১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. বুধবাৰে সন্ধিয়াভাগৰ পৰা নিশা ১১ বজালৈকে কোৰোনাত আক্ৰান্ত হৈ ৭ শতাধিকৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। সমগ্ৰ বিশ্বতে কোৰোনাই প্ৰাণ লোৱা লোকৰ সংখ্যা হৈছেগৈ ২০,৪৯৯ গৰাকী।

২. কোৰোনা ভাইৰাছ। চীনক চেৰ পেলালে স্পেইনে। স্পেইনত মৃতকৰ সংখ্যা হ'লগৈ ৩,৪৩৪।

৩. ইটালীত কমা নাই কোৰোনাৰ সন্ত্ৰাস। ইটালীত বুধবাৰৰ দিনটোত ৬ শতাধিকৰো অধিক ব্যক্তিৰ মৃত্যু হোৱাৰ বিপৰীতে চীনত মৃত্যু হৈছে ৪ গৰাকী ব্যক্তিৰ।

৪. লকডাউনৰ সময়ৰ পৰিস্থিতি বুজ লবলৈ বুধবাৰে পৰ্যালোচনা সভাত মিলিত হয় মুখ্যমন্ত্ৰী। জৰুৰীকালীন সেৱাৰে জড়িত বিষয়াবৰ্গৰে বৈঠক। অত্যাৱশ্যকীয় সেৱা বাহাল ৰাখিবলৈ সকলো পক্ষক নিৰ্দেশ।

৫. BTADৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকলৈ বিনামূলীয়া ৰেচন। ৫.৫ লাখ লোকক বিনামূলীয়া ৰেচন যোগানৰ সিদ্ধান্ত BTCৰ। সংবাদমেলত সদৰি কৰিলে BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

৬. কৰোনাৰ বাবে ঘোষণা কৰা লকডাউনৰ সময়ত দেশত খাদ্য সংকট দেখা নিদিবলৈ ৰেচনৰ দোকানৰ জৰিয়তে আগবঢ়োৱা খাদ্য সামগ্ৰীৰ পৰিমাণে মাহে ২ কেজিৰ পৰা ৭ কেজি কৰাৰ সিদ্ধান্ত লৈছে। বুধবাৰে পুৱা অনুষ্ঠিত এক বৈঠকত অৰ্থনৈতিক পৰিক্ৰমাৰ এক কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়।

৭. বুধবাৰে প্রধানমন্ত্ৰী মোডীয়ে ভিডিঅ' কনফাৰেন্সযোগে সম্বোধন কৰে নিজৰ সমষ্টি বাৰানসীবাসীক। সমগ্ৰ দেশজুৰি লকডাউন ঘোষণাৰ পাছত প্রথমবাৰলৈ নিজৰ সমষ্টিবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ।

৮. তেলেংগানাত বুধবাৰে আৰু দুজন লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ৰাজ্যখনত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪১জনলৈ বৃদ্ধি।

৯. ২৩ মাৰ্চৰ নিশাৰ পৰা ২৫ মাৰ্চলৈ ৰাজ্যবাসীৰ মাজত ৪৫০০টা এল পি জি চিলিণ্ডাৰ। এই কথা সদৰী কৰিলে চণ্ডীগড়ৰ চৰকাৰী তথ্যই।

১০. বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। স্পেইনৰ উপ প্ৰধানমন্ত্ৰী চাৰ্মেন কালভোৰ দেহতো কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

১১. প্ৰধানমন্ত্ৰী মোডীয়ে টেলিভোনযোগে বাৰ্তালাপ কৰে ৰাছিয়ানৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে। কোৰোনা মহামাৰীৰ সন্দৰ্ভত টেলিফোনতেই আলোচনা কৰে দুয়োখন দেশৰ প্ৰতিনিধিদ্বয়ই।

১২. বিজেপিৰ তৰফৰ পৰা ৫ কোটি দুখীয়া লোকক লকডাউনৰ সয়মত খাদ্য যোগান ধৰা হ'ব। এই ঘোষণা বিজেপি অধ্যক্ষ জে পি নড্ডাৰ।

১৩. লকডাউনৰ ফলত ভাৰততে আছে বহু বিদেশী নাগৰিক। বুধবাৰে নিশা জাৰ্মানলৈ ৫০০গৰাকী জাৰ্মানী লোকক পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে।

১৫. মহাৰাষ্ট্ৰৰ পালঘৰত যোৱা ৮দিনত ৰুজু কৰা হৈছে ১৮৩টা গোচৰ। চৰকাৰী নীতি-নিয়ম উলংঘা কৰাৰ বাবে ৰুজু এই গোচৰসমূহ।

১৬. দিল্লীৰ বিজয়নগৰত এগৰাকীৰ মহিলাৰ দেহত পিক পেলালে এজন যুৱকে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনক।

১৭. ছত্তীশগড়ত নিয়ন্ত্ৰণহীন হৈ বাগৰিল এখন স্কুটী। দুৰ্ঘটনাত আহত এজন স্কুটী আৰোহী।

১৮. কোৰোনাৰ সন্ত্ৰাসৰ মাজতে ভাল খবৰ। সমগ্ৰ বিশ্বত কোৰোনাত আক্ৰান্ত হৈ সুস্থ হৈছে ১১৩,৭৭৬ গৰাকী লোক।

১৯. উত্তৰ-পূবত প্ৰথমজন Covid-19 আক্ৰান্ত ধৰা পৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে এই সংখ্যা দুজনলৈ বৃদ্ধি পালে। মণিপুৰৰ ইংলেণ্ড ফেৰত্‍ যুৱতীগৰাকীৰ পিছত এইবাৰ এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈছে মিজোৰামৰ এজন লোক।

২০. মাৰাত্মক ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে দেশজোৰা লকডাউন ঘোষনা কৰাৰ মাজতে দেশৰ ভিন্ন প্ৰান্তকে ধৰি অসমতো চেনিটাইজেশ্যন প্ৰক্ৰিয়া মঙলবাৰৰ পৰা আৰম্ভ হৈছে।

২১. 'গাড়ীৰ পৰিৱৰ্তে খোজকাঢ়ি যাওক বজাৰলৈ' '৪জনতকৈ অধিক লোক একগোট নহ'ব। লকডাউনৰ সময়ত গাড়ীৰে বজাৰলৈ নোযোৱাৰ আহ্বান DGPৰ।

২২. সৰুসজাই, নেহৰু ষ্টেডিয়াম হ'ব কোৱাৰেণ্টাইন কেম্প। ঘোষণা কৰিলে স্বাস্থ্য মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই। দুয়োখন ষ্টেডিয়ামত থাকিব ২ হাজাৰখনকৈ বিছনা।

২৩. কোৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগী বিশ্বত বাঢ়িয়েই আছে। বুধবাৰলৈ মুঠ আক্ৰান্ত 459,560 গৰাকী।

২৪. ৰেলনগৰী লামডিংতও আজি চেনিটাইজেছন কৰা হয়। কৰ'না সংক্ৰমন ৰোধৰ বাবে লামডিং পৌৰ সভা,অগ্নি নিৰ্বাপক আৰু আপদকালীন সেৱা বাহিনীএ লামডিংৰ বিভিন্ন স্থানত চেনীটাইজেছন কৰে।

২৫. লক ডাউনৰ সময়ত কামৰূপ জিলাৰ বাবে বিশেষ নিৰ্দেশনা। পুৱা ১০ বজাৰ পৰা ১ বজালৈহে খোলা থাকিব গেলামালৰ দোকান। গেলামালৰ দোকানে বিক্ৰী কৰিব পাৰিব শাক-পাচলি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in