১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. জম্মু-কাশ্মীৰত সংবিধানৰ ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰৰ পাছত কোনো ধৰণৰ কূটাঘাটমূলক ঘটনা সংঘটিত হোৱা নাই বুলিয়ে কব পাৰিঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৰিলে এই মন্তব্য।

২. অসম–বংগ সীমান্তৰ কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমাৰ শ্ৰীৰামপুৰত বন্যপ্ৰাণীৰ হাড় সহ এখন ১০ চকীয়া ট্ৰাক জব্দ। মনিপুৰৰ পৰা হাড় কঢ়িয়াই নিয়া অৱস্থাত জব্দ কৰা হৈছে ট্ৰাক কেইখন।

৩. বৃহস্পতিবাৰে মুম্বাইৰ শিৱাজী পাৰ্কত হ'ব মহাৰাষ্ট্ৰৰ নতুন চৰকাৰৰ শপতগ্ৰহণ। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি।

৪. বৃহস্পতিবাৰে তিহাৰ জেলত বন্দী হৈ থকা দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰক সাক্ষাৎ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। লগত থাকে ভগ্নী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাও।

৫. বৈদ্যুতিক তাঁৰ সংযোগেৰে বন্য হস্তীক হত্যা। ৰংজুলীত আৰক্ষীৰ জালত তিনি দুৰ্বৃত্ত।

৬. বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন। CAB, NRC, মূল্যবৃদ্ধিক লৈ বিধানসভাৰ মজিয়াত চৰকাৰক শলঠেকত পেলাবলৈ সাজু হৈ উঠিছে বিৰোধী।

৭. তামিল ছবি জগতৰ জনপ্ৰিয় অভিনেতা বালা সিঙৰ বৃহস্পতিবাৰে মৃত্যু। মৃত্যুৰ সময়ত বয়স আছিল ৬৭ বছৰ।

৮. দেশৰ অৰ্থনীতি মন্দাৱস্থা চলি থকা নাইঃ বুধবাৰে সদনত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বক্তব্য ৰখাৰ পাছতে কেইবাজনো বিৰোধী নেতাই ত্যাগ কৰে সদন।

৯. বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰে কৰিলে লোকসভাত বিৰ্তকিত মন্তব্য। নাথুৰাম গডছেক দিলে দেশভক্ত আখ্যা। কংগ্ৰেছ কৰিলে বিৰোধ।

১০. উত্তৰ প্ৰদেশৰ আমৰোহাত এটা কুকুৰৰ আক্ৰমণত প্ৰাণ গল এটি নৱজাতকৰ। চোতালত থকাৰ সময়তে আক্ৰমণ কৰে নৱজাতকক।

১১. বুধবাৰে হিমাচল প্ৰদেশত উপস্থিত হয় বিগ বি অমিতাভ বচ্চন। শ্বুটিঙৰ লগতে কেইবাটাও কামত এই ভ্ৰমণ অভিনেতাগৰাকীৰ।

১২. পঞ্জাৱত বৃদ্ধি পাব বিদ্যুতৰ মাছুল। মাছুল বৃদ্ধিৰ বাবে যো-জা চলাইছে চৰকাৰে।

১৩. বৃহস্পতিবাৰে হাৰিয়ানাস পঞ্জাৱৰ কেইবাখনো জিলাত বৃষ্টিপাত। বৃদ্ধি পাইছে শীতৰ প্ৰকোপ।

১৪. ৰাজস্থানত নিৰ্মাণ কৰা হব ৫ খন নতুন চিকিৎসা মহাবিদ্যালয়। কেন্দ্ৰই দিলে মঞ্জুৰী।

১৫. এখন নতুন মহাৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আমি প্ৰতিশ্ৰুতিৱদ্ধ। সংবাদমাধ্যমৰ সন্মুখত এই মন্তব্য কৰিলে শিৱসেনাৰ বিধায়ক আদিত্য থাকৰেই।

১৬. মই এন চি পি দলতে আছো, দলে যি দায়িত্ব দিয়ে তাক নিষ্ঠাৰে পালন কৰিম। অজিত পৱাৰে সংবাদমাধ্যমৰ সন্মুখত কৰিলে এই মন্তব্য।

১৭. বুধবাৰে নাৰেংগীৰ আৰ্মী কেণ্টিনত প্ৰৱেশ কৰিলে হাতী। কেণ্টিনৰ আচবাব ভাঙি লণ্ডভণ্ড হাতীক জুই লৈ কেণ্টিনৰ পৰা খেদিলে হাতীক।

১৮. বুধবাৰে বিহালীৰ বতীয়ামাৰীত ৪ চোৰাংচিকাৰীক গ্ৰেপ্তাৰ। কাজিৰঙাৰ ষষ্ঠ সংযোজনত গঁড় হত্যাৰ উদ্দেশ্যে প্ৰৱেশ কৰিছিল চিকাৰীকেইটা।

১৯. অসমত ফিল্মফেয়াৰ পতাটো ভাল হৈছেঃ ফিল্মফেয়াৰ বঁটাক লৈ বিতৰ্ক চলি থকাৰ সময়তে ফিল্মফেয়াৰ অনুষ্ঠানৰ সপক্ষে থিয় হ'ল জুবিন গাৰ্গ।

২০. বিষয়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক।অহা ৩০ নৱেম্বৰত কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনাত মিলিত হ'ব উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকল।

২১. বুধবাৰে শৰদ পৱাৰে আয়োজন কৰা এন চি পিৰ এখন বৈঠক। সূত্ৰৰ খবৰনুসৰি অজিত পৱাৰক উপ মুখ্যমন্ত্ৰী পদৰ বাবে কৰা হৈছে যো জা।

২২. শিক্ষা বিভাগৰ বিৰুদ্ধে বুধবাৰে মহানগৰীত সংযোগী শিক্ষাকৰ্মীৰ উত্তাল। বিশেষ টেট পাতি নিযুক্তি দিয়াৰ দাবীত শিক্ষামন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচীৰে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ।

২৩. ঢাকাৰ এখন কেফেত ২০১৬ত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাত জড়িত ৭ জনক মৃত্যুদণ্ড। ২০ জন লোকৰ হৈছিল মৃত্যু।

২৪. CABৰ বিৰুদ্ধে মহানগৰীৰ ৰাজপথত বুধবাৰে উত্তাল প্ৰতিবাদ অসম জাতীয়তাবাজী যুৱ ছাত্ৰ পৰিষদৰ। গণ বিক্ষোভ সমদল উলিয়াই যুৱ ছাত্ৰ পৰিষদে দিলে চৰকাৰক সকীয়নি।

২৫. বক্স অফিচত মন্থৰ গতিৰে আগবাঢ়িছে হিন্দী ছবি পাগলপন্টি। ৫ দিনত উপাৰ্জন কৰিছে মাত্ৰ ২৪ কোটি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in