১মিনিটত ২৫খবৰ…

১মিনিটত ২৫খবৰ…

১. 'এদিনৰ বাবে হ'লেও হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছিলোঁ' মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত এই মন্তব্য কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ>

২. ডিগবৈৰ বৰজানত তেল পৰিবাহী পাইপত ভয়ংকৰ অগ্নিকাণ্ড। অইল ইণ্ডিয়া লিমিটেডৰ পাইপ লাইনত ভয়ংকৰ অগ্নিকাণ্ড।

৩. বাতৰি কাকতৰ এক বিজ্ঞাপন সন্দৰ্ভত বিজেপিক শ্ব'কজ। মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটালৈ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়াৰ জাননী।

৪. নগৰবেৰাৰ মছজিদত নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ। ছ'চিয়েল মিডিয়াত ভাইৰেল মছজিদৰ ভিতৰৰ নিৰ্বাচনী সভা।

৫. ডিমা হাছাওৰ ডিটেকচ'ৰাত সংঘটিত হ'ল ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা বাগৰি পৰিল নিৰ্বাচনী কামত নিয়োজিত আৰক্ষীক কঢ়িয়াই নিয়া এখন বাছ।

৬. হিমন্তৰ ধমকক ভয় নকৰে হাগ্ৰামাই। এই হুংকাৰ দিলে হাগ্ৰামা মহিলাৰী।

৭. সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যু। চৰকাৰক জৱাবদিহি কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে।

৮. আবিৰৰ ৰঙে ৰঙীন হৈ পৰিছে সাংস্কৃতিক নগৰী তেজপুৰ।তৰাজান কুমাৰগাঁৱত উদযাপন কৰিছে আধ্যাত্মিক ফাকুৱা।

৯. ঋতুকালীন ৰং আৰু আনন্দৰ ফল্গু উত্‍সৱত এতিয়া উদুলি-মুদুলি মাজুলী। চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সত্ৰানুষ্ঠানখনত দেওবাৰৰ পৰা আৰম্ভ হৈছে এই উত্‍সৱ।

১০. হুইল চেয়াৰত বহী নিৰ্বাচনী প্ৰচাৰত নামিল মুখ্যমন্ত্ৰী।কলকাতাত মমতা বেনাৰ্জীৰ নিৰ্বাচনী প্ৰচাৰ।

১১. অন্ধ্ৰ প্ৰদেশৰ ভিজিয়ানাগ্ৰাম জিলাত সংঘটিত এই ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত ৩জনৰ কৰুণ মৃত্যু। আন ৫জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত।

১২. হোলী উপলক্ষে উদুলি-মুদুলি বটদ্ৰৱা থান।বৰদোৱা সত্ৰত পৰম্পৰাগত দৌলোত্সৱ উদযাপন।

১৩. প্ৰথম পৰ্যায়ৰ বিজেপিয়ে লাভ কৰিব ৩৭ৰো অধিক আসন। দাবী কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

১৪. 'AJP বা ৰাইজৰ দলৰ পক্ষত নাই CAA বিৰোধী ভোট'। ৰঙিয়াৰ কনিহাত নিৰ্বাচনী প্ৰচাৰ চলাই এই দাবী ৰিপুন বৰাৰ।

১৫. নিয়মীয়া বাৰ্তাৰ জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্তৰ দাবীত "জা" আৰু "এন ইউ জে আই"ৰ ৰাজ্যপাললৈ পত্ৰ।

১৬. নিৰ্বাচন কেন্দ্ৰিক কুটাঘাত কাৰ্যকলাপ চলাবলৈ চেষ্টা কৰা সকলক ৰেহাই দিয়া নহবঃ ভাস্কৰজ্যোতি মহন্ত

১৭. ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাৰায়ণপুৰস্থিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত দুদিনীয়া কাৰ্যসুচীৰে দৌল উছৱ উদ্‌যাপন ৷

১৮. প্ৰধানমন্ত্ৰীৰ ভ্ৰমনৰ প্ৰাকমুহুৰ্তত কোকৰাঝাৰত উদ্ধাৰ বৃহৎ অস্ত্ৰভাণ্ডাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

১৯. লখিমপুৰ জিলাৰ কৰ্মৰত গৃহৰক্ষী বাহিনীৰ অৰ্ধ শতাধিক জোৱান নিৰ্বাচনী কৰ্তব্য পালন কৰিবলৈ গৈ মেঘালয় ৰাজ্যত পথ দুৰ্ঘটনাত পতিত হৈ বহু কেইজন জোৱানে অকাল মৃত্যু সাৱতাৰ লগতে বহু সংখ্যক জোৱান আহত হব লগা হয়।

২১. আজমলৰ পাছত মাদ্ৰাছাক লৈ হাগ্ৰামা মহিলাৰীৰ বিস্ফোকৰ মন্তব্য। 'মহাজোঁটৰ চৰকাৰ অহাৰ পিছতেই মাদ্ৰাছা খোলাক লৈ আলোচনা কৰা হ'ব।'

২২. ফাঁচীবজাৰত ফাকুৱা উৎসৱত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। সহস্ৰাধিক লোকৰ উপস্থিতিত উৎসৱ স্থলীৰ পৰা ৰাজ্যবাসীলৈ ফাকুৱাৰ শুভকামনা মুখ্যমন্ত্ৰীৰ।

২৩. তুংগত উঠিছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ। মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ ধাৰাবাহিকভাৱে প্ৰচাৰ চলাইছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

২৪. 'মহাজোঁটৰ চৰকাৰ হ'লে কংগ্ৰেছৰেই হ'ব মুখ্যমন্ত্ৰী।' মুখ্যমন্ত্ৰী পদক লৈ চৰ্চা চলি থকাৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ স্পষ্ট ঘোষণা।

২৫. ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দিয়া তথ্য অনুসৰি ২৯ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ সমগ্ৰ উত্তৰ-পূব ভাৰতত প্ৰচুৰ বৰষুণৰ সম্ভাৱনা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in