১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. বুধবাৰে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা। পুৱা ১০ বজাৰ লগে লগে উপলব্ধ হ'ব এই তালিকা।

২. মুম্বাইৰ কাৰ্জাত আৰু লনাভালাৰ অন্তৰ্গত ৰে'লৱে লাইনত পাহাৰ খহি পৰিলে শিল। শিল আতৰাই পথ মুক্ত কৰাত ব্যস্ত ৰে'ল বিভাগ।

৩. অষ্ট্ৰেলিয়াৰ বলাৰ মাইকেল ষ্টাৰ্কে মঙলবাৰৰ খেলখনৰ পিছতে এইবৰ্ষৰ ক্ৰিকেট ৱৰ্ল্ডকাপত সৰ্বাধিক উইকেট লোৱা খেলুৱৈ হিচাপে পালে স্বীকৃতি। তেওঁ লোৱা মুঠ উইকেটৰ সংখ্যা ২২টা।

৪. হাৰিয়ানাত ছিৰছা জিলাত ৪জন লোকক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ কৰা লোক কেইজনৰ পৰা জব্দ প্ৰায় ২৫০ গ্ৰাম হেৰ'ইন। জব্দ কৰা হেৰ'ইনখিনিৰ বজাৰ মূল্য প্ৰায় ২৫ লাখ টকা।

৫. মুম্বাইত ৰে'লৰ পৰা ২জন বিধায়কৰ সামগ্ৰী লুট। এজন কংগ্ৰেছ বিধায়ক ৰাহুল বন্দৰ আৰু আনজন শিৱসেনাৰ সঞ্জয় ৰায়মুলকাৰ বুলি জানিব পৰা গৈছে।

৬. মুম্বাইৰ পৌৰ নিগমৰ কাৰ্যালয়ত আত্মহত্যা কৰাৰ বাবে চেষ্টা কৰাৰ অভিযোগত এজনক আটক। লোকজনৰ নাম সুদাম চিন্দে।

৭. মঙলবাৰে মন্ত্ৰী কিৰেণ ৰিজিজুৱে সাক্ষাৎ কৰে মহিলা হকী দলক। দলটো হিৰ'শ্বিমাত এফ আই এইচ হকী ছিৰিছত জয়ী হৈছিল।

৮. ২০১৯ বৰ্ষৰ ক্ৰিকেট ৱৰ্ল্ডকাপত চেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা প্ৰথমটো দল অষ্ট্ৰেলিয়া। মঙলবাৰে ইংলেণ্ডৰ বিৰুদ্ধে জয়ী হৈ চেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে দলটোৱে।

৯. আহমেদাবাদ বিমান বন্দৰত এজন যাত্ৰীৰ পৰা উদ্ধাৰ পইণ্ট ৩২ মিঃমিঃ কেলিবাৰৰ ৬ জাঁই গুলী। বিমান বন্দৰ আৰক্ষীয়ে লোকজনক আটক কৰি ৰাখিছে জিম্মাত।

১০. বিহাৰৰ কেজৰিৱাল হাস্পতালত মঙলবাৰে পুৱা মৃত্যু এটি ১৮ মহিয়া শিশুৰ। যোৱা ২৩ জুন তাৰিখে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল শিশুটিক। শিশুটিৰ মৃত্যুৰ পাছতেই পৰিয়ালৰ লোকে হাস্পতালখনত সৃষ্টি কৰে এক উত্তপ্ত পৰিস্থিতি।

১১. ওড়িশ্যাৰ ছিংগাপুৰ ৰোড আৰু কেউটগুডা ষ্টেচনৰ সমীপত লাইনচ্যুট হাউৰাহ-জগদালপুৰ সমলেশ্বৰী এক্সপ্ৰেছ। এই দুৰ্ঘটনাত নিহত ৩জন ৰেল বিভাগৰ কৰ্মচাৰী।

১২. ভিলেজ ষ্টে কাৰ্যসূচীৰ অংশ স্বৰূপে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইছ ডি কুমাৰাস্বামী মঙলবাৰে থাকিব মানৱিৰ কাৰেগুড্ডাত। তেওঁৰ সৈতে থাকিব পৰ্যটন মন্ত্ৰী ছা ৰা মহেশ।

১৩. মঙলবাৰে হাৰিয়ানাত স্পেচিয়েল টাস্ক ফৰ্চে গ্ৰেপ্তাৰ কৰে অশোক আলিয়াছ প্ৰধান গেংগৰ এটা শ্বাৰ্প ছুটাৰক। বৰ্তমান আৰক্ষীৰ জিম্মাত শ্বাৰ্প ছুটাৰটো।

১৪. ভাৰতৰ ২৫খন চহৰত মুক্তি পাব নেপালী চলচ্চিত্ৰ 'আপ্পা'। ২৮ জুনত নেপালত মুক্তি দিয়াৰ পিছত ৫ জুলাইত দিয়া হ'ব ভাৰতত মুক্তি।

১৫. ওড়িশ্যাৰ ছিংগাপুৰ ৰোড আৰু কেউটগুডা ষ্টেচনৰ সমীপত লাইনচ্যুত ৰে'ল। ৰেলখন লাইনচ্যুত হোৱাৰ বাবে কৰ্তব্যৰত এজন ষ্টেচন মাষ্টাৰক নিলম্বন কৰে ৰেল বিভাগে।

১৬. মঙলবাৰে টিডিপি সাংসদ জয়দেৱ গাল্লাই সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীক। সংসদত সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক।

১৭. উদীয়মান শ্বুটাৰ হৃদয় হাজৰিকালৈ আগবঢ়োৱা হৈছে 'বছৰটোৰ ক্ৰীড়াবিদ বঁটা। ২০১৮বৰ্ষৰ হূদয় হাজৰিকাই লাভ কৰা বটাঁ দিয়া হ'ব ২৬জুনত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত।

১৮. পশ্চিমবংগৰ ভাটপাৰাত কংগ্ৰেছৰ আৰু চিপিএম কৰ্মীয়ে বাহিৰ কৰে শান্তি মিছিল। আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ ফলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

১৯. ৰাজ্যত নিযুক্তি দিয়া হ'ব ১৪০০ কলেজ শিক্ষক। এই কথা সদৰি কৰিছে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

২০. মঙলবাৰে কানপুৰৰ বিভিন্ন প্ৰান্তত বৃষ্টিপাত। বৰষুণৰ ফলত কিছু পৰিমানে গৰমৰ পৰা সকাহ পাই সৰ্বসাধাৰণ ৰাইজে।

২১. পশ্চিমবংগৰ ভক্তিনগৰস্থিত বিজেপি কাৰ্যালয়ৰ আচবাব ভাঙি লণ্ড ভণ্ড। টি এম চি কৰ্মীয়ে এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ বিজেপি কৰ্মীৰ।

২২. বিহাৰত নালন্দাত শোকাৱহ ঘটনা। এখন চৰকাৰী চিকিৎসালয়ত এটি শিশুৰ মৃতদেহ এজন লোকে কঢ়িয়াই আনে। এম্বুলেন্সৰ অভাৱতে শিশুটিৰ মৃতদেহ এনেদৰে কান্ধত কঢ়িয়াই আনিব লগা হৈছে বুলি অভিযোগ উত্থাপন কৰে লোকজনে।

২৩. অসম পালেহি ছহিদৰ পত্নীক অশ্লীল মন্তব্য দিয়া যুৱক৷ অসম আৰক্ষীয়ে কাশ্মীৰত আটক কৰি লৈ আহিলে অসমলৈ৷ যুৱকজনৰ নাম চাহিল আব্বাছ।

২৪. অহা ১৫ আগষ্টত ভাৰতীয় ছবিগৃহত মুক্তি পাব নতুন ছবি 'ছাহো'। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা প্ৰভাস আৰু অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে।

২৫. ৰে'লৰ যাত্ৰা পলম হোৱাক কেন্দ্ৰ কৰি ৰে'ল বিভাগৰ সিদ্ধান্ত। এতিয়াৰে পৰা বিদ্যাবিহাৰ, থানে আৰু দমবিভলিত ৰে'লৰ গতিবেগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নাথাকিব নিয়ম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in