১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. দেশজুৰি কোৰোনাৰ আতংক অব্যাহত। চেন্নাইত বৃহস্পতিবাৰে অগ্নিনিৰ্বাপক বাহিনীয়ে চহৰখনৰ বাট-পথ ছেনিটাইজ কৰে।

২. বিহাৰত আৰু এজন লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। বৰ্তমানলৈ ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হৈছে ৭জনকৈ লোক।

৩. কলকাতাত লকডাউন উলংঘা কৰা বহু কেইজন লোকক গ্ৰেপ্তাৰ। মাত্ৰ ২৪ ঘণ্টাত কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪৫৩জন লোকক।

৪. জম্মু-কাশ্মীৰত উলংঘা কৰিছে লকডাউন। আৰক্ষীয়ে লকডাউন উলংঘা কৰা সকলক কৰিবলৈ দিছে উঠা-বহা।

৫. কোৰোনাত আক্ৰান্তৰ সংস্পৰ্শলৈ অহা দুজন লোক বাস কৰাৰ অভিযোগত শিলচৰৰ অৰিয়ন এপাৰ্টমেণ্ট ১৪ দিনৰ বাবে ছীল কৰা হৈছে।উল্লেখ্য যে, কোৰোনাত আক্ৰান্ত মিজোৰামৰ লোকজনৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোক।

৬. কোৰোনা ভাইৰাছকলৈ সৰুসজাইত স্থাপন কোৱাৰেণ্টাইন টেণ্ট। ৭০০ৰ পৰা ১ হাজাৰ পৰ্যন্ত বিচনাৰ সুবিধা সৰুসজাইত। বৃহস্পতিবাৰে নিৰ্মাণ কাৰ্যৰ বুজ লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৭. চেঙাৰ বালিপাৰত চুলাই মদৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। প্ৰায় চাৰি শ লিটাৰ চুলাই ধ্বংস।

৮. পঞ্জাৱত বৃহস্পতিবাৰে আৰু দুজন লোক আক্ৰান্ত হয় কোৰোনা ভাইৰাছত। বৰ্তমানলৈ ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হৈছে ৩৩জন লোক।

৯. কৰ্ণাটকৰ এটা মছজিদৰ বাহিৰত লকডাউন উলংঘা কৰা বহু কেইজন লোকৰ ওপৰত আৰক্ষীৰ লাঠিচালনা। ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ আহ্বান।

১০. লকডাউনৰ মাজতে বৃহস্পতিবাৰে দিল্লী আৰক্ষীৰ প্রশংসনীয় পদক্ষেপ। দুখীয়া লোকসকলৰ মাজত খাদ্য বিতৰণ কৰে আৰক্ষীয়ে।

১১. কেবিনেট বৈঠকত অংশ ল'লে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। কোৰোনা ভাইৰাছৰ সন্দৰ্ভত ৰাজ্যসমূহৰ পৰিস্থিতি সন্দৰ্ভত নজৰ ৰাখিবলৈ সতীৰ্থ মন্ত্ৰীসকলক নিৰ্দেশ প্রধানমন্ত্ৰীৰ।

১২. 'প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'প্ৰধানমন্ত্ৰী গৰীব কল্যাণ' পুঁজিৰ যি পদক্ষেপ লৈছে সেয়া প্রশংসনীয়।'- এই মন্তব্য উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগীআদিত্য নাথৰ।

১৩. ৰাজস্থানৰ প্ৰতাপগড়ত লকডাউন উলংঘা। আৰক্ষীয়ে শাস্তি দিলে লকডাউন উলংঘা কৰা বহু কেইজন যুৱকক।

১৪. মুম্বাইত লকডাউনৰ ফলত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে দৰিদ্ৰ লোকসকল। এই লোকসকলক বৃহস্পতিবাৰে খাদ্য যোগান ধৰে একাংশ সমাজকৰ্মীয়ে।

১৫. ২২ মে'ত মুক্তি পাব নতুন হিন্দী ছবি লক্ষ্মীবোম্ব। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে।

১৬. কলকাতাৰ এখন বজাৰত উপস্থিত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বজাৰখনত উপস্থিত হৈ বেপাৰী আৰু একাংশ বিষয়াক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাই তেওঁ।

১৭. গুৱাহাটীত ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ সময়সূচী ঘোষণা। পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ খোলা পাইকাৰী দোকান। পুৱা ৯ বজাৰ পৰা বিয়লি ৬ বজালৈ খোলা খুচুৰা দোকান।

১৮. কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতি লক্ষ্য ৰাখি তৎপৰ হৈছে অসম আৰক্ষীও। বৃহস্পতিবাৰে আইন অমান্য কৰা এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে কেবাজনকো আটক কৰে।

১৯. 'মোৰ এমাহৰ দৰমহা প্রধানমন্ত্ৰী সাহায্য পুঁজিত দান দিম।'- দেশৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ।

২০. কোৰোনা ভাইৰাছৰ লকডাউনৰ মাজতে দৌলাশাল আৰক্ষীৰ জালত পৰিল দুটাকৈ ড্ৰাগছ ব্যৱসায়ী। নলবাৰী জিলাৰ দৌলাশালত বৃহস্পতিবাৰে বিয়লি স্থানীয় লোকে দুটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰি দৌলাশাল আৰক্ষীক গতাই দিয়ে। আৰক্ষীৰ জালত চেলিম উদ্দিম আহমেদ আৰু জাইদুল শিকদাৰ।

২১. 'গুজৰাটত মাৰ্চ আৰু এপ্ৰিল মাহৰ বিদ্যুৎ বিল পৰিশোধ কৰাৰ সময়সীমা বৃদ্ধি কৰা হৈছে। অহা ১৫মে'ৰ ভিতৰত জমা দিব পাৰিব ধন।'- এই ঘোষণা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী।

২২. গুৱাহাটীৰ একাংশ ভাৰাঘৰৰ গৰাকীয়ে চিকিৎসাকৰ্মীক ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়াৰ অভিযোগ। এই কথা পোহৰলৈ অহাৰ পাছত ৰাজ্য চৰকাৰক কঠোৰ ব্যৱস্থা ল'বলৈ কেন্দ্ৰৰ জৰুৰী নিৰ্দেশ।

২৩. মহাৰাষ্ট্ৰত বৃহস্পতিবাৰে কোৰোনা ভাইৰাছত আক্ৰান্ত হয় আৰু ৫জন লোক। বৰ্তমানলৈ ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৩০জনলৈ বৃদ্ধি।

২৪. লকডাউনৰ মাজতে পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা। বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত মটৰচাইকেলত উঠি গুলীবৰ্ষণ কৰে সন্ত্ৰাসবাদীয়ে। চিআৰপিএফৰ জোৱানৰ ওপৰত চলাই গুলীবৰ্ষণ।

২৫. লকডাউনৰ সময়ত যাতে ৰাইজ অসুবিধাত নপৰে সেই বিষয়ত গুৰুত্ব দিছে যোগান বিভাগে। গুৱাহাটীত শুকুৰবাৰৰ পৰা বিভিন্ন স্থানচ বিক্ৰী কৰিব পাচলি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in