শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

১ মিনিটত ২৫ খবৰ…

35

১. অৰুণাচল প্ৰদেশত ধৰা পৰিল COVID-19ত আক্ৰান্ত এজন লোক। ৰাজ্যখনৰ তেজুত ধৰা পৰিল প্ৰথমজন কৰোনা আক্ৰান্ত।

২. মুখ্যমন্ত্ৰীসকলৰ সৈতে মোদীৰ ভিডিঅ’ কনফাৰেন্সিং। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়েও অংশ লৈছে ভিডিঅ’ কনফাৰেন্সিঙত। কোৰোনা ভাইৰাছৰ সন্দৰ্ভত আলোচনা।

৩. বিশ্বজুৰি ভয়াৱহ হৈ পৰা কৰোনা ভাইৰাছৰ বাবে এতিয়া সমগ্ৰ দেশ লকডাউনত। এনে সময়ত চিকিৎসক-চিকিৎসা কৰ্মীৰ উপৰি আৰক্ষীকে ধৰি বিভিন্ন নিৰাপত্তাৰক্ষী বিভাগৰ লোক ব্যস্ত আইন-শৃংখলা নিয়ন্ত্ৰণত।

৪. অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীৰ হাতৰ পৰা নিজেই পাইপ ধৰি ছেনিটাইজেশ্যন মুখ্যমন্ত্ৰীৰ। ফাঁচীবজাৰত ছেনিটাইজেশ্যন প্ৰক্ৰিয়া নিৰীক্ষণ কৰিবলৈ বিয়লি গৈছিল মুখ্যমন্ত্ৰী।

৫. ৰাজ্যত কৰোনাত আক্ৰান্ত হৈছে ১৬জনকৈ লোক। জিএমচিএইচত ঘোষণা স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ। সকলো লোককে চৰকাৰী নীতি-নিৰ্দেশনা মানি চলাৰ আহ্বান স্বাস্থ্য মন্ত্ৰীগৰাকীৰ।

৬. লকডাউনৰ নৱম দিনটোত শূন্য গুৱাহাটী মহানগৰী। সদাব্যস্ত মহানগৰীৰ মুল পথসমূহো নিমাওমাও হৈ আছে।

৭. সমগ্ৰ দেশজুৰি অব্যাহত লকডাউন। জৰুৰীকালীন সেৱাত জড়িতসকলৰ বাহিৰে গৃহবন্দী হৈ আছে সকলো লোক।

৮. নলবাৰীৰ পৰা ৪৭জন লোকক স্থানান্তৰ সৰুসজাইলৈ। নলবাৰী অসামৰিক চিকিত্সাবলয়ত আছুতীয়াকৈ ৰখা হৈছিল লোক কেইজনক।

৯. হাৰিয়ানা চৰকাৰে চেৱিং গাম আৰু তেনেধৰণৰ সামগ্ৰীসমূহ বিক্ৰী কৰাৰ সন্দৰ্ভত থকা নিষেধাজ্ঞা বাতিল কৰে। কোৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে এই প্ৰয়াস চৰকাৰৰ।

১০. দিল্লীত ২৪ ঘন্টাৰ ভিতৰত নতুনকৈ ১৪১জন লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰে ১২৯জন লোক নিজামুদ্দিন মাৰ্কাজত অংশ লৈছিল বুলি জানিব পৰা গৈছে।

১১. অসমত ৪৮৮জন লোকক নিজামুদ্দিন মাৰ্কাজত অংশ লোৱা বুলি চিনাক্ত কৰা হৈছে। আৰু ১৫জন লোকক চিনাক্ত তথা তেওঁলোকৰ উপস্থিতি ধৰা পেলাবলৈ বাকী আছে।

১২. মধ্যপ্ৰদেশৰ ইন্দোৰত পুনৰ উপস্থিতি স্বাস্থ্য কৰ্মী। উল্লেখ্য যে, বুধবাৰে এই স্বাস্থ্য কৰ্মীসকলৰ ওপৰত স্থানীয় ৰাইজে শিলাবৰ্ষণ কৰিছিল।

১৩. আৰক্ষীয়ে মধ্যপ্ৰদেশত ৭জন লোকক গ্ৰেপ্তাৰ কৰে। স্বাস্থ্য কৰ্মীক প্ৰহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে লোক কেইজনক।

১৪. লকডাউনৰ মাজতে পুঞ্চ ছেক্টৰত পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন। ভাৰতীয় সেনা বাহিনীয়েও দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।

১৫. বাংগালুৰুত তিনিজন লোকক গ্ৰেপ্তাৰ। আশা কৰ্মীৰ ওপৰত প্ৰহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় লোক কেইজনক।

১৬. দিল্লীৰ হাস্পতালত নিজামুদ্দিন মাৰ্কাজৰ পৰা নিয়া একাংশ ৰোগীৰ দুৰ্ব্যৱাহৰ। ইয়াক লৈ ৰাজ্য চৰকাৰে দিল্লী আৰু আয়ুক্তলৈ নিৰাপত্তাৰ বৃ্দ্ধিৰ বাবে দিয়ে এক পত্ৰ।

১৭. নিজামুদ্দিন মাৰ্কাজত অংশ লোৱা ৯৬০জন লোকৰ ভিছা বাতিল কৰা হৈছে। গৃহ মন্ত্ৰণালয়ে সদৰী কৰে এই কথা।

১৮. ২২ মে’ত মুক্তি পাব নতুন হিন্দী ছবি লক্ষ্মী বোম্ব। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে।

১৯. এটা ভাল খবৰ, শিৱসাগৰ জিলাত ৩৭ গৰাকী লোকৰ কোভিড-১৯ৰ পৰীক্ষাত ফলাফল আহিছে নিগেটিভ। ইয়াৰে ৮ গৰাকী ব্যক্তি কিছুদিনৰ পূৰ্বে অংশ লৈছিল নিজামুদ্দিন দৰগাহৰ মাৰ্কাজত।

২০. জামুদ্দিন দৰগাহলৈ যোৱা লখিমপুৰ ৫ গৰাকী ব্যক্তিৰ দেহটো নাই কোৰোনা ভাইৰাছৰ অৱস্থিতি। বৃহস্পতিবাৰে সন্ধিয়াভাগত স্বাস্থ্যবিভাগে সদৰি কৰে এই কথা।

২১. সমগ্ৰ বিশ্বত কোৰোনাত আক্ৰান্তৰ সংখ্যাই পাৰ কৰিলে ১০ লাখৰ ঘৰ। বৰ্তমানলৈকে আক্ৰান্তৰ সংখ্যা ১০,০০,৬৫৭।

২২. দিল্লীৰ তবলিগী জামাতত উপস্থিত থকা লোকসকলৰ পৰিয়ালক অনা সৰুসজাইলৈ। সৰুসজাই ক্ৰীড়া প্ৰকল্পত কোৰাৰাণ্টাইন কৰা হ’ব এই পৰিয়ালসমূহক। এই কথা ছচিয়েল মিডিয়াযোগে প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

২৩. নগাঁৱৰ পৰা নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতলৈ যোৱা ১৩জন ব্যক্তিৰ দেহত নাই ক’ৰোণা ভাইৰাছৰ অৱস্থিতি। স্বাস্থ্য পৰীক্ষাৰ অন্তত জিলা প্ৰশাসনে নিশ্চিত কৰিছে এই তথ্য। অৱশ্যে এতিয়াও আন ৬জন ব্যক্তিৰ স্বাস্থ্যপৰীক্ষাৰ প্ৰতিবেদন আহিবলৈ বাকী আছে।

২৪. বিধায়ক আমিনুলে নিজামুদ্দিনৰ পৰা আহি অসমৰ চুকে কোণে লুকাই থকা লোকসকলক চিকিৎসালয়ৰ ওচৰ চাপিবলৈ অনুৰোধহে জনাব লাগিছিল ৷ তাৰ সলনি তেওঁ ৰাইজক বিভ্ৰান্তহে কৰিলে ৷ এয়া দুৰ্ভাগ্যজনক কাৰ্য ৷’বিজেপি বিধায়ক ডাঃ নোমল মমিন।

২৫. ‘নিজামুদ্দিনলৈ যোৱা ৰাজ্যৰ ৪৮৮ গৰাকী ব্যক্তিৰ লগত ইতিমধ্যে সম্পৰ্ক স্থাপন কৰা হৈছে। আৰু ১৫ গৰাকী বিচাৰি উলিয়াবলৈ এতিয়াও বাকী আছে। তাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগে। হিমন্ত বিশ্ব শৰ্মা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি