনী টোপেৰে অসমবাসীক বিভ্ৰান্ত নকৰিবলৈ প্ৰধানমন্ত্ৰীক সকীয়িন আছুৰ। গণতান্ত্ৰিক অধিকাৰক দমন কৰিব বিচাৰিলে অসম জ্বলিব বুলি হুংকাৰ জাতীয় সংগঠনটোৰ।

৫. লামডিং-উদালীৰ ঘাইপথত দুৰ্ঘটনাত নিহত এজন লোক। দ্ৰুতবেগী মহিন্দ্ৰা XUV বাহন দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাটোত থিতাতে নিহত অৰিন্দম দাস নামৰ যুৱকজন আৰু গুৰুতৰভাৱে আহত আন ৩জন আৰোহী।

৬. সৰস্বতী পূজাৰ উখল মাখলৰ মাজতে গুৱাহাটীত বলীউডৰ মোহময়ী অভিনেত্ৰী মনীষা কৈৰালা। গুৱাহাটীত উপস্থিত হৈ ধঁপাত বিৰোধী অভিযানত অংশ ল'লে বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে।

৭. গুৱাহাটীত প্ৰধানমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা একালৰ বিজেপি নেতা যশৱন্ত সিনহাৰ। উত্তৰ-পূবৰ এখনো আসন বিজেপিক নিদিবলৈ আহ্বান প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।

৮. পাঠশালাৰ কাহাৰপাৰা পামত যুৱকৰ মৃতদেহ উদ্ধাৰ। ভূটান ৰাষ্ট্ৰীয় ঘাইপথত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মৃতদেহটো। মৃত যুৱকজন বাঘমাৰা গড়ৰ ভৱলা বড়ো। যুৱকজনৰ ডিঙিত আঘাতৰ চিন স্পষ্ট।

৯. বঙাইগাঁৱৰ উত্তৰ শালমাৰাত দুৰ্ঘটনাত নিহত এজন লোক। ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু স্কুটীৰ মাজত সংঘৰ্ষত থিতাতে নিহত ভগীৰথ ৰায় নামৰ স্কুটী আৰোহীজন। নিহত যুৱকজনৰ ঘৰ চোকাপাৰাৰ ডাকুৱাপাৰাত।

১০. ২২ ফেব্ৰুৱাৰীত ভাৰতৰ ছবিগৃহত মুক্তি পাব হিন্দী ছবি 'টোটেল ধামাল'। ছবিখনত অভিনয় কৰিব অজয় দেৱগান, মাধুৰী দীক্ষিত, অনিল কাপুৰসহ কেবাজনো বিশিষ্ট অভিনেতা-অভিনেত্ৰীয়ে।

১১. ৫ ছেপ্টেম্বৰৰ ভটভটি দুৰ্ঘটনাত নিখোজ বাইক আৰোহীৰ বাইক উদ্ধাৰ। অশ্বক্লান্ত দেৱালয়ৰ সমীপৰ জাইকাৰ নিৰ্মীয়মান দলঙৰ সমীপতে উদ্ধাৰ বাইক। দুৰ্ঘটনাগ্ৰস্ত ভটভটীত আছিল ৬ খন বাইকসহ ৩০ জনৰো অধিক যাত্ৰী।

১২. তিতাবৰত পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু। তিতাবৰৰ ন আলি জালুকণিত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনা। দ্ৰুতবেগী বাইক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন আৰু গুৰুতৰভাৱে আহত দুজন লোক।

১৩. ৰঙিয়া মহাবিদ্যালয়ৰ সন্মুখত উদণ্ড দুই যুৱকে জ্বলাই দিলে পালছাৰ বাইক। সামান্য কথাতে যুৱকক আক্ৰমণ সুৰামত্ত দুই যুৱকৰ। তাৰ পিছতে জ্বলাই দিলে বাইকখন।

১৪. ডিগবৈত চিকিত্‍সক দম্পতীক আক্ৰমণ কৰাৰ ঘটনাত জড়িতৰ অভিযোগত আৰু এজনক আটক। বিকাশ গগৈ নামৰ এজন যুৱকক আটক কৰে আৰক্ষীয়ে। ইয়াৰ পূৰ্বে দুজনক আটক কৰিছিল আৰক্ষীয়ে। ধৃত আন দুজন জিণ্টু মাউত আৰু বিপুল বুঢ়াগোহাঁই।

১৫. আঞ্চলিক বিজ্ঞান কেন্দ্ৰ গুৱাহাটীয়ে 'নেশ্যনেল ইন'ভেছন ফাউণ্ডেছন'ৰ সহযোগত আঞ্চলিক বিজ্ঞান কেন্দ্ৰ চৌহদত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল উদ্ভাৱনী মহোৎসৱ।

১৬. ৬ ফেব্ৰুৱাৰীত মুজাফাৰপুৰ জুৱেলাৰী দোকান লুন্ঠনৰে জড়িত ৩ জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। লগতে উদ্ধাৰ ১০ কোটি টকাৰ সোণৰ আ-অলংকাৰ।

১৭. নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ জ্বলিছে ৰাজ্য। সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক ৰাজপথলৈ ওলাই আহিছে বিধেয়কৰ বিৰুদ্ধে।

১৮. উত্তৰাখণ্ড আৰু উত্তৰপ্ৰদেশত বিষাক্ত সুৰা পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭জনলৈ বৃদ্ধি। ৰাজনৈতিক নেতাসকলৰ বোকাচটিওৱা ৰাজনীতি।

১৯. বিশ্ব হিন্দু পৰিষদৰ প্ৰাক্তন অধ্যক্ষ প্ৰবীণ টেগৰীয়াই ২০১৯ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। অযোধ্যাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব টেগৰীয়াই।

২০. ১৫ ফেব্ৰুৱাৰীত মধ্যপ্ৰদেশত লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। অংশ ল'ব কেবাখনো জনসভাত।

২১. দেওবাৰে দিছপুৰ গড়কাপ্টানী বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰ প্ৰেক্ষাগৃহত বিজেপিৰ এক গুৰুত্বপূৰ্ব সভা অনুষ্ঠিত হয়। সভাত লোকসভা নিৰ্বাচনী কাম-কাজ তদাৰক কৰাৰ বাবে তত্বাবিধায়কসকলক দিয়া হয় বিভিন্ন নিৰ্দেশ।

২২. 'এখন দেশক অৰ্থনৈতিক সংকটত পেলাই পলায়ন কৰা কোনো ব্যক্তিকে কোনো এখন দেশতেই আশ্ৰয় দিব নালাগে।'- এই মন্তব্য কৰিলে দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে।

২৩. শনিবাৰে সন্ধিয়া তৃণমূল কংগ্ৰেছ বিধায়ক হত্যাৰ অভিযোগক বিজেপি নেতা মুকুল ৰায়ৰ বিৰুদ্ধে এজাহাৰ দাখিল। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন ব্যক্তিক।

২৪. মহাৰাষ্ট্ৰৰ শ্বোলাপুৰত আৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত গুলীয়াগুলি। দুই পক্ষৰ সংঘৰ্ষত নিহত এজন দুৰ্বৃত্ত।

২৫. ভাৰত-নিউজিলেণ্ডৰ তৃতীয়খন টি ২০ মেচত ভাৰতীয় ক্ৰিকেট দলটো ৪ ৰানত পৰাস্ত হোৱাৰ পাছত ৰোহিত শৰ্মাৰ প্ৰতিক্ৰিয়া- 'আমাৰ খেলুৱৈসকলে সম্পূৰ্ণ শৃংখলাত ভাল খেল প্ৰদৰ্শন কৰিছিল। কিন্তু ইয়াৰ মাজতে বহু কেইটা ভুলো কৰিছিল খেলুৱৈসকলে। যাৰবাবে আমি এই শৃংখলাত পৰাস্ত হ'লো।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in