১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. মহাৰাষ্ট্ৰত আৰু ৬৭জন আক্ৰান্ত কোৰোনা ভাইৰাছত। ৰাজ্যখনত ৪৯০জনকৈ লোক আক্ৰান্ত হৈছে এই ভাইৰাছত।

২. অসমত ২৪ জন লোকৰ দেহত কোৰোনা ভাইৰাছ। ইয়াৰে ২৩ গৰাকী লোকেই গৈছিল নিজামুদ্দিন মাৰ্কাজলৈ।

৩. গুজৰাটত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯জনলৈ বৃদ্ধি পাইছে। ৰাজ্যখনত ৯৫জনকৈ লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত।

৪. কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াত সহযোগিতা আগবঢ়াইছে দেশৰ তিনিওটা সেনা বাহিনীয়ে। তিনিওটা সেনা বাহিনীয়ে ১৯খনকৈ হাস্পতাল কোৰোনাৰ চিকিৎসা প্ৰদানৰ বাবে আগবঢ়াইছে।

৫. গোলাঘাটত COVID-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা। গোলাঘাটত মন্ত্ৰী অতুল বৰাৰ সংবাদমেল। জিলাখনৰ ৪৫ জন লোকক কোৱাৰেণ্টাইনত ৰখা হৈছে।

৬. অসমত লকডাউন অমান্য কৰি এতিয়ালৈকে গ্ৰেপ্তাৰ ৮৪৩ জন। ৰুজু হৈছে সৰ্বমুঠ ৩৪৯টা গোচৰ।

৭. ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোডীৰ। কোৰোনা ভাইৰাছৰ সন্দৰ্ভত কৰে আলোচনা।

৮. কোৰোনা ভাইৰাছৰ বিৰোধী যুঁজত সহযোগিতা আগবঢ়াইছে কেন্দ্ৰীয় বিদ্যালয় সংস্থাৰ কৰ্মচাৰীৰ। মুঠ ১০.৪০ কোটি টকা দান কৰে প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ।

৯. ভুপালত মছজিদত নামাজ পঢ়িবলৈ যোৱা ৯জনক গ্ৰেপ্তাৰ। সান্ধ্য আইন অমান্য কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে লোক কেইজনক।

১০. 'কোৰোনা ভাইৰাছে ধৰ্ম নাচায়। মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়ক, মানুহৰ বিৰুদ্ধে নহয়।'- এই মন্তব্য কংগ্ৰেছ নেতা আহমেদ পেটেলৰ।

১১. মাংগালুৰুত লুণ্ঠনৰ ঘটনা। এখন দোকানৰ পৰা দুৰ্বৃত্তই লকডাউনৰ মাজতে লুটি নিয়ে ১ লাখ টকাৰ সামগ্ৰী।

১২. সৰুসজাইৰ শিবিৰত সাজু ১৩০০ কোৱাৰেণ্টাইন বিচনা, ৭০০ বিচনাৰ আছুতীয়া কক্ষ। এতিয়ালৈকে অনা হৈছে নলবাৰী, গোৱালপাৰা, মৰিগাঁও ইত্যাদি জিলাৰ শতাধিক লোক।

১৩. মহাৰাষ্ট্ৰৰ সংযোগ বাৰত আৰক্ষীৰ অভিযান। অবৈধভাৱে সুৰা বিক্ৰী কৰাৰ অভিযোগ বাৰখনৰ প্ৰবন্ধকৰ বিৰুদ্ধে। লগতে জব্দ প্ৰায় ডেৰ লাখ টকাৰ সুৰা।

১৪. অহা ৩০ এপ্ৰিললৈ বন্ধ থাকিব বিমান টিকটৰ সকলো বুকিং। এই কথা ঘোষণা এয়াৰ ইণ্ডিয়াৰ।

১৫. সমগ্ৰ বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত ১০ লক্ষাধিক লোক। ইফালে COVID-19ত আক্ৰান্ত হৈ মৃত্যু ৫৮ সহস্ৰাধিক লোক।

১৬. অহা ২২ মে'ত মুক্তি পাব নতুন হিন্দী ছবি লক্ষ্মী বোম্ব। ছবিখনত অভিনয় কৰিছে অক্ষয় কুমাৰে।

১৭. ছত্তীশগড়ত পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণহীন হৈ এখন স্কুটী বাগৰি পৰে পথত। আহত এজন লোক।

১৮. ভাৰতত ৩১০০ৰো অধিক লোক আক্ৰান্ত শুকুৰবাৰৰ নিশা ১২ বজালৈকে। দেশত মুঠ ৮৬জন লোকৰ মৃত্যু কোৰোনাত ভাইৰাছত আক্ৰান্ত হৈ।

১৯. দেশত বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। অসমত ২৪জনলৈ বৃদ্ধি পাইছেগৈ COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা।

২০. চিকিত্‍সালয়ত নাৰ্ছৰ সমুখত নগ্ন হোৱাৰ লগতে অশ্লীলতা প্ৰদৰ্শন কৰাৰ অভিযোগ। উত্তৰপ্ৰদেশত কেবাগৰাকীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ।

২১. কোৰোনা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতিও যেন সতৰ্ক নহয় একাংশ অবৈধ সুৰা ব্যৱসায়ী-সুৰাপায়ী। লকডাউনৰ মাজতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত অবৈধ সুৰাৰ বেহা।

২২. কোৰোনাক লৈ নানাধৰণৰ উৰা বাতৰিয়ে গ্ৰাস কৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চল। ইমান এক ভয়াৱহ সময়তো একাংশই মহামাৰীক লৈয়ো অপপ্ৰচাৰ কৰিবলৈ এৰা নাই।

২৩. দেশজোৰা লকডাউনৰ সময়ত বহু দৰিদ্ৰ পৰিয়াল এতিয়া সন্মুখীন হৈছে খাদ্য সংকটৰ। এনে পৰিস্থিতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আগবাঢ়ি আহিছে সেইসকল দৰিদ্ৰ পৰিয়ালৰ কাষলৈ।

২৪. লকডাউনৰ সময়ত এইবাৰ দেশবাসীৰ পৰা ৫ এপ্ৰিলৰ নিশা ৯ বজাত ৯ মিনিট বিচাৰিছে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীৰ আহ্বান- ঘৰৰ সকলো লাইট নুমুৱাই মমবাতি, চাকি বা ম'বাইলৰ ফ্লেছ জ্বলাই নিজৰ ঘৰত থাকিয়েই দেশবাসীয়ে এক সামাজিক পৰিৱেশৰ সৃষ্টি কৰক।

২৫. নলবাৰীত লকডাউন উলংঘা। খাদ্যৰ সন্ধানত ৰাজপথলৈ ওলাই আহিল শ শ লোক। প্ৰশাসনে নিষিদ্ধ ঘোষণা কৰা মল্লাপাৰাৰ পথত জনতাৰ ভিৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in