১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. বিহাৰৰ দ্ৰিণী থানাৰ অন্তৰ্গত লুপামাও গাঁৱত পথ দুৰ্ঘটনাত মৃত্যু হ'ল এজন যুৱকৰ৷ তীব্ৰবেগী বাহনে মহতিয়াই নিয়াৰ ফলতে মৃত্যু ঘটে যুৱজনৰ৷

২. গুৱাহাটীৰ আই আই টিত ছাত্ৰৰ ৰহস্যজনক মৃত্যু৷ ছাত্ৰাৱাসত উদ্ধাৰ হ'ল অন্ধ্ৰপ্ৰদেশৰ এজন ছাত্ৰৰ মৃতদেহ৷

৩. 'মই আজি এজন গৌৰৱাম্বিত অসমীয়া৷' -ৰাজ্যত ব্যাপক প্ৰতিবাদ চলি থকাৰ মাজতে অসমীয়া হোৱাৰ গৌৰৱেৰে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাই৷

৪. কাজিৰঙাত গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত জখলাবন্ধা আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছে গঁড় চিকাৰত ব্যৱহৃত বহু মৰাণাস্ত্ৰ৷ এই সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান৷

৫. 'নাগৰিকত্ব সংশোধনী বিধেয়ক বিজেপিৰ বাবে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰ৷' মঙলবাৰে সংসদত বিধেয়কখনৰ বিৰোধিতাৰে এই মন্তব্য কৰিলে পশ্চিম বংগৰ চি পি আই এমৰ সাংসদ মহম্মদ চেলিমে৷

৬. ধুবুৰীৰ গৌৰীপুৰৰ বৰাইবাৰীত বিধ্বংসী অগ্নিকাণ্ড৷ অগ্নিকাণ্ডত জাহ গ'ল ৪টাকৈ বাসগৃহ৷

৭. দক্ষিণ আফ্ৰিকাত ৰে'ল দুৰ্ঘটনা৷ তিনিজন লোক নিহত হোৱাৰ লগতে ৩০০ৰো অধিক লোক আহত৷

৮. ৯ জানুৱাৰীত আগ্ৰা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ আগ্ৰাত তেওঁ ২৯৮০ কোটি টকা ব্যয়েৰে উদ্বোধন কৰিব কেইবাখনো নতুন আঁচনিৰ৷

৯. পুনেত এগৰাকী ব্যৱসায়ীৰ আত্মহত্যা৷ ১২ মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্মহত্যা কৰিলে ব্যৱসায়ীজনে৷

১০. ৰাম ৰহিম গোচৰত চিবিআইৰ বিশেষ আদালতৰ নিৰ্দেশ- ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আদালতত নিজৰ পক্ষ ৰাখিব লাগিব ৰাম ৰহিমে৷ যৌন নিৰ্যাতনৰ অভিযোগত ৰোহতকৰ সুনাৰিয়া কাৰাগাৰত বন্দী জীৱন কটাই আছে বাবা ৰাম ৰহিমে৷

১১. তিনি বছৰৰ বিৰতিৰ মূৰত পুনৰ ৰূপালী পৰ্দাত সুৰজ পাঞ্চালী৷ আহিবলগা 'চেটেলাইট শংকৰ' নামৰ ছবি খনৰ ফাৰ্ষ্ট লুক মঙলবাৰে কৰা হ'ল মুকলি৷

১২. ঝাৰখণ্ডত ১০ জানুৱাৰীত একেদিনাই ৰাজ্যখনৰ ১ লাখ নিবনুৱাৰ প্ৰদান কৰা হ'ব সংস্থাপন৷ মঙলবাৰে এই ঘোষণা কৰিলে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাসে৷

১৩. 'সৱৰিমালা মন্দিৰলৈ অহা সকলো দৰ্শনাৰ্থীয়ে শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিব লাগিব৷' মঙলবাৰে এই ৰায় প্ৰদান কৰিলে কেৰালা উচ্চ ন্যায়ালয়ে৷

১৪. ভাৰতবৰ্ষতে অনুষ্ঠিত হ'ব আই পি এল ছিজন-১২৷ অহা ২৩ মাৰ্চৰ পৰা আৰম্ভ হ'ব ৮ টা দলে ভাগ ল'বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ-১২৷

১৫. হিন্দী ছবি ছিম্বাক চেৰ পেলালে কন্নড় ছবি কে জি এফে৷ বৰ্তমানলৈকে ছবিখনে উপাৰ্জন কৰিছে ২২৫ কোটি টকা৷

১৬. ২৫ জানুৱাৰীত ভাৰতত মুকলি হ'ব অ'নাৰ নতুন ফোন অনাৰ ১০-লাইট৷ এই ফোনটোত থাকিব ৪টাকৈ ৰিয়েৰ কেমেৰা৷

১৭. জাতিৰ স্বাৰ্থত দিল্লীৰ সংসদ ভৱনৰ সন্মুখত সাহসেৰে নগ্ন প্ৰতিবাদ সাব্যস্ত কৰা ১৩ অসমীয়াক বৰঝাৰ বিমান বন্দৰত ৭০ সংগঠনে ফুলাম গামোচাৰে জনাব আদৰণি৷ এই কাৰ্যসূচীত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিলে নেতৃত্বই৷

১৮. 'কোনো চৰকাৰী কৰ্মচাৰীয়ে যদি কোনো আন্দোলনত যোগদান কৰে৷ তেন্তে সেই কৰ্মচাৰীৰ দৰমহা কটা হ'ব পাৰে৷' -মঙলবাৰে এই সতৰ্কবাণী শুনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷

১৯. 'নাগৰিকত্ব সংশোধনী বিধেয়কে অসমৰ কোনো খিলঞ্জীয়াৰ ক্ষতি নকৰে৷ কিছু লোকে অসমবাসীক বিভ্ৰান্ত কৰিব বিচাৰিছে৷' – সংসদত এই মন্তব্য কৰিলে গৃহমন্ত্ৰী ৰাজনাথ সিঙে৷

২০. উত্তৰাখণ্ডত পুৱাই তুষাৰপাত৷ ৰাজ্যখনৰ বদ্ৰীনাথ মন্দিৰৰ চাৰিওফালে বৰফেৰে আৱৰি ধৰাৰ ফলত দেখিবলৈ পোৱা গৈছে এক মনমোহা দৃশ্য৷

২১. দিল্লীৰ ভডৱাৰ গাঁৱত এগৰাকী নাৰ্ছৰ আত্মহত্যা৷ এগৰাকী চিকিৎসকে প্ৰতাৰণা কৰাৰ অভিযোগ স্থানীয় লোকৰ৷

২২. আহমেদাবাদত মকৰ সংক্ৰান্তি উপলক্ষে ভিৰ বাঢ়িছে চিলাৰ বিপনীত৷ প্ৰধানমন্ত্ৰী মোডী আৰু ৰাহুল গান্ধীৰ প্ৰতিচ্ছবি সম্বলিত চিলা ক্ৰয়ৰ বাবে হেতা ওপৰা৷

২৩. বুধবাৰে মোডীৰ মহাৰাষ্ট্ৰ ভ্ৰমণ। এটা ৰাষ্ট্ৰীয় ঘাইপথৰ উদঘাটন কৰিব মোডীয়ে।

২৪. যোধপুৰত এটা ষ্টীল ফেক্টৰীত বিস্ফোৰণ। দুজন শ্ৰমিক নিহত হোৱাৰ লগতে আহত ৩।

২৫. জ্মু-কাশ্মীৰত আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। দুই পক্ষৰ সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in