১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত পুনৰ ১০৫৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৭৩৫০৭জন লোকৰ দেওবাৰৰ দিনটোত ৰাজ্যত কোভিড টেষ্টা কৰা হয়।

২. দেওবাৰে গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত গৃহমন্ত্রী অমিত শ্বাহৰ বিশেষ অনুষ্ঠান।

৩. দেওবাৰে বিয়লি বটদ্ৰৱা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি নগাঁও-বটদ্ৰৱা সংযোগী গড়কাপ্তানী পথৰ হাইডুবিত এজন ড্ৰাগছ সৰবৰাহকাৰীক হাতে-লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

৪. অসম কেব মজদুৰ সংঘ-গুৱাহাটী কেব ড্রাইভাৰ ইউনিয়নৰ সংবাদমেল। OLA, UBER দুই প্রতিষ্ঠানৰ বিৰুদ্ধে সৰৱ কেব ড্রাইভাৰসকল। ১ আগষ্টৰ পৰা OLA, UBERৰ গাড়ী নচলে গুৱাহাটীত।

৫. 'নিৰ্বাচনৰ পিছত এয়া মোৰ প্রথমটো অসম ভ্রমণ। বিভিন্নজনে বিভিন্ন কথা কৈছিল। দ্বিতীয়বাৰ চৰকাৰ অহাত স্পষ্ট, অসমে হিংসা, সন্ত্রাসবাদ নিবিচাৰে'- কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ।

৬. টকিঅ অলিম্পিকত অপ্ৰতিৰোধ্য মেৰী কম। প্ৰথমখন মেচত জয়লাভ কৰিছে মেৰী কমে। প্ৰতিদ্বন্দ্বী মেগুইলেনা হাৰ্নাণ্ডেজক পৰাভূত কৰিলে মেৰী কমে।

৭. জয়েৰে অলিম্পিকত যাত্ৰা আৰম্ভ কৰিলে পি ভি সিন্ধুয়ে। মহিলা ছিংগলছ শাখাত ইজৰাইলৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিলে পি ভি সিন্ধুয়ে। ২৯মিনিটত ২১-৭ আৰু ২১-১০ পইন্টৰ ব্যৱধানত এই জয় লাভ কৰে পি ভি সিন্ধুয়ে।

৮. অসম প্রদেশ কংগ্ৰেছৰ নতুন সভাপতি ভূপেন বৰাক অভিনন্দন ৰিপুণ বৰাৰ। সকলো সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দি তেওঁ কলে- 'বহুত প্রত্যাহ্বানৰ মাজেৰে আগবাঢ়িব লাগিব'।

৯. অসমত দেওবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত ২২জনৰ মৃত্যু। বৰ্তমান সময়ত ৰাজ্যত আৰোগ্যৰ হাৰ ৯৬.৩৫ শতাংশ।

১০. দেওবাৰে ভূমিকম্পই জোঁকাৰি গ'ল পূব ছিকিম। ৪.০ প্ৰাবল্যৰ ভূমিকম্পন অনুভূত হয় ছিকিমত।

১১. কেৰালাত পুনৰ দুজন লোক জিকা ভাইৰাছত আক্ৰান্ত। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪৮জনলৈ পাইছে বৃদ্ধি।

১২. চুবুৰীয়া ৰাজ্য মণিপুৰতো বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যখনত নতুনকৈ ১২০৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

১৩. তামিলনাডুত পুনৰ ১৮০৮ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ২২ জনৰ মৃত্যু।

১৪. মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাত। এই বৰষুণৰ ফলত পুনে-কোলহা পুৰ সংযোগী ঘাইপাথত সৃষ্টি হৈছে কৃত্ৰিম বানৰ।

১৫. মুম্বাইত পুনৰ ৩৬২জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। মহানগৰীখনত এতিয়াও কোৰোনাত আক্ৰান্ত চিকিৎসাধীন হৈ আছে ৫৬১০জন ৰোগী।

১৬. মহাৰাষ্ট্ৰৰ ছাটাৰা জিলা ভূমিস্খলন আৰু বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৭০জনলৈ বৃদ্ধি পাইছে। এতিয়াও ৫জনকৈ লোক নিৰুদ্দেশ হৈ আছে।

১৭. বাংগালুৰুৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ। যোৱা দুদিনমানৰ পৰা ধৰি হৈ থকা বৰষুণৰ ফলত বহু বাট-পথ ডুব গৈছে বানত।

১৮. কেৰালাত পুনৰ ১৭৪৬৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত দেওবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত ৬৬জনৰ মৃত্যু।

১৯. উত্তৰাখণ্ডত পুনৰ ৫১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৬৩৭জন ৰোগী।

২০. হিমাচলপ্ৰদেশৰ কন্নৌৰ জিলাত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। এই ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা বাগৰি আহিছে বহু বৃহৎ আকাৰৰ শিল।

২১. যোৱা ২৪ ঘন্টাত অন্ধ্ৰপ্ৰদেশত নতুনকৈ ২২৫২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ১৫জনৰ মৃত্যু।

২২. মুম্বাইৰ বিভিন্ন স্থানত এনচিবিৰ অভিযান। এই অভিযান কালত এনচিবিয়ে জব্দ কৰে বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী আৰু নগদ ধন।

২৩. জম্মু-কাশ্মীৰৰ কুপৱাৰাত আৰক্ষীৰ অভিযান। আৰক্ষীয়ে উদ্ধাৰ কৰে চাৰিটা আইইডি।

২৪. দিল্লীত পুনৰ ৬৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫৭৯জন ৰোগী।

২৫. আজি টকিঅ' অলিম্পিকৰ তৃতীয় দিন। তৃতীয়টো দিনত ভাৰতৰ হকী দল পৰাস্ত হয় অষ্ট্ৰেলিয়াৰ হকী দলৰ হাতত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in