১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত আকৌ ৫৮০৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ১৪৮১জন লোক কামৰূপ মেট্ৰ'ৰ। ইফালে, ৪৮৬জন কামৰূপ গ্ৰাম্য, ৩৯২জন ডিব্ৰুগড় আৰু ২৭৫জন নগাঁৱৰ।

২. মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত সোমবাৰে ১৩ গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহন কৰে । মন্ত্ৰী সভাত ইউপিপিএলৰ এজন আৰু অগপৰ ২ জনকৈ মন্ত্ৰীয়ে স্থান লাভ কৰে ।

৩. মুখ্যমন্ত্ৰী ৰূপে প্ৰথমখন সংবাদমেল সম্বোধন কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই । শান্তি আলোচনাৰ বাবে সযুক্ত মুক্তি বাহিনী অসমৰ সেনাধক্ষ্য পৰেশ বৰুৱাক আহ্বান জনাই মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।

৪. চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ ৰাজহুৱা শুনানিৰ দিন অহা ১১ আৰু ১৫ মে তাৰিখে ক্ৰমে ৰহা আৰু হামৰেণত গ্ৰহণ কৰা হয় ।এই কাৰ্য্যক সৰ্বভাৰতীয় জনজাতীয় ছাত্র সংগঠন অসমে আদৰণি জনায় ।

৫. দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কোভিড ভেকছিন, অক্সিজেন যোগান আৰু বিচনাকে ধৰি চিকিৎসা সুবিধাৰ ক্ষেত্ৰত ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰই ।

৬. মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো পদক্ষেপ গ্ৰহণ কৰে ।মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ৰূপে নিযুক্তি প্ৰদান কৰা হৈছে সমীৰ সিনহাক। পূ্ৰ্বে বিত্ত, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব হিচাপে আছিল ।
৭. নাজিৰাৰ সাতচৈ গ্ৰাণ্টৰ বৰচাপৰিত হৃদয়বিদাৰক ঘটনা সংঘটিত হয় ।ঘৰৰ ভিতৰতে আত্মহনন কৰে পিতৃ-কন্যাই।আত্মহত্যা কৰা পিতৃ- কন্যাৰ নাম বিহাৰী বাগতি আৰু তেওঁৰ কন্যাই ।

৮. কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সন্তানলৈ মেঘালয়ৰ মহাত্মা গান্ধী বিশ্ববিদ্যালয়ত বিনামূলীয়া নামভৰ্তিৰ সুবিধা । বিভিন্ন বিভাগত নাম ভৰ্তিৰ সুবিধা লাভ কৰিব ছাত্ৰ-ছাত্ৰী সকলে ।

৯. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শপতগ্ৰহণ অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা উপস্থিত খকাৰ লগতে ৰিপুণ বৰা,, হাগ্ৰামা মহিলাৰী, ৰকিবুল হুছেইন, এআইইউডিএফৰ নেতা উপস্থিত থাকে ।
১০. শপত গ্ৰহণৰ পূৰ্বে শুৱালকুছিৰ ঈশ্বৰ শ্ৰীশ্ৰী হাতী সত্ৰ, দৌলগোবিন্দ মন্দিৰ আৰু কামাখ্যা মন্দিৰত উপস্থিত হৈ ৰাজ্যবাসীৰ কপশল কামনা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই ।

১০. সোমবাৰে শংকৰদেৱ কলাক্ষেত্ৰত পঞ্চদশ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই । জাতীয় সাজপাৰ পিন্ধি শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে ড০ শৰ্মাই ।

১১. পশ্চিমবংগত আকৌ ১৯৪৪৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১৩৪জনৰ মৃত্যু।

১২. মধ্যপ্ৰদেশত আকৌ ৯৭১৫জন কোৰোনাত আক্ৰান্ত। ৰাজ্যখনত এতিয়াও এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১১২২৩জন ৰোগী।

১৩. মুম্বাইত নতুনকৈ ১৭৯৪জন কোভিডত আক্ৰান্ত। মহানগৰীখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৭৪জনৰ মৃত্যু।

১৪. হিমাচলপ্ৰদেশত আকৌ ৪৩৫৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৫৩জনৰ মৃত্যু?

১৫. মহাৰাষ্ট্ৰত আকৌ ৩৭২৩৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ. ৰাজ্যখনত এতিয়াও এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫৯০৮১৮জন ৰোগী।

১৬. চুবুৰীয়া ৰাজ্য মণিপুৰতো প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ৪২৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

১৭. উত্তৰাখণ্ডত আকৌ ৫৫৪১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৪৯৮১৪জনলৈ পাইছে বৃদ্ধি।

১৮. গুজৰাটত আকৌ ১১৫৯২জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১১৭জনৰ মৃত্যু।

১৯. যোৱা ২৪ ঘন্টাত কৰ্ণাটকত কোৰোনাত নতুনকৈ আক্ৰান্ত ৩৯৩০৫জন লোক। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ৫৯৬জনৰ মৃত্যু।

২০. জম্মু-কাশ্মীৰত আকৌ ৩৬১৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৫৪জনৰ মৃত্যু।

২১. চেন্নাই বিমান বন্দৰত গ্ৰেপ্তাৰ এজন লোকক। প্ৰায় আঢ়ৈ কিলোগ্ৰাম ওজনৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা হয় লোক জনক।

২২. চণ্ডীগড়ত আকৌ ৮৬৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫১০৭০জন ৰোগী।

২৩. তামিলনাডুত আকৌ ২৮৯৭৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ গন্টাত কোৰোনাত আক্ৰান্ত ২৩২জনৰ মৃত্যু হয়।

২৪. ৰাজস্থানত আকৌ ১৬৪৮৭জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত এতিয়াও এই ভাইৰাছত আক্ৰান্ত ২০৩০১৭জন লোক চিকিৎসাধীন হৈ আছে।

২৫. অন্ধ্ৰপ্ৰদেশত আকৌ ১৪৯৮৬জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ৮৪জনৰ মৃত্যু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in