১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি। শনিবাৰে নিশা ৮৫গৰাকী লোক আক্ৰান্তৰে অসমত কোৰোনা আক্ৰান্ত ১১৮৫।

২. দেশত কোৰোনা আক্ৰান্তৰ সংখ্যা ১লাখ ৮০০লৈ বৃদ্ধি। শনিবাৰে প্ৰায় ৮০০০গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত।

৩. মৰিয়নীৰ গাভৰুত গণপ্ৰহাৰত প্ৰাণ গ'ল এজন যুৱকৰ। এটা সৰু দুৰ্ঘটনাক লৈ জঁপিয়াই পৰিল এদল উন্মাদ।

৪. কোৰোণা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আকৌ এবাৰ পিছুৱালে গোৱাত হ'বলগীয়া ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া।

৫. জম্মু-কাশ্মীৰৰ বালাকোটত পুনৰ যুদ্ধবিৰতি উলংঘন। পাক সেনাই চলাই গুলীবৰ্ষণ। ভাৰতীয় সেনা বাহিনীয়েও দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।

৬. মুম্বাইত নতুনকৈ ১৫১০জনৰ দেহত ধৰা পৰিল কোভিড-১৯। মহানগৰীখনত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৩৮,২২০জনলৈ বৃদ্ধি পায়।

৭. হিমাচলপ্ৰদেশত ৩১৩জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ১০৭জন লোক ইতিমধ্যে সুস্থ হৈ উঠিছে।

৮. ১ জুনৰ পৰা গুজৰাটত সন্ধিয়া ৭ বজালৈ সকলো দোকান-পোহাৰ খোলা থাকিব। – এই ঘোষণা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ।

৯. তেলেংগানাত ২৪৯৯জনলৈ বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত শনিবাৰে নতুনকৈ ৬০ জনৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছ।

১০. উত্তৰপ্ৰদেশত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হয় ২৬২জন। ৰাজ্যখনত ৭৭০১জনলৈ বৃদ্ধি পাই কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১১. ৰাজস্থানত নতুনকৈ ২৫২জনৰ দেহত ধৰা পৰিল কোৰোনা ভাইৰাছৰ উপস্থিতি। ৰাজ্যথনত ২৬৮৫ জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্তৰ সংখ্যা।

১২. দিল্লীত ৫৩টা জ'নক ডি-কন্টেইন কৰা হৈছে শনিবাৰলৈ। বৰ্তমান দিল্লীত ১২২টা স্থানক কন্টেইমেন্ট জ'ন হিচাপে চিহ্নিত কৰা হৈছে।

১৩.ঝাৰখণ্ডত শনিবাৰে নতুনকৈ ৪০ জনৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি। ৰাজ্যখনত বৰ্তমানলৈ ৫৬১জন আক্ৰান্ত হৈছে এই ভাইৰাছত।

১৪. দেশৰ ভিতৰত সৰ্বাধিক লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। ৰাজ্যখনত ৬৫সহস্ৰাধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। ইফালে, ৰাজ্যখনত ২১৯৭জনৰ মৃত্যু হৈছে।

১৫. দেশত ৩১ মে'ত অন্ত পৰিব চতুৰ্থ পৰ্যায়ৰ লকডাউন। কেন্দ্ৰীয় চৰকাৰে ১ জুনৰ পৰা ৩০ জুনলৈ জাৰি কৰিছে পঞ্চম পৰ্যায়ৰ লকডাউন।

১৬. ১৪ আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা জ'ন আব্ৰাহামে।

১৭. ছত্তীশগড়ত ৪৪৭জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা। শনিবাৰে ৰাজ্যখনত নতুনকৈ ৩২জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

১৮. ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাক ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা-২০২০ৰ বাবে মনোনীত কৰা হৈছে। বিচিচিআই-য়ে এই বঁটাৰ বাবে মনোনীত কৰে ৰোহিত শৰ্মাক।

১৯. গুৱাহাটীৰ সাতমাইল কোৱাৰেন্টাইন চেন্টাৰত আক্ৰান্ত ৯। বহি:ৰাজ্যৰ পৰা অহা ১৫৮ জন লোক আছিল চেন্টাৰটোত।

২০. অসম-বাংলাদেশত সৰবৰাহ কৰা কুখ্যাত ড্ৰাগছ মাফিয়া প্ৰদীপ তালুকদাৰ CIDৰ জালত পৰিল। পৰৱৰ্তী জামিনলৈ থকা প্ৰদীপৰ জামিন নাকচ হোৱাৰ পিছতে শুকুৰবাৰে CIDয়ে গ্ৰেপ্তাৰ কৰে।

২১.  ১ জুনৰ পৰা ৩০ জুন পৰ্যন্ত চলিব লকডাউন। কেৱল কণ্টেইনমেণ্ট জ'নত পূৰ্ণ লকডাউন। কণ্টেইনমেণ্ট জ'নৰ বাহিৰত পূৰ্ণ শিথিলতা।

২২. বিশ্ব স্বাস্থ্য সন্থাৰ সৈতে সকলো সম্পৰ্ক ছিন্ন কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। এতিয়াৰে পৰা আমেৰিকাই বিশ্ব স্বাস্থ্য সন্থাক বছৰি কোনো ধৰণৰ পুঁজি নিদিয়ে।

২৩. ৰাজস্থানকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলত এতিয়া কৃষকৰ বাবে নতুন সমস্যা হৈ পৰিছে কাকতি ফৰিং। কাকতি ফৰিঙে ব্যাপক হাৰত কৃষি নষ্ট কৰিছে। 

২৪. কেন্দ্ৰত দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো বছৰ সম্পূৰ্ণ কৰিলে NDA চৰকাৰে। কৰোনাৰ সংহাৰৰ বাবে এইবাৰ কোনো আনুষ্ঠানিকতা নাই, পুৱাই দেশবাসীলৈ এটা অডিঅ' বাৰ্তা প্ৰেৰণ কৰিলে প্ৰধান মন্ত্ৰীয়ে।

২৫. পশ্চিমবংগত বৰ্তমানলৈ ৫১৩০জন লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। নতুনকৈ ৰাজ্যখনত ৩১৭জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in