১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. কৰ্ণাটকৰ ধাৰৱাড জিলা উপায়ুক্তৰ কাৰ্যালয়ত এজন ব্যক্তিৰ আত্মহত্যাৰ অপচেষ্টা। লোকজনক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে হাস্পতাললৈ।

২. মধ্যপ্ৰদেশৰ মাঝোলীৰ চৰকাৰী বিদ্যালয়ত শৌচালয় আৰু বিশুদ্ধ খোৱাপানীৰ অভাৱ। বিদ্যালয়ৰ এজন শিক্ষকে কয় যে, শৌচালয় আৰু খোৱাপানীৰ অভাৱৰ ফলত ছাত্ৰ-ছাত্ৰীসকল ভীষণ অসুবিধাৰ সন্মুখীন হৈ আহিছে।

৩. কৈলাশ যাত্ৰা সময়ত ঠাণ্ডাৰ ফলত মৃত্যু দুজন তীৰ্থযাত্ৰীৰ। আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে আন তিনিজন তীৰ্থযাত্ৰীক।

৪. বিশাখাপট্টনমত এ আই এ-য়ে গ্ৰেপ্তাৰ কৰে দুজন ব্যক্তি। প্ৰায় ১০,২০,০০০ টকাৰ নকল নোটসহ গ্ৰেপ্তাৰ কৰা হয় লোক কেইজনক।

৫. হায়দৰাবাদত বন বিভাগৰ লোকে পিঞ্জৰাৱদ্ধ কৰে এটা নাহৰফুটুকীক। দীৰ্ঘদিন ধৰি নাহৰফুটুকীটোৱে সৃষ্টি কৰি আহিছিল আতংকৰ।

৬. দিল্লীৰ ছালিমাৰ বাগত সলিল সমাধি এজন ২১ বছৰীয়া যুৱকৰ। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ৰুজু কৰিছে গোচৰ।

৭. দিল্লীৰ শংকৰ ৰোডস্থিত এটা অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড। উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে ৭জনকৈ লোকক। বৰ্তমানলৈ কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

৮. বুধবাৰে টিডিপিৰ বিজনেছ চেল ছেক্ৰেটাৰী কোনেৰু ভেংকাটা কৃষ্ণনে যোগ দিয়ে বিজেপিত। বিজেপিৰ কেইজনো শীৰ্ষ নেতাৰ উপস্থিতত যোগ দিয়ে দলটোত।

৯. বুধবাৰে জাপানৰ অ'ছাকা অভিমুখে ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। অছাকাত জি২০ সন্মিলনত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

১০. টিডিপিৰ প্ৰবক্তা লংকা দিনাকৰে বুধবাৰে যোগ দিয়ে ভাৰতীয় জনতা পাৰ্টিত। বিজেপিৰ কাৰ্যবাহী সভাপতি জগত প্ৰকাশ নাড্ডাৰ উপস্থিত যোগ দিয়ে দলটোত।

১১. চেন্নাইৰ বিভিন্ন স্থানত বুধবাৰে বৃষ্টিপাত। বৰষুণৰ ফলত কিছু পৰিমানে গৰমৰ পৰা সকাহ পাই স্থানীয় ৰাইজে।

১২. বিজেপি বিধায়ক আকাশ বিজায়ৱাৰগীয়াক ৭ জুলাইলৈ আইনী জিম্মালৈ প্ৰেৰণ। ইন্দোৰত বুধবাৰে পৌৰ নিগমৰ বিষয়াক আক্ৰমণ কৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

১৩. 'সঁচা কথা ক'বলৈ গ'লে আমি নাজানো যে কি ৰঙৰ জাৰ্ছি আমি আগন্তুক খেলখনত পিন্ধিব লাগিব।'- এই মন্তব্য ভাৰতীয় ক্ৰিকেট দলৰ বলিঙৰ কোচ্চ ভাৰত অৰুণৰ।

১৪. মুম্বাই আৰক্ষীয়ে বুধবাৰে গ্ৰেপ্তাৰ কৰে দুই ডকাইতক। মুম্বাইৰ চাৰকোপত এখন জুৱেলাৰী দোকানত ডকাইতি কাণ্ড সংঘটিত কৰাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এগৰাকী মহিলা আৰু এজন যুৱকক।

১৫. শ্ৰীলংকা নৌসেনাই বুধবাৰে আটক কৰে চাৰিজন ভাৰতীয় মাছমৰীয়াক। সোধ-পোছ অব্যাহত ৰাখিছে শ্ৰীলংকা নৌ সেনাই।

১৬. 'মই ক্ৰিকেট ৱৰ্ল্ডকাপ-২০১৯ৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ বিৰুদ্ধে টি-২০ মেচ খেলাৰ পৰিকল্পনা কৰি আছো।'- বুধবাৰে সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে ৱেষ্ট ইণ্ডিছৰ খেলুৱৈ খ্ৰীছ গেইলে।

১৭. বিজেপিক হৰুওৱাৰ লক্ষ্যৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়- 'সকলো বিৰোধী দল একগোট হ'ব লাগিব আৰু ভাৰতীয় জনতা দলক হৰুৱাব লাগিব।'

১৮. চেন্নাইত বিশুদ্ধ খোৱাপানীৰ অভাৱৰ সন্মুখীন স্থানীয় ৰাইজ। হাতে হাতে পাত্ৰ লৈ পানীৰ বাবে শাৰী পাতে সৰ্বসাধাৰণ ৰাইজে।

১৯. হৰিদ্বাৰত সুৰা মাফিয়াৰ দপদপনি। অবৈধ সুৰা সৰবৰাহকাৰীক বাধা দিয়াৰ ফলত এজন আৰক্ষী জোৱানক আক্ৰমণ কৰে সুৰা মাফিয়াই।

২০. গৃহ মন্ত্ৰী অমিত শ্বাহ বুধবাৰে উপস্থিত শ্ৰীনগৰত। দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীনগৰত উপস্থিত গৃহ মন্ত্ৰীগৰাকী। অমৰনাথ যাত্ৰাত সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত বুজ ল'বলৈ উপস্থিত শ্ৰীনগৰত গৃহ মন্ত্ৰীগৰাকী।

২১. কৰ্ণাটক প্ৰদেশ মহিলা কংগ্ৰেছৰ সদস্যসকলে বাংগালুৰু জেনেৰেল পোষ্ট অফিচৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ। ইভিএমৰ সলনি বেলট পেপাৰ ব্যৱহাৰৰ দাবীত এই প্ৰতিবাদ।

২২. কৰ্ণাটকৰ মাড্ডাৰত ৱাটাৰ মেনেজমেন্ট বৰ্ডৰ চৌহদত কৃষক ৰাইজৰ প্ৰতিবাদ। বিশুদ্ধ খোৱাপানীৰ অভাৱত কৃষক ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ।

২৩. তামিলনাডুৰ আয়াৰা ব্যাশ্যা হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বেলকনী খহি পৰে বুধবাৰে। ফলত গুৰুতৰভাৱে আহত হয় তিনিজন শিক্ষাৰ্থী। আহত শিক্ষাৰ্থীসকলক চিকিৎসালয়ত ভৰ্তি।

২৪. অহা ১৫ আগষ্টত ভাৰতৰ ছবিগৃহত মুক্তি পাব নতুন একচন ছবি ছাহো। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব প্ৰভাস আৰু শ্ৰদ্ধা কাপুৰে।

২৫. হিমাচলপ্ৰদেশৰ মানালী-ৰোহটাগ ঘাইপথৰ মাৰহী এলেকাত যান-জঁট। অগণন পৰ্যটকৰ আগমনৰ ফলতেই পথটোত সৃষ্টি হয় ভীষণ যান-জঁটৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in