১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. মহানগৰীৰ মাজমজিয়াত চাঞ্চল্যকৰ দিনডকাইতি। উজানবজাৰৰ বেলতলত এগৰাকী মহিলাৰ পৰা লুটি নিলে ১ লাখ টকা। চেনিকুঠিস্থিত এচ বি আই শাখাৰ পৰা ধন লৈ ঘৰমুৱা হওঁতে অঘটন।

২. 'মোডীৰ কথা আৰু কামৰ মাজত পাৰ্থক্য আছে, আমাক ৰাহুল দৰে প্ৰধানমন্ত্ৰী লাগে' শুকুৰবাৰে এক জনসভাত এই মন্তব্য তেজস্বী যাদৱৰ।

৩. ' এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে লাভ কৰিব ৪০০ খন আসন' এই দাবী যোগী আদিত্য নাথৰ।

৪. বক্স অফিচত লেমেহীয়া গতিৰে চলিছে হিন্দী ছবি কলংক। মুক্তিৰ ৯ দিনৰ অন্তত ছবিখনে উপাৰ্জন কৰিছে মুঠ ৭৬ কোটি টকা।

৫. শ্ৰীলংকাৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ পাছতে দেশখনৰ আই জি পিয়ে কৰিলে পদত্যাগ। সংবাদমাধ্যমক এই কথা জনালে ৰাষ্ট্ৰপতি মৌত্ৰীপালা চিৰিসেনাই।

৬. শুকুৰবাৰে বিজেপিত যোগদান কৰিলে পাঞ্জাৱী গায়ক দলেৰ মেহেন্দীয়ে। দিল্লীৰ মুখ্য কাৰ্যালয়ত কৰিলে যোগদান।

৭. দেশৰ জ্যেষ্ঠ ৰাজনীতিক মুলায়ম সিং যাদৱৰ স্বাস্থ্যৰ অৱনতি। নাকৰ পৰা উলাইছিল তেজ। বৰ্তমান আই চি ইউত ভৰ্তি নেতা জনক।

৮. দিল্লীৰ এন চি আৰত ১২ মহলীয়া অট্টালিকাৰ পৰি মৃত্যু ৫ বছৰীয়া এটি শিশুৰ। সেইসময়ত ঘৰত নাছিল পৰিয়ালৰ কোনো সদস্য।

৯. শ্ৰীনগৰত কৰ্তব্যৰত অৱস্থাত থকা এজন সেনা জোৱানে গুলীয়াই আত্মহত্যাৰ চেষ্টা। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি।

১০. চত্তীশগড়ত শুকুৰবাৰ হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হয় ৬ জন লোক। ইয়াৰে ৫ জন আছিল শিশু।

১১. এছিয়ান বক্সিং চেম্পিয়নশ্বিপত শুকুৰবাৰে ভাৰতে দখল কৰে এটা স্বৰ্ণ পদক আৰু দুটা ৰূপৰ পদক। ৫২ কিঃগ্ৰাঃ শাখাত ভাৰতৰ বক্সাৰ অমিত পাংঘালে দখল কৰে স্বৰ্ণ পদক।

১২. ৰাজ্যৰ ভিন্ন স্থানত ধুমুহাৰ তাণ্ডৱ। পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ'ৰ বিভিন্ন অঞ্চলত বিধ্বংসী ধুমুহা। নগাঁৱৰ বিভিন্ন স্থানতো ধুমুহাৰ তাণ্ডৱ। হঠাৎ অহা এজাক ধুমুহাই তচনচ কৰিলে কামপুৰৰ বিভিন্ন অঞ্চল৷

১৩. অৱশেষত আদালতত আত্মসমৰ্পণ শিক্ষক তপন বৰ্মনৰ। মহানগৰীৰ হেঙেৰাবাৰীৰ লিচুবাগানত এগৰাকী কিশোৰীক ধৰ্ষণৰ চেষ্টা চলাইছিল লম্পট শিক্ষকগৰাকীয়ে।

১৪. ৰোহিত শ্বেখৰ হত্যাকাণ্ড। মূল অভিযুক্ত পত্নীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ। পত্নীৰ কেইবাটাও দাবী খাৰিজ কৰিছে আদালতে।

১৫. মুক্তিৰ প্ৰথম দিনাই হলিউদ ফিল্ম এভেঞ্জাৰ্ছ: এণ্ডগেমে বক্স অফিচত ৰচিলে ইতিহাস। প্ৰথমদিনাই ছবিখনে উপাৰ্জন কৰিছে ১১৮৭ কোটিৰো অধিক ধন।

১৬. গোলাঘাট জিলাৰ মেৰাপানীত নাহৰফুটুকীৰ ত্ৰাস। ৩নং গমাৰিৰ বিষ্ণু দাস নামৰ লোকজনৰ ঘৰত দিনদুপৰতে সোমাল বাঘ।বাঘটো পিঞ্জৰাৱদ্ধ কৰাৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ দল।

১৭. জুৰীয়াৰ পূব চটিয়ানত এজনৰ মৃতদেহ উদ্ধাৰ। বিলৰ পাৰত উদ্ধাৰ হোৱা মৃত লোকজন নুৰ হুছেইন বুলি চিনাক্ত কৰিছে স্থানীয় ৰাইজে।

১৮. পৰাজয় হোৱাৰ ভয়তে বাৰাণসীৰ পৰা নিৰ্বাচনত অৱৰ্তীণ নহ'ল প্ৰিয়ংকা গান্ধী। এই মন্তব্য বাবা ৰামদেৱৰ।

১৯. শুকুৰবাৰে নিলাম হয় নীৰৱ মোডী আৰু মেহোল চৌকছীৰ ১৩ খন বিলাসী বাহন। ইয়াৰে ১১ খন নীৰৱ মোডী আৰু বাকী ২ খন বাহন মেহুল চৌকছীৰ।

২০. ২০ ডিচেম্বৰত মুক্তি পাব চলমান খান অভিনীত ছবি দাবাংগ-৩। ছবিখনত এটা দৃশ্যত দেখা যাব অভিনেতা শ্বাহৰুখ খানকো।

২১. গোলাঘাটত ট্ৰাক হাইজেকত জড়িত ৫জনক গ্ৰেপ্তাৰ।  যোৱা মাৰ্চ মাহত হাইজেক কৰিছিল প্ৰায় ৪০ লাখ টকাৰ বিলাতী সুৰা কঢ়িয়াই নিয়া দুখনকৈ ট্ৰাক। হাইজেক কৰা ট্ৰাক দুখন উদ্ধাৰ হৈছে যদিও উদ্ধাৰ নহ'ল ট্ৰাকত থকা সুৰাখিনি।

২২. দিল্লীৰ লোকসভা নিৰ্বাচনত অৱৰ্তীণ হোৱা ১৭৩ গৰাকীৰ প্ৰাৰ্থীৰ বিপৰীতে মহিলা প্ৰাৰ্থীৰ সংখ্যা মাত্ৰ ১৩ গৰাকী।

২৩. বিজেপিৰ হৈ প্ৰচাৰত নামিল গ্ৰেট খালী। যাদৱপুৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী অনুপম হাজৰাৰ হৈ ভাগ ল'লে ৰেলীত।

২৪. বিৰ্তকিত মন্তব্যৰ বাবে অৰবিন্দ কেজৰিৱালক নিৰ্বাচনী প্ৰচাৰৰ পৰা আতৰাবলৈ নিৰ্বাচনী আয়োগক আবেদন দিল্লী কংগ্ৰেছৰ। কংগ্ৰেছৰ এক প্ৰতিনিধি দলে নিৰ্বাচনী বিষয়া ৰণবীৰ সিঙক সাক্ষাৎ।

২৫. উদ্যোগপতি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীক দেখা গ'ল দক্ষিণ মুম্বাইৰ মোডীৰ নিৰ্বাচনী ৰেলীত। ইয়াৰ পৰিৱৰ্তে পিতৃ মুকেশ আম্বানীয়ে সমৰ্থন কৰিছে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী মিলন্দ দেৱড়াক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in