১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১) অষ্টেলিয়াৰ কেনবেৰাত ভাৰত আৰু অষ্টেলিয়াৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বিৰাট কোহলীয়ে ক্ষীপ্ৰতাৰে ১২০০০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।এই ৰানেৰে শচীন টেণ্ডুলকাৰৰ অভিলেখ ভাঙি নতুন অভিলেখ গঢ়িলে বিৰাট কোহলীয়ে।

২) ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন। অহা সপ্তাহৰ পৰা আৰম্ভ হ'ব টিকাকৰণ। ৪ কোটী লোকৰ বাবে উদ্ভাৱন কৰিছে এই ফাইজাৰ-বায়এনটেক নামৰ ভেকচিনবিধ।

৩) চলিত বৰ্ষৰ অক্টোৱৰ আৰু নৱেম্বৰ মাহত উল্লেখনীয়ভাৱে এফপিআইৰ বিনিয়োগ বৃদ্ধি পাইছে।সমান্তৰালভাৱে দেশৰ প্ৰত্যক্ষ বিনিযোগে যঠেষ্ট বৃদ্ধি পাইছে।

৪) কোৰোনাৰ সংক্ৰমণৰ ফলত ৫০০ সাংবাদিকৰ মৃত্যু হৈছে।জেনেভাস্থিত আন্তজাৰ্তিক অধিকাৰ সংস্থা প্ৰেছ এমব্লেম কেম্পইনে এই তথ্য প্ৰকাশ কৰিছে।

৫) পদ্মশ্ৰী আৰু অৰ্জুন বঁটা লাভ কৰা মল্লযুঁজাৰু কৰ্তাৰ সিঙ ,অৰ্জুন বঁটা বিজয়ী বাস্কেটবল খেলুৱৈ সজ্জন সিঙ সীমা আৰু হকী খেলুৱৈ ৰাজবীৰ কৌৰে ঘোষণা কৰিছিল যে তেওঁলোকে ৫ ডিচেম্বৰত দিল্লীত উপস্থিত হৈ ৰাষ্ট্ৰপতি ভৱনৰ সমূখত তেওঁলোকৰ বঁটা সমূহ থৈ আহিব।

৬) চৰকাৰ সতে হোৱা আলোচনাই সকাহ নিদিলে কৃষকক।বুধবাৰৰ অলোচনাৰ পিছতে তীব্ৰতৰ হৈছে কৃষকৰ আন্দোলন।

৭) দেশৰ ষ্টেচু অৱ ইউনিটিৰ টিকট আৰু পাৰ্কিঙৰ আয়ৰ পৰা সংগ্ৰহ কৰা ৫ কোটি ২৫ লাখ টকা আত্মসাৎ কৰিছে।ৰাইটাৰ বিজনেজ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ।\

৮) হোৱাইট ৱাছৰ পৰা ৰক্ষা পৰিল ভাৰত। বুধবাৰৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়াত ১৩ ৰানৰ পৰাস্ত কৰি বিজয় সাৱস্ত্য কৰিলে ভাৰতে।

৯)জম্মু কাশ্মীৰৰ যুদ্ধ বিৰতি আইন উলংঘনৰ ফলত পুণৰ ছহিদ হৈছে ভাৰতীয় জোৱান। সীমান্তৰ এই ছহিদজন উত্তৰ পূৰ্বাঞ্চলকৃৰ এজন বিএচএফ জোৱান।

১০)চলিত বৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত জমা দিবলৈ জনোৱা হৈছে যান-বাহন কৰ।৩১ ডিচেম্বৰৰ ভিতৰত কাগজ পত্ৰ নবীকৰণ নকৰিলে অন্যথা ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা।

১১) বহিঃৰাজ্যত পুণৰ হত্যা কৰা হৈছে অসমৰ যুৱকক। মেঘালয়ৰ ক্লেৰিয়াটত সংঘটিৃত হৈছে এই ঘটনা। যুৱক জনৰ নাম দিলোৱাৰ হুচেইন।

১২) দেশত অৱ্যাহত আছে কোৰোনাৰ সন্ত্ৰাস। বিগত ২৪ ঘন্টাত মৃত্যু হৈছে ৫০১ জন লোকৰ।

১৩) অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ হৈছে।১৪ জুনৰ বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু আৰু ড্ৰাগছ সম্পৰ্কীয় গোচৰত গ্ৰেপ্তাৰ হৈছিল চৌভিক।বুধবাৰে বিশেষ এনডিপিএচৰ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰিছে।

১৪) কোৰোনাৰ বাবে ডাক বিভাগৰ বিশেষ পদক্ষেপ । স্পীড পোষ্টৰ জৰিয়তে পঠোৱা হ'ব প্ৰসাদ । কেৰালাৰ বিখ্যাত সবৰীমালা মন্দিৰৰ "স্বামী প্ৰসাদ"ক ভক্তসকলৰ মাজত স্পীড পোষ্ট কৰি তেওঁলোকৰ ঘৰলৈ কৰাৰ সিদ্ধান্ত লৈছে।

১৫) বিশিষ্ট সাহিত্যিক যেছে দৰজে থংছিক চ্যু-কা-ফা বঁটা প্ৰদান কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। এই বঁটাত আছে এখন গামোচা, চাবকান, এখন হেংদাং এখন সঁফুৰা আৰু ৩ লাখ টকাৰ এখন চেক।

১৬) BTCত শেষ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ। ওদালগুৰিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব'- কাৰ, বাইকেৰে বিশাল ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ।

১৭) কাছাৰৰ কাটিগড়াত পথ দুৰ্ঘটনাক লৈ ভয়ংকৰ পৰিস্থিতি। শ শ লোকে অৱৰোধ কৰিলে ৬নং ৰাষ্ট্ৰীয় ঘাইপথ।

১৮) গুৱাহাটীৰ মাজমজিয়াৰ পৰা অপহৃত হৈছে মিৰ্জাৰ শান্তিপুৰৰ নীলোৎপল কলিতা নামৰ এজন ছাত্ৰ।

১৯) ৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব BTC নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। ওদালগুৰি আৰু বাক্সা জিলাৰ ১৭৩৯ কেন্দ্ৰত ১৩০গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১৩ লাখ ভোটাৰে

২০) দেশৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি বৰিছ জনছন। ফোনযোগে ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

২১) আজমলক দিছপুৰৰ কাষলৈ আহিবলৈ আহিব নিদোঃ হিমন্ত বিশ্ব শৰ্মা ।

২২) আগন্তুক বিধানসভা নিৰ্বাচনত অশ্বমেধৰ ঘোঁৰাৰ দৰে দৌৰিব অসম গণ পৰিষদ। এই মন্তব্য দলটোৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ।

২৩) কৃষক বিদ্ৰোহত বুধবাৰেও উত্তাল হৈ ৰ'ল দিল্লীৰ সীমান্ত অঞ্চল। বন্ধ হৈ গ'ল দিল্লীত প্ৰৱেশৰ প্ৰায় প্ৰতিটো পথ।

২৪) বড়োভূমিৰ সমান্তৰালকৈ মধ্য অসমতো বলিছে নিৰ্বাচনী বতাহ। আৰম্ভ হৈছে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ

২৫) বৃহস্পতিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ। দিছপুৰৰ চৰকাৰী আৱাসত আয়োজন আদ্যশ্ৰাদ্ধৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in