১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. এতিয়াৰে পৰা কমলাবাৰীৰ পৰা নিমাতীঘাটলৈ ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰথমবাৰৰ বাবে চলিব ৰ'-ৰ' জাহাজ। ভূপেন হাজৰিকাৰ নামত জাহাজখন উৎসৰ্গা কৰি বৃহস্পতিবাৰে শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

২. এ পি এছ চি কেলেংকাৰীৰ খলনায়ক ৰাকেশ পালৰ জামিন আবেদন শুনানিৰ দিন শুকুৰবাৰলৈ পিছুৱালে গুৱাহাটী উচ্চ ন্যায়ালয়ে। পূৰ্বে বৃহস্পতিবাৰে জামিনৰ শুনানিৰ দিন ধার্য কৰিছিল ন্যায়ালয়ে।

. ৰাফেল চুক্তিৰ সন্দৰ্ভত বিজেপিৰ মুখপাত্ৰ সন্দীপ পাট্টাই কৰিলে মন্তব্য । তেওঁ কয় যে- 'দেশৰ জনগণে ৰাহুল গান্ধীৰ কথা বিশ্বাস নকৰে, বায়ু সেনা প্ৰধানৰ কথাহে বিশ্বাস কৰিব।'

৪. মাৰ্ঘেৰিটাত আত্মীয়ৰ গৃহত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ ইমৰান খানক। ১৪ ছেপ্টেম্বৰত ডুমডুমাৰ বৰহাপজানত সংঘটিত সাম্প্ৰদায়িক হিংসাত্মক ঘটনাৰ খলনায়ক ইমৰান।

৫. ধেমাজিৰ পানীতোলাৰ বৃহস্পতিবাৰে যাত্ৰীবাহী ছুম'ই নিয়ন্ত্ৰণ হেৰুৱাই ছুইফটত খুন্দিয়াই। দুৰ্ঘটনাত দুজন লোকে থিতাতে প্ৰাণ হেৰুৱাৰ লগতে ৬জনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয়।

৬. ছত্তীশগড় বিজেপিৰ অভিযোগ- আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ টিকটক লৈ ব্যৱসায় কৰিছে কংগ্ৰেছে। টিকটৰ বাবে ৫০ লাখ টকা উৎকোচ বিচৰাৰো অভিযোগ বিজেপিৰ ।

৭. ৭৬ সংখ্যক জন্মদিনত ২৯৫৯ নং টুইটৰযোগে মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী তুলিলে বিগ বিয়ে। অভিনেতাগৰাকীয়ে কয়- 'নাৰী সুৰক্ষিত হোৱাটো অতিকৈ প্ৰয়োজনীয়।'

৮. বৃহস্পতিবাৰে নাহৰকটীয়াৰ চেঙেলিজানত এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য। দুৰ্বৃত্তই হত্যা কৰি ব্যক্তিজনক পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ।

৯. গোলাঘাটত বৃহস্পতিবাৰে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আমছুৰ জিলা সভাপতি কাদিৰ আলীক। ম্যানমাৰৰ পৰা অবৈধভাৱে সামগ্ৰী অনা ট্ৰাকৰ পৰা ২০ লাখ টকা দাবীৰ অভিযোগ নেতাজনৰ বিৰুদ্ধে।

১০. শুক্ৰবাৰে হায়দৰাবাদত অনুষ্ঠিত হ'ব ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দ্বিতীয়খন টেষ্ট। শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি ভাৰতৰ।

১১. পশ্চিম বংগত কৃষকৰ পৰা প্ৰতি কুইণ্টল ধান ১৭৭০ টকাকৈ ক্ৰয় কৰিব চৰকাৰে। খাদ্য মন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিকে বৃহস্পতিবাৰে কৰিলে ঘোষণা।

১২. বৃহস্পতিবাৰে ৮৪ বছৰীয়া হ'ল অসমৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ। ১৯৩৪ চনত ১১ অক্টোবৰত যোৰহাটৰ ৰঙাজানত জন্মগ্ৰহণ কৰা বৰ্তমানৰ তিতাবৰৰ বিধায়কজনক অগণন গুণমুগ্ধৰ শুভেচ্ছা।

১৩. লখিমপুৰৰ পহুমৰাত বৃহস্পতিবাৰৰ সন্ধিয়া এ এছ-০১-যে চি ৬৬৬৩ নম্বৰৰ ডাম্পাৰে মহতিয়ালে এজন বাইক আৰোহীক। দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাই অভিজিৎ পায়েং নামৰ বাইক আৰোহীজনে।

১৪. শিৱসাগৰত বাট-পথৰ অৱস্থা সুচল কৰা তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ। জিলা যুৱ কংগ্ৰেছ অাৰু নগৰ ব্ল'ক কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ।

১৫. দীৰ্ঘদিন ধৰি কৰ ফাঁকি দি কাঠৰ ব্যৱসায় চলোৱা ব্যৱসায়ী আব্দুল আলীৰ নলবাৰীৰ কাঠৰ দোকানত বৃহস্পতিবাৰে আয়কৰ বিভাগৰ অভিযান। অভিযানত জব্দ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ।

১৬. নতুন দিল্লীৰ এখন সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৰাহুল গান্ধীৰ মন্তব্য- 'মোদী দেশৰ চকীদাৰ নহয়,অনিল আম্বানীৰ হে চকীদাৰ।'

১৭. জাৰ্কাটা অনুষ্ঠিত হোৱা পেৰা অলিম্পিক গেমছত ভাৰতৰ বৃহৎ সফলতা। বুধবাৰৰ হাইজাম্পত সোণ, ৰূপ আৰু ব্ৰঞ্জ, তিনিওটা পদক আজুৰি আনিলে ভাৰতে।

১৮. ৯৫ বছৰীয়া অভিনেতা দিলীপ কুমাৰক বৃহস্পতিবাৰে সন্ধিয়া চিকিৎসালয়ৰ পৰা ঘৰলৈ অনা হয়। বৰ্তমান সুস্থ অভিনেতা গৰাকীক ৮ অক্টোবৰত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

<br />বৃহস্পতিবাৰে মাজুলীত বিজেপিৰ কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল…

বৃহস্পতিবাৰে মাজুলীত বিজেপিৰ কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল…

১৯. মহানগৰীৰ ৰয়েল গ্ল'ৱেল ইউনিভাৰ্ছিটিয়ে বৃহস্পতিবাৰে সম্বৰ্ধনা জনালে হিমা দাসক। সম্বৰ্ধনা অনুষ্ঠানত অংশ লৈ উৎফুল্লিত হৈ পৰে দৌৰ কন্যা হিমা।

২০. চলন্ত ৰেলত দুই যুৱতী মহিলাক হত্যাৰ গোচৰৰ শিৱসাগৰ আদালতত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে বিচাৰ প্ৰক্ৰিয়া। শুকুৰবাৰে সাক্ষীৰ ভাষ্য গ্ৰহণ কৰিব আদালতে।

২১. দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানৰ বিশ্ব স্বাহ্য সংস্থাৰ এক প্ৰতিবেদনত প্ৰকাশ- 'ভাৰতৰ ৫০ শতাংশ মানসিক ৰোগী ১৪ বছৰ বয়সৰ পৰাই মানসিক ৰোগত আক্ৰান্ত হয়।' লগতে জনায় যে- শিশুৰ পোহপালৰ ওপৰতে বহু পৰিমাণে নিৰ্ভৰ কৰে এই ৰোগ।

২২. বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ ৰাজনৈতিক দল পিডিপি এৰি কংগ্ৰেছত যোগদান কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কৰ্ণ সিঙৰ পুত্ৰ বিক্ৰমাদিত্য সিঙে।

২৩. দেশৰ চৰকাৰী বিদ্যালয়ৰ সকলো শিক্ষাৰ্থীয়ে পাব জোতা। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ক ৰাষ্ট্ৰীয় শিশু অধিকাৰ সংৰক্ষণ আয়োগে কৰিলে আবেদন।

২৪. তামিলনাডুত ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ পৰা ৫০ ফুট তলৰ খাৱৈত বাগৰিল এখন ভেন। দুৰ্ঘটনাটোত নিহত ৫জন আৰু আহত ১২জনকৈ যাত্ৰী।

২৫. আৰু, পলৰীয়া উদ্যোগপতি বিজয় মালিয়াৰ বাংগালুৰুত থকা সম্পত্তি কৰা হ'ব জব্দ। বৃহস্পতিবাৰে  উচ্চতম ন্যায়ালয়ে দিলে এই নিৰ্দেশ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in