১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত পুনৰ ৩৯৪৮জন লোক আক্ৰান্ত কোৰোনাত। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪৪২৬৯৪জনলৈ পাইছে বৃদ্ধি।

২. কেন্দ্ৰ চৰকাৰে ব্যক্তিগত হাস্পতালসমূহৰ বাবে কোৰোনা ভেকচিনৰ মূল্য নিৰ্ধাৰণ কৰি দিছে। কোভিছিল্ডৰ প্ৰতি ড'জৰ মূল্য ৭৮০ টকা।

৩. আই পি এলৰ অৱশিষ্ট মেচসমূহ অনুষ্ঠিত হ'ব ১৯ ছেপ্টেম্বৰৰ পৰা। সংযুক্ত আৰৱ এমিৰেটছ (UAE) ত অনুষ্ঠিত হ'ব আই পি এলৰ বাকী থকা মেচসমূহ।

৪. কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এইবাৰৰ পৰা প্রতিবছৰে দিয়া হ'ব অসম ৰত্ন বঁটা। এই বঁটাত থাকিব ৫ লাখ টকাৰ অনুদান। ৩ জনক অসম বিভূষণ, ৫ জনক দিয়া হ'ব অসম ভূষণ সন্মান।

১ মিনিটত ২৫ খবৰ…

৫. মহাত্মা গান্ধীৰ নাতিনীক কাৰাদণ্ড প্ৰদান কৰিছে দক্ষিণ আফ্ৰিকাৰ এখন আদালতে। প্ৰৱঞ্চনা আৰু জালিয়াতিৰ গোচৰত দোষী সাব্যস্ত হোৱা গান্ধীৰ এইগৰাকী নাতিনী হৈছে আশীষ লতা ৰামগোবিন।

৬. প্ৰচণ্ড বৃষ্টিপাতৰ পাছত বজ্ৰপাত পৰি মৃত্যু হৈছে ২৭গৰাকীকৈ লোকৰ। এই শোকাৱহ ঘটনা সংঘটিত হৈছে পশ্চিম বংগত। 

৭. সোমবাৰে অসমত কোৰোনাত আক্ৰান্ত ৩৪১৯জন লোক সুস্থ হয়। ইয়াৰ বিপৰীতে দিনটোত কোৰোনাত আক্ৰান্ত ৪৩জনৰ মৃত্যু।

১ মিনিটত ২৫ খবৰ…

৮. বাইহাটা চাৰিআলিৰ মঙলদৈ পথত সংঘটিত এটা পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন বাইক চালক গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়।

৯. অধিক উন্নত হৈছে জনপ্ৰিয় অভিনেতা দিলীপ কুমাৰৰ স্বাস্থ্য। কিন্তু বৰ্তমানেও তেওঁক অক্সিজেন ছাপৰ্টত ৰখা হৈছে।

১০. বাক্সাৰ গোৱৰ্ধনাত আৰক্ষীয়ে দুই ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। দুয়োকে সোমবাৰে জেললৈ প্ৰেৰণ কৰা হৈছে।

১১. অহা ১০ জুনলৈ তেলেংগানাত নাইট কাৰ্ফিউৰ সময়সীমা বৃদ্ধি কৰা হৈছে। ৰাজ্য চৰকাৰে ঘোষণা কৰে এই কথা।

১ মিনিটত ২৫ খবৰ…

১২. কৰ্ণাটকত পুনৰ ৯৮০৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১৭৯জনৰ মৃত্যু।

১৩. যোৱা ২৪ ঘন্টাত তেলেংগানাত পুনৰ ১৮৯৭জন লোক কোৰোনাত আক্ৰান্ত । ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৯৫০০০জনলৈ পাইছে বৃদ্ধি।

১৪. চুবুৰীয়া ৰাজ্য মণিপুৰতো প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যখনত নতুনকৈ ৭৪৮জন লোকৰ দেহত ধৰা পৰে কোভিড-১৯।

১ মিনিটত ২৫ খবৰ…

১৫. পশ্চিমবংগত পুনৰ ৫৪২৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৯৮জনৰ মৃত্যু।

১৬. হিমাচলপ্ৰদেশত নতুনকৈ ৫৯৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ১৩জন কোৰোনাত আক্ৰান্ত লোকৰ মৃত্যু।

১৭. গোৱাত পুনৰ ৪৭৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৬০২৮৪জনলৈ পাইছে বৃদ্ধি।

১ মিনিটত ২৫ খবৰ…

১৮. মধ্যপ্ৰদেশত পুনৰ ৫৩৫জন কোৰোনাত আক্ৰান্ত। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৭৮৬৩০২জনলৈ পাইছে বৃদ্ধি।

১৯. মহাৰাষ্ট্ৰত পুনৰ ১০৮৯১জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ২৯৫জনৰ মৃত্যু।

২০. জম্মু-কাশ্মীৰত পুনৰ ১১৮৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১১জনৰ মৃত্যু।

২১. যোৱা ২৪ ঘন্টাত ৰাজস্থানত পুনৰ ৫২৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৯৪৭৫০৪জনলৈ বৃদ্ধি পাইছে।

২২. বিহাৰৰ বাংকা জিলাত বিস্ফোৰণৰ ঘটনা। সৌভাগ্যক্ৰমে এই বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই।

১ মিনিটত ২৫ খবৰ…

২৩. তামিলনাডুত পুনৰ ১৮০২৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৪০৯জন লোকৰ মৃত্যু।

২৪. যোৱা ২৪ ঘন্টাত উত্তৰাখণ্ডত ৫৪৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩৩৪৯৬৫জনলৈ পাইছে বৃদ্ধি।

২৫. কেৰালাত পুনৰ ১৫৫৬৭জনকৈ লোক আক্ৰান্ত হৈছে কোৰোনাত। মঙলবাৰৰ দিনটোত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ১২৪জনৰ মৃত্যু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in