১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. তিৱা স্বায়ত্ব পৰিষদৰ দুৰ্নীতিৰ তদন্তৰ নিৰ্দেশ। গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে তদন্তৰ নিৰ্দেশ। ২০১০ৰ পৰা ২০১৬লৈ পৰিষদখনত কেলেংকাৰিৰ অভিযোগ।

২. ওড়িশ্যাত মঙলবাৰে ২৪৩জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ৭০৬৫জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

৩. বোকাজানত নৃশংস হত্যাকাণ্ড৷ সুৰাপানৰ পাছতেই হেণ্ডিমেনে হত্যা কৰিলে চালকক৷

৪. দেশত মঙলবাৰে চিআৰপিএফৰ ৮৮জন জোৱানৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি। বৰ্তমানলৈ ১২১৯জনকৈ চিআৰপিএফ জোৱান আক্ৰান্ত হৈছে এই ভাইৰাছত।

৫. পুনৰ ৰাকেশ পালৰ জামিন আবেদন নাকচ আদালতৰ। মাতৃৰ বিয়োগৰ বাবে অন্তৰ্ৱতী জামিন আবেদন কৰিছিল পালে।

৬. মুম্বাইত ৩৫০ খন যাত্ৰীবাহী ৰেল চলাচল কৰিব বুধবাৰৰ পৰা। অৱশ্যে এই ৰেলত কেৱল অত্যাৱশ্যকীয় সেৱাৰে জড়িত কৰ্মচাৰীসকলেহে যাত্ৰা কৰিব পাৰিব।

৭. দিল্লীত ৮৭,৩৬০জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত মঙলবাৰে ২১৯৯জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থতি।

৮. বিহাৰৰ ৫খন জিলাত বজ্ৰপাতৰ ফলত ১১জন লোকৰ কৰুণ মৃত্যু। মৃত্যু হোৱা লোক কেইজনৰ পৰিয়ালক ৪ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কথা ঘোষণা কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে।

৯. কোকৰাঝাৰত চাওমিন খাই ছাত্ৰৰ মৃত্যু। দুগৰাকী ছাত্ৰ চিকিৎসাধীন।

১০. ঝাৰখণ্ডত আৰু ৬০জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি। ৰাজ্যখনত ২৪৯০জনলৈ বৃদ্ধ পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১১. মঙলবাৰে শ্বহীদ জিণ্টু গগৈৰ মৃত্যু তিথি। ১৯৯৯ চনত কাৰ্গিল যুদ্ধত শ্বহীদ হৈছিল বীৰ সৈনিকজন।

১২. ঝাৰখণ্ডৰ ৰাঞ্চীত মঙলবাৰে ভাৰতীয় আৰ্চাৰ দীপিকা কুমাৰী আৰু অতনু দাস বিবাহপাশত আৱদ্ধ হয়। বিবাহ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন।

১৩. আগ্ৰাত কাকতি ফৰিঙে নষ্ট খেতিপথাৰ। মঙলবাৰে কৃষি বিভাগে ড্ৰ'নৰ সহায়েৰে স্প্ৰে' কৰে কীটনাশক।

১৪. মহাৰাষ্ট্ৰত মঙলবাৰৰ দিনটোতে কোৰোনাত আক্ৰান্ত হৈ ২৪৫জনে হেৰুৱাই প্ৰাণ। ইফালে, নতুনকৈ ৰাজ্যখনত ৪৮৭৮জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

১৫. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কোৰোনাত আক্ৰান্ত। ৰাণা সিনহা নামৰ অধিবক্তাজন কোৰোনাত আক্ৰান্ত।

১৬. গুজৰাটত যোৱা ২৪ ঘন্টাত ৬২০জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি। ৰাজ্যখনত ৩২,৪৪৬জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৭. ১৪ আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা জ'ন আব্ৰাহামে।

১৮. পশ্চিমবংগত ২০২১চনৰ জুনলৈকে ৰাজ্যবাসীক দিয়া হ'ব বিনামূলীয়া ৰেচন। এই কথা ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

১৯. দেশৰ ৮০ কোটি লোকৰ বাবে অহা ৫ মাহলৈ বিনামূলীয়া ৰেচন। ৰাষ্ট্ৰক সম্বোধন কৰি মঙলবাৰে ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে।

২০. পশ্চিমবংগত মঙলবাৰে কোৰোনাত আক্ৰান্ত হৈ ১৫জনে হেৰুৱাই প্ৰাণ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৮,৫৫৯জনলৈ পাইছে বৃদ্ধি।

২১. ইউৰোপিয়ান ইউনিয়ন এয়াৰ ছেফটী এজেঞ্জীয়ে ৬ মাহৰ বাবে পাকিস্তান ইন্টাৰনেশ্যনেল এয়াৰলাইঞ্চৰ বিমান বন্ধ কৰিছে। ১ জুলাইৰ পৰা ৬ মাহৰ বাবে পাকিস্তান ইন্টাৰনেশ্যনেল এয়াৰলাইনঞ্চৰ কোনো বিমান ইউৰোপলৈ উৰা মাৰিব নোৱাৰিব।

২২. গুৱাহাটীত কোৰোনা আক্ৰান্ত আৰু এজনৰ মৃত্যু। চৰকাৰী তথ্য মতে অসমত মৃতকৰ সংখ্যা ১২লৈ বৃদ্ধি।

২৩. গুৱাহাটীত পুনৰ ভূমিস্খলনৰ ঘটনা। চূণশালি বিলপাৰৰ এঘৰৰ ওপৰত খহি পৰিল পাহাৰৰ মাটি। ৰাইজে উদ্ধাৰ কৰে অমূল্য নাথৰ পৰিয়ালটো।

২৪. অন্ধ্ৰপ্ৰদেশত যোৱা ২৪ ঘন্টাত ৭০৪জনৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি। ৰাজ্যখনত ১৪,৫৯৫জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২৫. ৰে'ল, বিমান আৰু নিজ গাড়ীৰ সহায়ত যোৱা ৭৫ দিনত অসমত প্ৰৱেশ কৰিছে ৩,৫৮,০০০ হাজাৰ লোকে। লকডাউনৰ সময়ছোৱাৰ পৰা এতিয়ালৈকে অসমৰ পৰা বহিঃৰাজ্যলৈ গৈছে ৫৭,০০০ হাজাৰ লোক। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in