১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. ট্ৰেক্টৰৰ খুন্দাত কোকৰাঝাৰত থিতাতে নিহত মহিলা। মহিলাগৰাকী শান্তিনগৰৰ নিবাসী তূষাৰকান্তি মুখাৰ্জীৰ পত্নী ময়ূৰী গগৈ মুখাৰ্জী।

২. সৰুপথাৰ ৰে'ল ষ্টেচনৰ পৰা পিষ্টলসহ দুজন ব্যক্তিক আটক। আটক হোৱা লোক দুজন আব্দুল মাণিক আৰু ইছলামুদ্দিন।

৩. নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ। বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেবাটাও সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ।

৪. ৰাজ্যত বৃদ্ধি পাইছে মাৰাত্মক ড্ৰাগছৰ বেহা। লখিমপুৰৰ বান্দৰদেৱাত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাসহ ৩ ড্ৰাগছ সৰবৰাহকাৰীক।

৫. ৯ অক্টোবৰত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'ৰঘুপতি' । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰবি শৰ্মাই।

৬. ৰাজস্থানৰ বাৰাণ জিলাত ১৪৪ ধাৰা জাৰি। আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অহা ৩০ এপ্ৰিললৈ অব্যাহত থাকিব সান্ধ্য আইন।

৭. বাংগালুৰুত মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাৰ সম্বৰ্ধনা অনুষ্ঠান। তেওঁৰ জন্মদিন উপলক্ষে অনুষ্ঠিত কৰা হয় এই সম্বৰ্ধনা অনুষ্ঠানৰ।

৮. আপৰ কাউন্সিল তাহিৰ হুছেইনৰ এটা ফেক্টৰী ছীল কৰে আৰক্ষীয়ে। উত্তৰ-পূব দিল্লীৰ খাজুৰী খাছ এলেকাত আছে এই ফেক্টৰীটো।

৯. 'যদি আম আদমি পাৰ্টীৰ কোনো সদস্যই দিল্লীৰ হিংসাত্মক ঘটনাত জড়িত প্ৰমাণ হয় তেন্তে দুগুণ শাস্তি প্ৰদান কৰক।'- এই মন্তব্য অৰবিন্দ কেজৰিৱালৰ।

১০. উত্তৰ-পূব দিল্লীৰ খাজুৰী খাছ এলেকাত নিৰাপত্তাৰক্ষী-আৰক্ষীৰ ফ্লেগ মাৰ্ছ। স্থানীয় লোকক দোকান-পোহাৰ খোলাৰ বাবে আহ্বান আৰক্ষীৰ।

১১. উত্তৰ-পূব দিল্লীত চিবিএছইৰ পৰীক্ষা স্থগিত। ২৮ আৰু ২৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা চিবিএছইৰ দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সমূহত স্থগিত।

১২. ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ উইন মিন্টয়ে সাক্ষাৎ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক। দিল্লীত সাক্ষাৎ কৰে তেওঁক।

১৩. কৰ্ণাটকত গ্ৰেপ্তাৰ এটা সোণ সৰবৰাহকাৰীক। প্ৰায় ৬০ কেজি ওজনৰ সোণসহ গ্ৰেপ্তাৰ কৰা হয় সৰবৰাহকাৰীটোক।

১৪. 'দিল্লীত পৰিস্থিতি পূৰ্বতকৈ স্বাভাৱিক হৈছে।'- এই মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

১৫. দিল্লীৰ ৰাজঘাটত বৃহস্পতিবাৰে উপস্থিত ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ উইন মিন্ট আৰু তেওঁৰ পত্নী ডাৱ চু চু। মহাত্মা গান্ধী সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁ।

১৬. ছত্তীশগড়ৰ ৰায়পুৰত আয়কৰ বিভাগৰ অভিযান। প্ৰায় ২৫টা স্থানত অভিযান চলাই আয়কৰ বিভাগে।

১৭. হায়দৰাবাদত অমিত শ্বাহৰ প্ৰতিকৃতি দাহৰ চেষ্টা চিপিআইৰ কেইবাজনো সদস্যৰ। কেইবাজনো চিপিআই সদস্যক আটক কৰে আৰক্ষীয়ে।

১৮. মহিলা ক্ৰিকেট টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় দলে। বৃহস্পতিবাৰে ভাৰতৰ হাতত পৰাস্ত হয় নিউজিলেণ্ড।

১৯. তামিলনাডুৰ জম্বুকেশ্বৰ মন্দিৰৰ সমীপত উদ্ধাৰ ৫০৫টা সোণৰ মুদ্ৰা। মাটি খান্দি স্থানীয় ৰাইজে উদ্ধাৰ কৰাৰ পাছত আৰক্ষীয়ে জব্দ কৰে সোণৰ মুদ্ৰা কেইটা।

২০. বাংগালুৰুত পুৱা প্ৰায় ৬ বজাত আৰক্ষীৰ অভিযান। অভিযান কালত নিহত ভাৰত নামৰ এটা অপৰাধী।

২১. উত্তৰ-পূব দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ৩৮জনলৈ বৃদ্ধি। বৃহস্পতিবাৰে কিছু স্বাভাৱিক দেখা গ'ল পৰিস্থিতি।

২২. চেন্নাইত ডিএমকে বিধায়ক তিৰুফোট্টিয়ুৰৰ দেহাৱসান। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৭  বছৰ।

২৩. উত্তৰ-পূব দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে ক্ৰাইম ব্ৰান্সৰ বিশেষ অনুসন্ধানকাৰী দল গঠন। দুটাকৈ অনুসন্ধানকাৰী দল গঠন কৰাৰ কথা সদৰী কৰে দিল্লী আৰক্ষীয়ে।

২৪. ২৪ মাৰ্চত মুক্তি পাব নতুন হিন্দী ছবি সূৰ্যবংশী। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে।

২৫. ছণ্ডীগড়ত সংঘটিত পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণহীন হৈ পথৰ দাঁতিত বাগৰি পৰে এখন স্কুটী। আহত এজন লোক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in