১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত আকৌ ৫৮৩৫ জন কোৰোনাত আক্ৰান্ত। মঙলবাৰৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৭৩জনৰ মৃত্যু।

২. কোৰোনাত আক্ৰান্ত হৈ পিতৃ-মাতৃৰ মৃত্যু হোৱা শিশুৰ বাবে বিশেষ পদক্ষেপ দিল্লীৰ কেজৰিৱাল চৰকাৰৰ । শিক্ষাৰ লগতে ২৫০০ টকাকৈ প্ৰতি মাহে শিশু সকলক প্ৰদান কৰিব কেজৰিৱাল চৰকাৰে ।

৩. মহানগৰীৰ মালিগাওঁত চুৰিকাণ্ড ।পিপিই কিট পিন্ধি কাঁহ-পিতলৰ দোকানত লুটপাত চলালে চোৰে।

৪.তেজপুৰত কোভিড পৰিস্থিতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । প্ৰতিনিশা ২ বজাত কৰ্তব্যৰত চিকিৎসকৰ সৈতে ভিডিঅ'কল কৰি চিকিৎসা সেৱাৰ বুজ ল'ব মুখ্যমন্ত্ৰীয়ে ।

৫. অ'এনজিচিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ গৃহলৈ গৈ পৰিয়ালক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অপহৃত কৰ্মচাৰী গৰাকীক নিৰাপদে ঘৰলৈ ঘূৰাই অনাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস কৰিছে বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ।

৬. কন্টেইমেন্ট জ'নত থকা অৰ্থিকভাবে পিচপৰা লোকক ২ হেজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে ।

৭. যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে শেহতীয়াকৈ কোভিড ১৯ৰ সংক্ৰমণৰ পৰা আৰোগ্য হোৱা এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী আৰু আন্তঃৰাষ্ট্ৰীয় পাৱাৰলিফটিং প্ৰশিক্ষক জোছেফ জেমছক ২.৫ লাখ টকাৰ সাহায্য অনুমোদন জনাইছে ।

৮. হাৰিয়ানা আৰক্ষীয়ে আজি চিৰচা জিলাত তৰমুজৰ বোজাত লুকুৱাই থোৱা ১৪৫ কিলোগ্ৰাম 'ডোডা পোষ্ট' জব্দ কৰে। পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

৯. চিবিএছইয়ে বিদ্যালয়সমূহৰ দশম শ্ৰেণীৰ নম্বৰ বোৰ প্ৰস্তুত কৰিবলৈ আৰু সেইবোৰ পৰিষদত দাখিল কৰাৰ বাবে সময়সীমা ৩০ জুনলৈ বৃদ্ধি কৰিছে।কোভিড পৰিস্থিতিৰ বাবে আৰু শিক্ষক আৰু কৰ্মচাৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে কেইবাখনো ৰাজ্যত লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে ।

১০.মুম্বাইৰ উপকূলৰ পৰা আৰৱ সাগৰত আঘাত প্ৰাপ্ত টাউকেই ঘূৰ্নীবতাহৰ পৰা এতিয়ালৈকে ২৬১ জন লোকৰ ভিতৰত ১৮২ জন লোকক উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ অভিযান এতিয়াও চলি আছে ।

১১. ডিগবৈৰ টিংৰাই গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত দুজনক গ্ৰেপ্তাৰ । বাইক চালক ৰঞ্জিত চাংমাই আৰু আৰোহী হীৰেন গগৈ ওৰফে মনুক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে লগতে উদ্ধাৰ কৰে এখন পালচাৰ বাইক ।

১২. তেলেংগানাত আকৌ ৩৯৮২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৩৬৭৬৬জনলৈ পাইছে বৃদ্ধি।

১৩. যোৱা ২৪ ঘন্টাত পঞ্জাৱত আকৌ ৭১৪৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ২৩১জনৰ মৃত্যু।

১৪. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুজৰাটত উপস্থিত হ'ব বুধবাৰে। টাউকটিয়া ঘূৰ্ণীবতাহৰ ফলত হোৱা ক্ষয়ক্ষতি সন্দৰ্ভত কৰিব পৰ্যবেক্ষণ।

১৫. বিহাৰত নতুনকৈ ৬২৮৬জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬৬৪১১৫জনলৈ পাইছে বৃদ্ধি।

১৬. হাৰিয়ানাত পুনৰ ৭৭৭৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত মঙলবাৰে কোৰোনাত আক্ৰান্ত ১২৪জনৰ মৃত্যু।

১৭. যোৱা ২৪ ঘন্টাত মহাৰাষ্ট্ৰত ২৮৪৩৮জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ৬৭৯জনৰ মৃত্যু।

১৮. মুম্বাইত নতুনকৈ ৯৫৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৬৯০৮৮৯জনলৈ পাইছে বৃদ্ধি।

১৯. অহা ৩০ মে'লৈকে তেলেংগানাত লক'ডাউনৰ সময়সীমা বৃদ্ধি। ৰাজ্য চৰকাৰে কৰিছে এই ঘোষণা।

২০. পশ্চিমবংগত আকৌ ১৯৪২৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১৪৫জনৰ মৃত্যু।

২১. তামিলনাডুত আকৌ ৩৩০৫৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৩৬৪জনৰ মৃত্যু।

২২. কেৰালাত আকৌ ৩১৩৩৭জন লোক কোৰোনাত আক্ৰান্ত। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩৪৭৬২৬জন ৰোগী।

২৩. গুজৰাটত আকৌ ৬৪৪৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৭৬৬২০১জনলৈ পাইছে বৃদ্ধি।

২৪. মধ্যপ্ৰদেশত নতুনকৈ কোৰোনাত আক্ৰান্ত ৫৪১২জন লোক। ৰাজ্যখনত এতিয়াও এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৮২৯৬৭জন ৰোগী।

২৫. উত্তৰপ্ৰদেশত আকৌ ৮৭৩৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ২৫৫জনৰ মৃত্যু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in