১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. 'বড়োসকলৰ পৰা থলগিৰিয়ে শিকিবলগীয়া বহু আছে', বড়ো চুক্তিক আদৰণি জনাই এই মন্তব্য কৰিলে পৰেশ বৰুৱাই ।

২. জম্মু-কাশ্মীৰৰ বিজবেহাৰাত আৰক্ষী-নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী। সোমবাৰে বিয়লি ভাগত অঞ্চলটোত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে।

৩. 'কা' বিৰুদ্ধে শান্তিপূৰ্ণ আন্দোলন ঠিকেই আছে। কিন্তু প্ৰতিবাদৰ নামত যদি কোনোবাই আইন হাতত তুলি লয়, তেন্তে তাৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম।' – এই মন্তব্য উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱটৰ।

৪. ছাৰ্জিল ইমামক বিচাৰি মুম্বাই, পাটনা আৰু দিল্লীত অভিযান। ছাৰ্জিল ইমামৰ সন্ধানৰ বাবে মোতায়েন কৰা হৈছে ক্ৰাইম ব্ৰান্সৰ ৫টা দল। উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পিছতে ছাৰ্জিল ইমামৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।

৫. সোমবাৰে তিহাৰ জেলত সফলতাপূৰ্বকভাৱে সম্পন্ন কৰা হয় ২০১২ৰ নিৰ্ভয়া কাণ্ডৰ অভিযুক্তৰ 'ডামী ফাঁচী'। ১ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত ফাঁচী প্ৰদান কৰা হ'ব ৪ দোষীক।

৬. 'কৰ্ণাটকত কংগ্ৰেছ দল দুটা ভাগত বিভক্ত হোৱা নাই। কেৱল সংবাদ মাধ্যমেহে কংগ্ৰেছ দুটা ভাগত বিভক্ত হোৱা বুলি বাতৰি প্ৰকাশ কৰিছে।' -এই মন্তব্য কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা সিদ্ধাৰামায়াই।

৭. ডেলফট দ্বীপৰ সমীপত সোমবাৰে এখন নাওসহ ১১ ভাৰতীয় মাছমৰীয়াক আটক কৰে শ্ৰীলংকাৰ নৌসেনাই। অব্যাহত ৰাখিছে সোধা পোছা।

৮. চীনত থকা ১০০ গৰাকী গুজৰাটী ছাত্ৰৰ চিকিৎসা আৰু সুৰক্ষা সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে আলোচনা গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ। উল্লেখ্য যে, কোৰোণা ভাইৰাছে বিভীষিকাৰ সৃষ্টি কৰিছে চীনত।

৯. তামিলনাডুৰ ত্ৰীচিত এজন বিজেপি নেতাক ফাঁচী দি হত্যা অচিনাক্ত দুৰ্বৃত্তৰ। নিহত নেতাজনৰ নাম ৰঘু বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

১০. ২৯ মাৰ্চৰ পৰা অনুষ্ঠিত হ'বলগীয়া আইপিএলৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব মুম্বাইত। সোমবাৰে এই কথা জনালে বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে।

১১. সোমবাৰে পশ্চিম বংগৰ বিধানসভাত গৃহীত হয় নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰস্তাৱ। 'কা'ৰ বিৰুদ্ধে প্ৰস্তাৱ গৃহীত কৰা দেশৰ চতুৰ্থখন ৰাজ্য হিচাপে পৰিগণিত হ'ল পশ্চিম বংগ।

১২. সোমবাৰে দিল্লীত স্বাক্ষৰিত হল তৃতীয়খন বড়ো চুক্তি। বড়ো সমস্যাৰ স্থায়ী সমাধানৰ লক্ষ্যৰে স্বাক্ষৰ কৰা হ'ব চুক্তিখন। বড়ো চুক্তি স্বাক্ষৰ হোৱাৰ পিছতে বিটিএডিত আনন্দমুখৰ পৰিৱেশ।

১৩. পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক। সোমবাৰে NIAৰ আদালতত হাজিৰ কৰোৱা হৈছিল কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ নেতা দুগৰাকীক।

১৪. হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ নিহত জনপ্ৰিয় বাস্কেটবল খেলুৱৈ কোবে ব্ৰায়েন্ট আৰু তেওঁৰ কন্যাসহ ৯জন। পুৱা কেলিফৰ্ণিয়াৰ গালাবাছাছত দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন।

১৫. ২৬ জানুৱাৰীত দিল্লীৰ ৰাজপথত আয়োজিত গণৰাজ্য দিৱসত প্ৰদৰ্শিত বিভিন্ন ৰাজ্যৰ প্ৰতীক পটৰ ভিতৰত প্ৰথম পুৰস্কাৰ অসমৰ। যুটীয়াভাৱে দ্বিতীয় স্থান লাভ কৰিছে ওড়িশা আৰু উত্তৰ প্ৰদেশে।

১৬. বড়ো শান্তি চুক্তিক অশান্তিৰ চুক্তি আখ্যা আক্ৰাছুৰ, সোণোৱাল চৰকাৰকো সকীয়নি প্ৰদান কৰিলে সংগঠনটোৱে।

১৭.  'দলৰ সিদ্ধান্ত মানিহে CAAৰ সমৰ্থনত ভোট দিছিলো। কিন্তু নিজৰ ব্যক্তিগত মত  সদনত উপস্থাপন কৰিছিলো।' নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত ভোটদান কৰাক লৈ এই মন্তব্য অগপৰ ৰাজ্যসভাৰ সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ।

১৮. গুৱাহাটী মহানগৰীৰ ধৰ্মীয় অনুষ্ঠানত চোৰে চলালে লুটপাত। পাঞ্জাবাৰীৰ শিৱ মন্দিৰত সংঘটিত হ'ল চুৰি কাণ্ডৰ ঘটনা। পুৱতি নিশা মন্দিৰৰ দানপাত্ৰ ভাঙি চোৰে লুটি নিলে সোণৰ অলংকাৰৰ লগতে বহু সামগ্ৰী।

১৯.  দেশক ৰক্ষা কৰাৰ সময় আহিল। নাগৰিকত্ব সংশোধনী আইন সম্পূৰ্ণ ৰূপে জনবিৰোধী। গতিকে এইখন আইন বাতিল হ'ব লাগে।' এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।

২০.  ' আজিৰ পৰা কোনো উগ্ৰপন্থী নহয়। আমি সকলো ভাই ভাই। সকলোৰে সংস্থাপনৰ বাবেও চিন্তা–চৰ্চা কৰা হৈছে। সকলোকে বিশ্বাসত লৈ আগন্তুক দিনত আমি আগবাঢ়ি যাম।'  বড়ো শান্তি চুক্তিৰ পাছতে সংবাদমাধ্যমৰ সন্মুখত এই মন্তব্য কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে।

২১. গণৰাজ্য দিৱসৰ দিনাই ওদালগুৰিত এগৰাকী ৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰিলে সন্তোষ ওড়িয়া নামৰ এটা লম্পটে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সন্তোষ ওড়িয়াক।

২২. দিল্লীৰ জনসভাত বিজেপি নেতা অনুৰাগ ঠাকুৰৰ বিৰ্তকিত মন্তব্য। দেশক প্ৰতাৰণা কৰা সকলক গুলীয়াই দিয়ক।

২৩. ভাৰতবৰ্ষত ব্যৱসায় কৰা ব্যৱসায়ীসকলৰ বাবেও প্ৰস্তুত কৰিব লাগে এখন ৰেজিষ্টাৰ। এই মন্তব্য কৰিলে কেন্দ্ৰীয় মন্ত্ৰী পিয়ুজ গোৱেলে।

২৪. কৰ'না ভাইৰাছে চীনত চলাইছে সন্ত্ৰাস। সোমবাৰৰ লৈকে ৮০ গৰাকী লোক মৃত্যু। শেহতীয়াকৈ আমেৰিকাতো ৫ জন লোকৰ দেহত ধৰা পৰিছে এই ভাইৰাছ।

২৫. সগৌৰৱেৰে বিগত ১৭ দিন ধৰি দেশৰ ছবিগৃহত চলি আছে হিন্দী ছবি তানহাজী। মুক্তিৰ ১৭ দিনৰ অন্ত ছবিখনে উপাৰ্জন কৰিছে ২২৪ কোটি টকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in