১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত পুনৰ ২১৬৭জনৰ কোৰোনাত আক্ৰান্ত। ইয়াৰে ২২৬জন কামৰূপ মেট্ৰ'ৰ। দেওবাৰৰ দিনটোত মৃত্যু হৈছে ৩৬জনৰ মৃত্যু।

২. ৰাজ্যত কোৰোনাৰ সংক্ৰমণৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে। কোৰোনাৰ পৰিস্থিতি উন্নত হোৱাৰ পাছত ৰাজ্য চৰকাৰে ১৬ জুন, ২০২১ৰ পৰা আনল'ক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সম্ভাৱনা।

৩. বিশিষ্ট অধিবক্তা, সুলেখক দিলীপ কুমাৰ হাজৰিকাৰ পত্নী বীণা হাজৰিকা আৰু নাই। অধ্যাপিকা বীণা হাজৰিকা আক্ৰান্ত হৈছিল কোভিডত। স্বামী দিলীপ হাজৰিকাও কোৰোনাত আক্ৰান্ত হৈ গেট হাস্পতালত চিকিৎসাধীন হৈ আছিল।

১ মিনিটত ২৫ খবৰ…

৪. জিঅ'না চানা আৰু নাই। ৭৬বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে বিশ্বৰ আটাইতকৈ বৃহৎ পৰিয়ালটোৰ মুৰব্বীগৰাকীয়ে।

৫. মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ২ নং পুৱেৰ গাঁৱত দেওবাৰে ৰাতিপুৱা প্ৰায় ৫ বজাত আৰক্ষী আৰু চিআৰপিএফৰ এক যৌথ অভিযানত বৃহৎ পৰিমানৰ নিচা জাতীয় টেবলেট জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে এটা ড্ৰাগছ ব্যৱসায়ীক। 

৬. মৰিয়নি ৰেল ষ্টেচনত উজনিমুৱা বিৱেক এক্সপ্ৰেছৰ ৭নং ডবাত অচেতন অৱস্থাত তিনিজন যাত্ৰী উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কণ্যাকুমাৰীৰ পৰা মৰান অভিমুখে আহি থকা অৱস্থাত যুৱক তিনিজনক দুৰ্বৃত্তই নিচাযুক্ত দ্ৰব্য সেৱন কৰাই লুটি নিয়ে নগদ ধন মবাইল ফোন।

৭. কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বিশেষ সিদ্ধান্ত গ্ৰহণ। সোমবাৰ, ১৪জুন ২০২১ৰ পৰা কাৰ্যালয়লৈ যাব লাগিব ভেকচিনৰ দুয়োটা ড'জ লোৱা সকলো চৰকাৰী কৰ্মচাৰী৷

৮. নগাঁও জিলাৰ ৰত্নপুৰ নিৱাসী প্ৰকৃতিপ্ৰেমী ব্যক্তি বিকাশ বৰদলৈয়ে বটদ্রৱা থানলৈ এটা দুস্প্ৰাপ্য প্ৰজাতিৰ কাছ সযতনেৰে কঢ়িয়াই আনে।

১ মিনিটত ২৫ খবৰ…

৯. মহাৰাষ্ট্ৰত পুনৰ ১০৪৪২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৯০৮৯৯২জনলৈ পাইছে বৃদ্ধি।

১০. 'আজি বিহাৰত কোৰোনাত সংক্ৰমিত লোকৰ সংখ্যা প্ৰায় ৬ হাজাৰহে ৰৈ গৈছে।'– এই কথা সদৰি কৰে বিহাৰৰ স্বাস্থ্য মন্ত্ৰী মংগল পাণ্ডেয়ে।

১১. যোৱা ২৪ ঘন্টাত তামিলনাডুত পুনৰ ১৪০১৬জন লোক কোৰোনাত আক্ৰান্ত। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ২৬৭জনৰ মৃত্যু।

১২. কৰ্ণাটকত পুনৰ ৭৮১০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১২৫জনৰ মৃত্যু।

১ মিনিটত ২৫ খবৰ…

১৩. চণ্ডীগড়ত আকৌ ৫৪জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫২০জন ৰোগী।

১৪. যোৱা ২৪ ঘন্টাত জম্মু-কাশ্মীৰত পুনৰ ৭৭৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।খ ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ১২জনৰ মৃত্যু।

১৫. হিমাচলপ্ৰদেশথ পুনৰ ২৩৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৯৮৫৫০জনলৈ বৃদ্ধি পাইছে।

১ মিনিটত ২৫ খবৰ…

১৬. তেলেংগানাত পুনৰ ১২৮০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১৫জনৰ মৃত্যু।

১৭. বিহাৰত পুনৰ ৪৮৭জনৰ দেহত ধৰা পৰে কোভিডৰ উপস্থিতি। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫৩১১জন ৰোগী।

১৮. যোৱা ২৪ ঘন্টাত মুম্বাইত ৭০০জন দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৭১৬৫৭৯জনলৈ পাইছে বৃদ্ধি।

১ মিনিটত ২৫ খবৰ…

১৯. কলকাতাত টিএমচি নেতা পাৰ্থ চেতাৰ্জীৰ বাসগৃহত উপস্থিত বিজেপি নেতা ৰাজীৱ বেনাৰ্জী। টিএমচি নেতাগৰাকীৰ মাতৃয়ে দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে।

২০. চুবুৰীয়া ৰাজ্য মণিপুৰতো প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যখনত দেওবাৰৰ দিনটোত নতুনকৈ ৫৩০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

২১. ৰাজস্থানত পুনৰ ৩০৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৭জন লোকৰ মৃত্যু।

১ মিনিটত ২৫ খবৰ…

২২. গোৱাত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪৮৮২জন ৰোগী। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ৪২০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

২৩. কেৰালাত পুনৰ ১১৫৮৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত দেওবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত ২০৬জনৰ মৃত্যু।

১ মিনিটত ২৫ খবৰ…

২৪. অন্ধ্ৰপ্ৰদেশত পুনৰ ৬৭৭০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৫৮জনৰ মৃত্যু।

২৫. প্ৰয়াগৰাজত যোৱা কিছুদিনৰ পৰা নেৰানেপেৰা বৃষ্টিপাত অব্যাহত। ফলত বিভিন্ন স্থানত সৃষ্টি হৈছে কৃত্ৰিম বানৰ।

১ মিনিটত ২৫ খবৰ…

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in