১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. গোৱালপাৰাৰ আগিয়াৰ দ্বাৰকাত ভয়ংকৰ দুৰ্ঘটনা। বাইক আৰু দ্ৰুতবেগী ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন আৰোহী।

২. আধাৰ আইন উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰ চৰকাৰ। আইন উলংঘা কৰা সকলে ভৰিব লাগিব ১ কোটি টকা পৰ্যন্ত জৰিমনা।

৩. মুম্বাই আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰে এজন লোকক। এখন সুৰা বিপনীৰ স্বত্তাধিকাৰৰ পৰা ২২ লাখ টকা উৎকোচ লোৱা বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক।

৪. মঙলবাৰে জম্মু-কাশ্মীৰ আৰক্ষীৰ এগৰাকী এছ পি অ'ক লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণ। ফলত গুৰুতৰভাৱে আহত আৰক্ষী বিষয়াগৰাকী।

৫. ২০১৯ৰ প্ৰথমটো সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোডীৰ মন্তব্য- 'বিৰোধী দল কংগ্ৰেছে কৰে পৰিয়ালকেন্দ্ৰিক, জাতিবাদ, বংশবাদৰ ৰাজনীতি।'

৬. প্ৰধানমন্ত্ৰী মোডীৰ মঙলবাৰৰ সাক্ষাৎকাৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত আম আদমী পাৰ্টীৰ সেনা সঞ্জয় সিঙৰ মন্তব্য- 'প্ৰধানমন্ত্ৰী মোডীয়ে কৰে প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত দিব লাগিব উত্তৰ।'

৭. দিল্লীৰ ইণ্ডিয়া গেটত নৱবৰ্ষৰ আনন্দ-উল্লাস। নতুন বছৰটোৰ প্ৰথম দিনটোত ৭৫হাজাৰতকৈও অধিক লোকে ভিৰ কৰে ইণ্ডিয়া গেটত।

৮. 'প্ৰথম ১০০দিনত আয়ুষ্মান ভাৰত' যোজনাৰ অধীনত প্ৰায় ৬.৮৫ লাখ ৰোগীৰ চিকিৎসা বিনামূলীয়াকৈ কৰোৱা হৈছে।'- মঙলবাৰে এই মন্তব্য কৰে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে

৯. চলিত বৰ্ষৰ ৯ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব একশ্যন ছবি 'উৰিঃ দ্য ছাৰ্জিকেট ট্ৰাইক'। আদিত্য ধাৰে পৰিচালনা কৰা এই ছবিখনত মুখ্য চৰিত্ৰত দেখা পোৱা যাব অভিনেতা পৰেশ ৰাৱাল, বিকি কৌশল আৰু অভিনেত্ৰী য়ামী গৌতমক।

১০. ২০১৯ৰ প্ৰথমটো দিনতে কোকৰাঝাৰৰ ৰামফলবিলত নাৰকীয় ঘটনা। পুৱাই পথাৰৰ মাজত উদ্ধাৰ হ'ল এগৰাকী মহিলাৰ উলংগ মৃতদেহ।

১১. যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়ানীৰ পৰা প্ৰায় ২৫ কিঃমিঃ নিলগত হত্যা এটি নাহৰফুটুকীৰ। আদিবাসী লোকে হত্যা কৰে নাহৰফুটুকীটোৰ।

১২. মঙলবাৰে এক সংবাদমেলত ছাউথৰ বিশিষ্ট অভিনেতা প্ৰকাশ ৰাজে ৰাজনীতি ক্ষেত্ৰত নমাৰ কথা জনাই কয়- '২০১৯ৰ লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিম।'

১৩. মাৰ্চ মাহৰ পৰা দিল্লীৰ মেট্ৰ' ৰেলত ছাত্ৰ আৰু বয়োজ্যেষ্ঠৰ ভাৰা হ্ৰাস কৰা হ'ব। এই ঘোষণা কৰে মেট্ৰ ৰেলৱেৰ এজন উচ্চপদস্থ বিষয়াই।

১৪. '২০১৯ৰ লোকসভা নিৰ্বাচন সৰ্বসাধাৰণৰ আশা–আকাংক্ষাৰ নিৰ্বাচন। জনতাই এই নিৰ্বাচনত নিৰ্ণায়কৰ ভূমিকা ল'ব।'- এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

১৫. ভাৰত-অষ্ট্ৰেলিয়াৰ টেষ্ট শৃংখলাত ২-১ ব্যৱধানত আগবাঢ়ি আছে ভাৰতীয় দল। টেষ্ট শৃংখলাৰ চতুৰ্থখন মেচ ৩ জানুৱাৰীত খেলা হ'ব।

১৬. 'দেশৰ নাগৰিকে আশা কৰে যে মোডী চৰকাৰে ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি নিজৰ কাৰ্যকালতেই পূৰণ কৰিব। কাৰণ বিজেপি ইয়াৰ বাবে সকলো সম্ভৱত চেষ্টা চলাব বুলি ২০১৪ত চৰকাৰ গঠন কৰাৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল'- মঙলবাৰে এই মন্তব্য কৰে আৰ এছ এছে।

১৭. কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে মঙলবাৰে ঘোষণা কৰে যে- 'চৰকাৰী বিভিন্ন বিভাগত কৰ্মৰত প্ৰায় ৪হাজাৰ বিষয়া-কৰ্মচাৰীৰ নতুন বৰ্ষত পদোন্নতি কৰা হ'ব।'

১৮. অভিনেতা ৰণবীৰ সিং অভিনীত ছিমবাই উপাৰ্জন কৰিলে ১০০ কোটি টকা। যোৱা ২৮ ডিচেম্বৰত ছবিগৃহত মুক্তি পাইছিল বলিউদৰ ছবিখন।

১৯. 'ঝাৰখণ্ডত অহা ৫ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সমাৰোহত কোনো লোকেই পিন্ধি আহিব নোৱাৰিব ক'লা পোছাক৷' -প্রধানমন্ত্ৰীৰ সুৰক্ষালৈ লক্ষ্য ৰাখি এই নিৰ্দেশ জাৰি কৰিলে ঝাৰখণ্ড প্ৰশাসনে৷

২০. অহা ৩ জানুৱাৰীত শপত ল'ব বাংলাদেশৰ নৱনিৰ্বাচিত সাংসদসকলে৷ সদ্য সমাপ্ত ৰাষ্ট্ৰখনৰ সাধাৰণ নিৰ্বাচনত একেধাৰে চতুৰ্থবাৰৰ বাবে জয়লাভ কৰিছিল শ্বেইখ হাছিনাৰ পাৰ্টি আবামী লীগে৷

২১. বিগত ৫ বছৰত জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৪৯ জন ছাত্ৰই আত্মহত্যা কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছতে বিদ্যালয় খনলৈ ইয়াৰ কাৰণ বিচাৰি জাননী প্ৰেৰণ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে৷ এসপ্তাহৰ ভিতৰত বিদ্যালয়খনে জনাব লাগিব ছাত্ৰৰ আত্মহত্যাৰ কাৰণ৷

২২. নতুন বছৰৰ আনন্দ উছাহৰ মাজতে দিল্লীত গুলীয়াই হত্যা এজন যুৱকক৷ ৩১ ডিচেম্বৰৰ নিশা মদ আনিবলৈ অস্বীকাৰ কৰা বাবেই যুৱকজনক গুলীয়াই হত্যা কৰে তিনি সুৰাসক্ত যুৱকে৷

২৩. বুলন্দচহৰত প্ৰতিবাদীক বাধা দিবলৈ যোৱা আৰক্ষী বিষয়া সুবোধ সিঙক কুঠাৰেৰে ঘপিয়াইছিল এজন লোকে৷ মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত কলুৱা নামৰ লোকজনক৷

২৪. ভাৰত আৰু চীনা সেনাই মঙলবাৰে লদ্দাখ ক্ষেত্ৰত উদযাপন কৰে নৱবৰ্ষ। নৱবৰ্ষৰ মাজতে দুয়োখন দেশৰ সেনা বাহিনীৰ মাজত অনুষ্ঠিত হয় এক বৈঠক।

২৫. যশস্বী অভিনেতা কাদেৰ খানৰ মৃত্যুত শোক প্ৰকাশ একালৰ সহকৰ্মী অভিনেতা গোবিন্দাৰ। তেওঁ ক'লে- 'কাদেৰ খান কেৱল মোৰ সহ অভিনেতাই নহয়, তেওঁ মোৰ পিতৃ সদৃশ আছিল।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in