১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. কংগ্ৰেছ, এন চি পি আৰু শিৱসেনাৰ শক্তি প্ৰদৰ্শন। মহাৰাষ্ট্ৰৰ হোটেল হায়াটত ১৬২ জন বিধায়কে মিত্ৰদলৰ পক্ষে ভোট প্ৰদান কৰাৰ ল'লে শপত।

২. উপ-মুখ্যমন্ত্ৰী হোৱাৰ লাভ! ৪৭ ঘন্টাৰ ভিতৰতে বন্ধ হ'ল অজিত পৱাৰৰ বিৰুদ্ধে থকা ৭০ হাজাৰ কোটি টকাৰ ৯ টা কেছ।

৩. ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত ফিল্মফেয়াৰ। টাইমছ গ্ৰুপৰে চৰকাৰৰ বুজাবুজি চুক্তিত স্বাক্ষৰ। ফিল্মফেয়াৰৰ বাবে ৰাজ্য চৰকাৰে দিব ২৩কোটি। ১০০কোটি মুখ্যমন্ত্ৰীৰ সাহায্য পূজিত দিব টাইমছ গ্ৰুপে।

৪. মহাৰাষ্ট্ৰত বিজেপিৰ কাম-কাজক লৈ অসন্তুষ্ট কংগ্ৰেছ। সোমবাৰে দিল্লীত যুৱ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ।

৫. তিহাৰ জেলত বন্দী হৈ থকা প্ৰাক্তন গৃহমন্ত্ৰী পি চিদাম্বৰমক সোমবাৰে সাক্ষাৎ কৰিলে কংগ্ৰেছ নেতা শশী থাৰুয়ে। লগত আছিল মনীষ তিৱাৰী আৰু কীৰ্তি আজাদ।

৬. আফ্ৰিকাৰ কংগোত বিমান দুৰ্ঘটনা। নিহত হৈছে ২৬ জনকৈ যাত্ৰী।

৭. সোমবাৰে দক্ষিণ চীনত অনুভূত হয় ৫.২ প্ৰাৱল্যৰ ভূমিকম্প। নিহত হৈছে ১ জন আৰু আহত হৈছে ৪ জন লোক।

৮. আফগানিস্তানত তালিবানৰ ঘাটিত আক্ৰমণ। নিহত হৈছে ৩ সন্ত্ৰাসবাদী।

৯. পেৰুত দ খাৱৈত পৰিল বাছ। নিহত হৈছে ১০ জন যাত্ৰী আৰু আহত হৈছে ২০ জন লোক।

১০. উত্তৰ প্ৰদেশৰ ৱাদ্ৰাত ট্ৰাক-বাছৰ সংঘৰ্ষ। নিহত হৈছে ৯ জন যাত্ৰী। ২৪ জনৰ অৱস্থা সংকটজনক।

১১. নিৰ্বাচনৰ বাবে আম আদমী দলত নাই পৰ্যাপ্ত পুঁজি। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ্ৰ কেজৰিৱালে জনতাৰ পৰা বিচাৰিলে সহায়।

১২. হিমাচলত অনিয়ন্ত্ৰিত যাত্ৰীবাহী বাছ পৰিলগৈ দ' খাৱৈত। গুৰুতৰভাৱে আহত হৈছে ১৫ জনকৈ যাত্ৰী।

১৩. সোমবাৰে মনালীত উপস্থিত হৈছে বলিউদ অভিনেতা ৰণবীৰ কাপুৰ আৰু আলিয়া ভট্ট। ছবিৰ শ্বুটিঙৰ বাবে উপস্থিত হৈছে ২ শিল্পী।

১৪. জম্মু-কাশ্মীৰত সেনাৰ ওপৰত আক্ৰমণ কৰিবলৈ অহা ১ জন সন্ত্ৰাসবাদীক আটক। কনভয়ত আক্ৰমণৰ বাবে কৰিছিল পৰিকল্পনা।

১৫. ৰাম মন্দিৰ আৰু সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ আতৰোৱাক লৈ সংকিত হৈছে কংগ্ৰেছঃ ঝাৰখণ্ডৰ এখন জনসভাত ভাগ লৈ এই মন্তব্য কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

১৬. যোৱা ২২ নৱেম্বৰত মুক্তি পোৱা হিন্দী ছবি 'পাগলপন্টি' বক্স অফিচ কালেচন। ৩ টা দিনৰ অন্তত ছবিখনে উপাৰ্জন কৰিছে ১৯.৫০ কোটি টকা।

১৭. যথেষ্ট বিৰতিৰ মূৰত আকৌ ৰূপালী পৰ্দালৈ অভিষেক বচ্চন। শ্বাহৰুখ খানৰ আহিবলগীয়া ছবি Bob Biswasত মুখ্য চৰিত্ৰত দেখা যাব অভিষেক বচ্চনক।

১৮. সোমবাৰে তুৰ্কীত সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰম্ভ কৰিছে সেনাই। গঠন কৰা হৈছে ২২৫০ জনীয়া বিশেষ গোট।

১৯. তীব্ৰ বাক-বিতণ্ডাৰ মাজতে সোমবাৰে মুখ্যমন্ত্ৰীৰ কাম-কাজত হাত দিলে দেবেন্দ্ৰ ফাণ্ডাৱিজে। মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ প্ৰথমখন চেকত কৰিলে চহী।

২০. ৰাজ্যত প্ৰতিবাদেৰে উত্তাল হ'ল ২৫ নৱেম্বৰ। এফালে শিক্ষকৰ প্ৰতিবাদ আনফালে পৃথক বড়োলেণ্ডৰ দাবীত এবছুৰ প্ৰতিবাদ।

২১. ডিগবৈ শোধনাগাৰত সোমবাৰে ঠিকা শ্ৰমিকৰ অৰ্ধ-উলংগ প্ৰতিবাদ সাব্যস্ত৷ শোধনাগাৰত আইটেম জব ব্যৱস্থা বাতিলৰ দাবীত ঠিকা মজদুৰ ইউনিয়নৰ প্ৰতিবাদ৷

২২. দেওবাৰে নিশা ডিব্ৰুগড়ৰ কলাখোৱাত পুনৰ এটা বন্যহস্তীৰ মৃত্যু।পথাৰত ধান খাবলৈ আহি মৃত্যু বনৰীয়া হাতীটোৰ। বৈদ্যুতিক তাঁৰত লাগি মৃত্যু হাতীটোৰ।

২৩. এটাৰ পিছত আন এটা হত্যাকাণ্ডই জোকাৰি গৈছে ডিব্ৰুগড় জিলাৰ টিংখাং। এইবাৰ মাতৃ আৰু ভাতৃক হত্যা কৰি পলাতক যুৱক। আৰক্ষীৰ অভিযান আৰম্ভ।

২৪. এজিপি, বিজেপি আৰু বিপিএফেই পুনৰ দখল কৰিব বিটিচি। এই দাবী কৰিলে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে।

২৫. মণিপুৰ সীমান্তত ম্যানমাৰ সেনাৰ বৃহত্‍ অভিযান। নগা চুক্তিৰ পূৰ্বে NSCN(IM)ৰ শিবিৰত অভিযান। ম্যানমাৰ সেনাৰ অভিযানত নিহত ৩ NSCN(IM) কেডাৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in