১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. গুৰুতৰভাৱে অসুস্থ কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী। অসুস্থতাৰ বাবে AMCHত চিকিৎসাধীন কেন্দ্ৰীয় মন্ত্ৰীজন বুধবাৰে নতুন দিল্লীলৈ ৰাওনা হৈছে। দিল্লীৰ পৰাই আবুধাবি ভ্ৰমণলৈ যাব মন্ত্ৰী তেলী।

২. বৃহস্পতিবাৰৰ দিনটোত বীৰ ছহিদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ আদ্যশ্ৰাদ্ধৰ বাবে সাজু হৈছে বৰপথাৰবাসী। স্থানীয় ৰাইজৰ সহযোগত আয়োজিত এই আদ্যশ্ৰাদ্ধৰ দিনটোলৈকে চৰকাৰী পক্ষৰ ফালৰ পৰা কোনো খবৰ নোলোৱাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে স্থানীয় ৰাইজে।

৩. মহাৰাষ্ট্ৰত চৰকাৰ গঠনক লৈ এতিয়াও অব্যাহত আছে অচলাৱস্থা। চৰকাৰ গঠনক লৈ অচলাৱস্থা অব্যাহত থকাৰ সময়তে বিজেপি-শিৱসেনাৰ মাজত আৰম্ভ হৈছে ভাবুকিৰ যুঁজ।

৪. দেশত সৃষ্টি হোৱা সীমাহীন বিতৰ্কৰ মাজতে কাশ্মীৰৰ পৰা উভতিল ইউৰোপিয়ান ইউনিয়নৰ প্ৰতিনিধি দল।

৫. চামগুৰিৰ চাপানলাত পুনৰ বন্যহস্তীৰ সন্ত্ৰাস। দিনে-নিশাই অঞ্চলটোত বিচৰণ কৰিছে বন্যহস্তীৰ জাক। কাজিৰঙাৰ পৰা ওলাই অহা হাতীৰ জাকটোক কেন্দ্ৰ কৰি আতংক।

৬. পুনৰ মহানগৰীত চুৰি-কাণ্ড। বেলতলাৰ এখন চাইকেলৰ দোকানত নিশা চোৰে চলালে অভিযান। গুদামৰ টিন কাটি প্ৰৱেশ কৰে চোৰ, লুট কৰি লৈ যায় বৃহত্‍ পৰিমাণৰ নগদ ধন।

৭. নুমলীগড় শোধনাগাৰ লিমিটেডৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ প্ৰদেশ কংগ্ৰেছৰ। বুধবাৰে নুমলীগড়ত প্ৰতিবাদ সাব্যস্ত কৰি প্ৰদেশ কংগ্ৰেছে উত্তাল কৰি তুলিলে পৰিস্থিতি।

৮. মণিপুৰক স্বাধীন ৰাষ্ট্ৰ বুলি ঘোষণা কৰিলে ৰাজপৰিয়ালৰ প্ৰতিনিধিয়ে। লণ্ডনত ৰাজপৰিয়ালৰ প্ৰতিনিধিয়ে ঘোষণা কৰিলে নিৰ্বাসিত চৰকাৰো।

৯. অভিশপ্ত ৩০/১০ৰ আজি ১১ বছৰীয়া কৰুণ স্মৃতি ৰোমন্থন। গুৱাহাটীৰ গণেশগুৰিৰ উৰণীয়া সেঁতুৰ তলতে দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হয় স্মৃতিচাৰণৰ বিভিন্ন পৰ্ব।

১০. ডিব্ৰুগড়ত একাংশ উদণ্ড যুৱকৰ উদ্ভণ্ডালি। হাতে হাতে লাঠী লৈ নিশা যুৱকৰ দলৰ উদ্ভণ্ডালি। এফালৰ পৰা ভাঙি চূৰমাৰ কৰিছে পূজাস্থলী, আলোকসজ্জাত ব্যৱহাৰ হোৱা লাইট। জ্যোতিনগৰৰ কালীপূজাস্থলীত নিশা যুৱকৰ দুটা দলে চলালে উদ্ভণ্ডালি।

১১. জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে বিজেপিয়ে গ্ৰহণ কৰা সংকল্প যাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে ৰাজ্যৰ বিভিন্ন চহৰত। বুধবাৰে ডিফুত আয়োজিত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত অংশ ল'লে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু সাংসদ হৰেন সিং বে'ই।

১২. ৰাজ্যজুৰি এতিয়া ব্যাপক প্ৰস্তুতি ৰাস মহোত্সৱৰ। মাজুলীত আখৰাত ব্যস্ত কলা-কুশলীসকল। ইফালে নলবাৰী সাজু হৈছে মৃণ্ময় মূৰ্তিৰে।

১৩. নাগালেণ্ডৰ বিদ্ৰোহী সমস্যা সমাধান কৰাৰ বাবে 'ডিভাইড এণ্ড ৰুল'ৰ নীতি লৈছে কেন্দ্ৰই। NSCN (IM)ৰ মাজত বিভাজন ঘটাই আন এটা গোটৰ লগত শান্তি চুক্তি স্বাক্ষৰ কৰাৰ বাবে উঠি-পৰি লাগিছে কেন্দ্ৰ।

১৪. ৰাজনীতিয়ে আমুৱালে MGVK ভানুক। মঙলবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ সদস্য পদৰ পৰা পদত্যাগ কৰিলে IAS বিষয়াগৰাকীয়ে।

১৫. চাকৰি ঘূৰাই পোৱাৰ পথ প্ৰশস্ত হৈছে নিলম্বিত অভিযন্তা নৱকান্ত পাতিৰৰ। APSC গোচৰত প্ৰথমজন অভিযুক্তৰূপে গ্ৰেপ্তাৰ হৈছিল নৱকান্ত পাতিৰ। ইপিনে তৃতীয়বাৰৰ বাবে অভিযুক্ত পক্ষক কপী ছাৰ্ভ কৰাত ব্যৰ্থ চৰকাৰী পক্ষ।

১৬. অধিক ভয়াৱহ হৈ উঠিছে হাতী-মানুহৰ সংঘাত। গোৱালপাৰাৰ মাটিয়াত বন্যহস্তীৰ আক্ৰমণত একেদিনাই ৫ গৰাকী লোকৰ মৃত্যুৰ পাছতেই প্ৰতিবাদত উত্তাল হৈছে অঞ্চলটো।

১৭. ৰহাৰ ডালিমবাৰীত শোকাৱহ ঘটনা। অঞ্চলটোৰ বাঁহৰ সাঁকোৰ পৰা পৰি এজন লোকে কৰুণ মৃত্যুক সাবটি ল'ব লগা হয়।

১৮. এশ কোটিটকীয়া সাফল্যৰ ঘৰত প্ৰৱেশ কৰিলে অক্ষয় কুমাৰ অভিনীত "হাউছফুল ৪" । ৫ দিনত উপাৰ্জন ১০৯ কোটি।

১৯. পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰৰ অনুমতি নিদিয়াক লৈ ভাৰতৰ অভিযোগ খাৰিজ কৰিছে পাক বিদেশ মন্ত্ৰালয়ে।

২০. বোকাখাতত বুধবাৰে পুৱতি নিশা ট্ৰাকৰ খুন্দাত নিহত এজন, আৰক্ষী থানাত আত্মসমৰ্পণ চালক-হেণ্ডিমেনৰ

২১. ভাবুকিৰ অভিযোগ। টিকটক ষ্টাৰ সোণালী ফোগাটে ভগ্নি আৰু জোৱায়েকৰ বিৰুদ্ধে তৰিলে গোচৰ।

২২. শিৱ সেনাৰ নেত্ৰী শীতল মাহাত্ৰেৰ লগতে প্ৰিয়ংকা চতুৰ্বেদীৰ জীৱনক লৈ ভাবুকি। আশীষ দীবেদী নামৰ এজন লোকৰ বিৰুদ্ধে তৰিলে গোচৰ।

২৩. ৰঙিয়াত বিদ্যুত্‍ বিভাগৰ আজৱ কাণ্ড। এটি পৰিয়াললৈ ১ লাখ ১৫ হাজাৰ টকাৰ বিল প্ৰেৰণ।

২৪. অসমীয়া চিনেমাৰ ধাৰাবাহিকতা অব্যাহত। কাঞ্চনজংঘা, ৰত্নাকৰৰ পিছত এইবাৰ প্ৰতিঘাত। অহা ৬ ডিচেম্বৰত মুক্তিলাভ কৰিবলগীয়া ছবিখনৰ গীত আৰু টীজাৰ মঙলবাৰে মহানগৰৰ শ্ৰদ্ধাঞ্জলী কাননত আনুষ্ঠানিক ভাবে মুকলি কৰা হয়।

২৫. শিৱ সেনাৰ নেত্ৰী শীতল মাহাত্ৰেৰ লগতে প্ৰিয়ংকা চতুৰ্বেদীৰ জীৱনক লৈ ভাবুকি। আশীষ দীবেদী নামৰ এজন লোকৰ বিৰুদ্ধে তৰিলে গোচৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in