১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. তিনিচুকীয়াৰ ব্ৰক্ষ্মাজানত এম্বুলেন্সত উদ্ধাৰ বৃহৎ পৰিমাণৰ সুৰা। পেঙেৰী আৰক্ষীৰ অভিযানত জব্দ সুৰা কঢ়িয়াই অনা এম্বুলেন্সখন।

২. প্ৰতীক্ষা হাস্পতালৰ জ্যেষ্ঠ চিকিত্সক উত্পলজিত্‍ বৰ্মণৰ মৃত্যু। Hydroxychloroquin টেবলেট গ্ৰহণৰ পিছতে মৃত্যুৰ সন্দেহ। COVID-19 নিৰাময়ৰ বাবে ৰোগীয়ে গ্ৰহণ কৰে এই টেবলেট।

৩. দেওবাৰৰ নিশা ১২ বজালৈকে সমগ্ৰ বিশ্বত কোৰোনাত আক্ৰান্ত হৈছে 710,950 গৰাকী লোক। মৃত্যু সংখ্যা 33,553।

৪. কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা শেহতীয়াকৈ বাঢ়িছে স্পেইনত। দেওবাৰে মৃত্যু হোৱা লোকৰ সংখ্যা 624 ।

৫. পাকিস্তানত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছেগৈ ১৫৭১। মৃত্যু হৈছে ১৪ গৰাকী লোক।

৬. আমেৰিকাত কোৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছেগৈ ১৩৫,৬২৭। দেওবাৰেই প্ৰায় ১২ হাজাৰ লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ অৱস্থিতি।

৭. সকলো ৰাজ্যৰ সীমা ছীল কৰাৰ নিৰ্দেশ কেন্দ্ৰৰ। লকডাউন নিশ্চিত কৰাৰ বাবে এই নিৰ্দেশনা কেন্দ্ৰৰ।

৮. মুখ্যমন্ত্ৰীৰ সাহায্যপুঁজিলৈ ১ লাখ টকা শিল্পী জুবিন গাৰ্গৰ। কোৰোনা আক্ৰান্ত ৰোগীৰ চিকিত্সাৰ বাবে এই সাহায্য জুবিনৰ।

৯. লকডাউনৰ পঞ্চমটো দিনত গুৱাহাটীত নাটনি হৈছে শাক-পাচলি, তেল, পিঁয়াজকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ। দুদিনলৈ মহানগৰীত শাক-পাচলি যোগান ধৰা নহ'ব বুলি নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মেট্ৰ' জিলা প্ৰশাসনে।

১০. কোৰোনা সংক্ৰমণৰ বাবে লকডাউন, গৃহ মন্ত্ৰ্যালয়ৰ বিশেষ নিৰ্দেশনা। ৰাজ্যিক আপদকালিন পুঁজি(SDRF)ৰ নিৰ্ধাৰিত নীতিত সালসলনি। কোৰোনাৰ বাবে গৃহহীন হ'বলগীয়া হোৱা লোকে পাব সাহায্য।

১১. লকডাউন উলংঘা। দেওবাৰ পৰ্যন্ত ৰাজ্যত ১৭৮ গোচৰ ৰুজু। গ্ৰেপ্তাৰ ৩৪০ জনক, জব্দ ৯০৬ যান-বাহন।

১২. কৰোনাৰ পৰা ৰক্ষা পাবলৈ হ'লে লক্ষ্মণৰেখা উলংঘন নকৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ মন কী বাত অনুষ্ঠানত জনালে এই আহ্বান।

১৩. লকডাউন কঠোৰভাৱে পালনৰ নিৰ্দেশ কেন্দ্ৰৰ। ৰাজ্যসমূহৰ মুখ্য সচিব, DGPৰে নিৰৱচ্ছিন্ন যোগাযোগ ৰাখিব কেন্দ্ৰই।

১৪. কলকাতাত দেওবাৰে কোৰোনাত আক্ৰান্ত এজন লোক। বৰ্তমানলৈ ৰাজ্যখনত COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ২১জনলৈ।

১৫. লকডাউন উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ চৰকাৰ। বাংগালুৰুত দেওবাৰে আৰক্ষীয়ে জব্দ কৰে ২৮২খন বাহন।

১৬. জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত বিজেপি কৰ্মীৰ খাদ্য বিতৰণ। বহিঃৰাজ্যৰ পৰা আহি আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ মাজত বিতৰণ এই খাদ্য।

১৭. দিল্লীৰ শ্বাহীনবাগত ভয়ংকৰ অগ্নিকাণ্ড। এখন দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড। কোনো লোক হতাহত হোৱা নাই।

১৮. 'বহিঃৰাজ্যৰ পৰা শ্ৰমিকসকলক সকলো সা-সুবিধা প্ৰদান কৰাতো আমাৰ দায়িত্ব।'- এই মন্তব্য তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশ্বেখৰ ৰাওৰ।

১৯. বিশ্বাখাপট্টনমত কোৰোনাত আক্ৰান্ত আৰু দুজন লোক। অন্ধপ্ৰদেশত ২১জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।

২০. জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘা। পুঞ্চ ছেক্টৰত পাকিস্তানে চলাই গুলীবৰ্ষণ। ভাৰতীয় সেনা বাহিনীয়েও দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।

২১. সকলো ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে আন সামগ্ৰী কঢ়িওৱা বাহনসমূহো চলাচল কৰিব পাৰিব। এই ঘোষণা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ।

২২. দিল্লীৰ লেডী হাৰ্দিং মেডিকেল কলেজৰ সমীপত কংগ্ৰেছ কৰ্মীৰ খাদ্য বিতৰণ। দৰিদ্ৰ লোকসকলৰ মাজত বিতৰণ কৰা হয় এই খাদ্য।

২৩. মহাৰাষ্ট্ৰৰ নাগপুৰত আৰ এছ এছ কৰ্মীয়ে দেওবাৰে দৰিদ্ৰ লোকসকলৰ মাজত বিতৰণ কৰিলে খাদ্য। লকডাউনৰ সময়ত সহায়ৰ বাবে ওলাই আহিছে আৰ এছ এছ কৰ্মীসকল।

২৪. পশ্চিমবংগত দেওবাৰে আৰু দুজন লোক কোৰোনাত আক্ৰান্ত। ৰাজ্যখনত ২০জনলৈ বৃদ্ধি পালে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।

২৫. ২২ মে'ত মুক্তি পাব নতুন হিন্দী ছবি লক্ষ্মী বোম্ব। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in