১ মিনিটত ২৫ খবৰ

623

১. ৫ অক্টোবৰত ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ ‘দ্য আণ্ডাৰৱৰ্ল্ড’। ছবিখনৰ প্ৰচাৰৰ বাবে অহা ৪ অক্টোবৰত চানমাৰিৰ পৰা জ্যোতি চিত্ৰবনলৈ জুবিন ফেন ক্লাৱে আয়োজন কৰিব বাইক ৰে’লী।

২. লংকাত বিদ্যুৎ বিভাগৰ কাণ্ডজ্ঞানহীন কৰ্ম। চাৰিদিন ধৰি পথৰ ওপৰত পৰি আছে বিদ্যুৎ পৰিবাহী তাঁৰ। খবৰ দিয়াৰ পাছতো বিভাগটোৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

৩. স্বাধীন ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ আজি জন্মদিন। ১৯০৪ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল প্ৰধানমন্ত্ৰীজন।

৪. বিশ্ব টেনিছ ৰেংকিঙত মহিলা শাখাৰ শীৰ্ষত আছে ৰোমানিয়াৰ খেলুৱৈ ছিমোনা হালেপ আৰু পুৰুষ শাখাৰ শীৰ্ষত আছে ৰোজাৰ ফাউণ্ডাৰ।

৫. মঙলবাৰে গান্ধীবাদী নেতা আন্না হাজাৰে আৰম্ভ কৰা অনশন মহাৰাষ্ট্ৰ চৰকাৰৰ সৈতে হোৱা আলোচনাৰ অন্তত স্থগিত ৰখা হয়।

৬. ৱাৰ্ধাত ৰাহুল গান্ধীয়ে কটাক্ষ কৰিলে নৰেন্দ্ৰ মোদীক। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰশ্ন কৰে- ‘আম্বানীৰ জেপত ৩০ হাজাৰ কোটি টকা গুজি দি কি লাভ হ’ল চৰকাৰৰ।’

৭. ‘কোনো লোকে দুৰ্নীতিৰে ভোটকাৰ্ড প্ৰস্তুত কৰিলে লোৱা হ’ব দৃষ্টান্তমূলক শাস্তি, চৰকাৰে ৰাখিছে নজৰ।’- কিৰণ ৰিজেজু।

৮. মঙলবাৰে মুক্তি পালে কংগনা ৰেনাৱট অভিনীত বহুচৰ্চিত ছবি ‘মণিকৰ্ণিকা’ৰ ট্ৰেইলাৰ। ২০১৯ৰ জানুৱাৰীত মুক্তি পাব এই ছবিখন।

৯. ছয়গাঁৱৰ গৰৈমাৰীত বলাৎকাৰৰ অভিযোগত এজন শিক্ষকক প্ৰহাৰ। আহত শিক্ষকজন বৰ্তমান জি এন আৰ চিত চিকিৎসাধীন।

১০. বিহাৰৰ গাজিয়াবাদত এজন কনিষ্টবলক গুলীয়াই হত্যা কৰে সহকৰ্মীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

১১. বিপদত পৰিছে তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ান’ ৰ’নাল্ডৌ। তাৰকা খেলুৱৈগৰাকীৰ মঙলবাৰে পুনৰ মুকলি হ’ল গোচৰ।

১২. নয়দাত যৌতুকৰ বাবে স্বামীৰ পৰিয়ালে হত্যা কৰিলে এগৰাকী মহিলাক। স্বামীৰ পৰিয়ালৰ সদস্যক গ্ৰেপ্তাৰ আৰক্ষীৰ।

১৩. মঙলবাৰে ৰঙিয়া আৰক্ষীয়ে আটক কৰে খাৰুৱা তেলৰ এজন অবৈধ সৰহবৰাহকাৰীক। আটকাধীন লোকজনৰ নাম দীননাথ শ্বাহ।

১৪. দিল্লীৰ নাম সলনি কৰি ‘ইন্দ্ৰপ্ৰস্থ’ কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিলে বিজেপি নেতা অশ্বিনী উপাধ্যায়ে।

১৫. কেন্দ্ৰীয় লঘু উদ্যোগমন্ত্ৰী গিৰিৰাজ সিঙৰ মন্তব্য- ‘ অযোধ্যাত নিৰ্মাণ হ’বই ৰাম মন্দিৰ, হিন্দু-মুছলমানে মিলি বনাম ৰাম মন্দিৰটো।

১৬. মঙলবাৰে তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই গভাইত বাইকচোৰক। অস্ত্ৰসহ এখন বাইক উদ্ধাৰ চোৰদুটাৰ পৰা।

১৭. বলিউডৰ ছবি ‘ছুই ধাগা’ বক্স অফিচত ছুপাৰ হিট । ৩০কোটি বাজেটৰ ছবি খনে ৪দিনত সংগ্ৰহ কৰিলে ৪৩.২৫ কোটি টকা।

১৮. মঙলবাৰে গুজৰাটৰ চাবৰকান্ঠাত কৰুণ ঘটনা। ২০০ ফুঁট দ’ গাঁতত পৰি মৃত্যু এটি ডেৰবছৰীয়া শিশুৰ।

১৯. ২ অক্টোবৰত দিল্লী-উত্তৰ প্ৰদেশ সীমান্তত হোৱা কৃষক আন্দোলনত এজন এচিপি বিষয়াৰ সৈতে ৭জন আৰক্ষী বিষয়া আহত। দিল্লী আৰক্ষীয়ে দিলে এই তথ্য।

২০. দাম কমিল ছেমছাং জে ৬ ম’বাইলটোৰ । ১২৯৯৯ৰ পৰিৰ্ৱতে এতিয়া ম’বাইলটো লাভ কৰিব ১২,৪৯০ টকাত। সোমবাৰে হ্ৰাস পালে মূল্য।

২১. মঙলবাৰে টিভিএছ জুপিটাৰক নতুন ৰূপ দি বজাৰলৈ আনে ‘টিভিএছ জুপিটাৰ গ্ৰেণ্ড ৫জি’। বহুকেইটা নতুন সুবিধাৰ লগতে ভিন্ন ৰঙৰ স্কুটীও উপলদ্ধ হ’ব এই সংস্কৰণত।

২২. মঙলবাৰে গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে ‘সবকি যোজনা, সবকা বিকাশ’ আঁচনি।

২৩. উত্তৰ প্ৰদেশত এজন আৰক্ষী বিষয়াৰ আত্মহত্যা। নিজ ছাৰ্ভিচ ৰিভ’লভাৰেৰে গুলীয়াই আত্মহত্যা আৰক্ষী বিষয়াজনৰ।

২৪. ৰাজস্থানৰ নাগৌৰত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন ট্ৰাকৰ সংঘৰ্ষত নিহত ৩জনকৈ লোক। ইফালে দুৰ্ঘটনাটোত আহত তিনিজনক চিকিৎসালয়লৈ প্ৰেৰণ।

২৫. মঙলবাৰে বাল্টিক সাগৰৰ মজাত আৱদ্ধ হৈ পৰে ডেনিশ ফেৰী কোম্পানীৰ এখন যাত্ৰীবাহী জাহাজ। জাহাজখনত আছিল প্ৰায় ২৯৪জন যাত্ৰী। যান্ত্ৰিক বিজুতিৰ বাবে বন্ধ হৈছিল জাহাজখনৰ ইঞ্জিন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি