১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. দিল্লীৰ ভজনপুৰাত উপস্থিত হৈ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুজ ল'লে পৰিস্থিতিৰ। শনিবাৰে এই অঞ্চলটোত এটা কোচি চেণ্টাৰৰ মুধচ খহি পৰাৰ ফলত ৩ ছাত্ৰ আৰু এজন শিক্ষকৰ মৃত্যু ঘটে।

২. দিল্লীৰ ভজনপুৰাত শনিবাৰে খহি পৰা নিৰ্মীয়মান অট্টালিকাটোৰ নিৰ্মাণকাৰ্য অবৈধভাৱে চলি থকা বুলি মন্তব্য মুখ্যমন্ত্ৰী কেজৰিৱালৰ। নিহতৰ পৰিয়াললৈ ১০ লাখ টকাকৈ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ বাবে তেওঁ নিৰ্বাচন আয়োগৰ পৰা অনুমতি বিচাৰি আবেদন জনায়।

৩. দেওবাৰে সমগ্ৰ দেশজুৰি পালন হ'ব গণৰাজ্য দিৱস। গণৰাজ্য দিৱস উপলক্ষ্যে ইতিমধ্যে আটক ধুনীয়াকৈ সজাই তোলা হৈছে ৰাষ্ট্ৰপতি ভৱন।

৪. মহাৰাষ্ট্ৰৰ ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ আৰু ব্ৰিহানমুম্বাই পৌৰ নিগমৰ অট্টালিকাটোও পোহৰৰে সজাই তোলা হৈছে গণৰাজ্য দিৱস উপলক্ষ্যে। ত্ৰিৰংগাৰ তিনি ৰঙেৰে সজাই তোলা হৈছে চিএছএমটি আৰু ব্ৰিহানমুম্বাই পৌৰ নিগমৰ অট্টালিকাটো।

৫. 'দেশৰ প্ৰচলিত ৰাজনৈতিক সংজ্ঞা সলনি কৰাৰ সুযোগ আকৌ এবাৰ লাভ হৈছে। ৮ ফেব্ৰুৱাৰীত সকলোৱে ভোট কেন্দ্ৰলৈ গৈ ঝাড়ুৰ ছবিযুক্ত বুটাম টিপি সেই সুযোগৰ সুব্যৱহাৰ কৰক।' -দিল্লীৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটাৰক এইদৰে আহ্বান জনালে আম আদমী পাৰ্টীৰ অধ্যক্ষ তথা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

৬. গণৰাজ্য দিৱস উপলক্ষ্যে জাক জমকৈ সজাই তোলা হৈছে পঞ্জাৱৰ ভাৰত-পাক সীমান্তৰ আটাৰী বৰ্ডাৰ। গণৰাজ্য দিৱসৰ সন্ধিয়া বিভিন্নৰঙী পোহৰেৰে উদ্ভাসিত হৈ উঠিব আটাৰী বৰ্ডাৰ।

৭. দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জোহান্সবাৰ্গত শুকুৰবাৰে অনুষ্ঠিত ইংলেণ্ডৰ টেষ্ট শৃংখলাৰ প্ৰথমখেলত অশালীন মন্তব্য কৰাৰ অপৰাধত আইচিচিয়ে শাস্তি বিহিলে ইংলেণ্ডৰ ক্ৰিকেটাৰ বেন ষ্টকছক। আইচিচিৰ আচৰণবিধি উলংঘা কৰাৰ অপৰাধত তেওঁৰ মেটছ ফী'ৰ ১৫ শতাংশ জৰিমণা বিহাৰ লগতে এক 'ডিমেৰিট পইণ্ট' প্ৰদান কৰে আইচিচিয়ে।

৮. ভাৰতৰ ৭১ সংখ্যক গণৰাজ্য দিৱস উপলক্ষ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক টেলিফোনত শুভেচ্ছা জ্ঞাপন ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটানয়াহুৰ। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সদৰী কৰিছে এই কথা।

৯. ২০ জানুৱাৰীৰ গৌৰীপুৰৰ এটিএম লুট ঘটনাৰে জড়িত ৭ জনক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ। ধৃত লোক কেইজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ১৯ লাখ টকা।

১০. হাৰিয়ানাৰ পানীপট জিলাত ২ পাষণ্ডৰ হাতত গণধৰ্ষণৰ বলি এগৰাকী নাবালিকা। মডেল টাউনৰ ডিএছপি বীজেন্দ্ৰ সিঙে জনোৱা মতে বৰ্তমান চিকিৎসাধীন হৈ আছে নাবালিকাগৰাকী। আনহাতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

১১. কৰ্ণাটকৰ বাংগালুৰুৰ শিৱাজী নগৰত মেন হ'লত সোমাই নিহত এজন লোক। এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন এজন।

১২. অতি শীঘ্ৰে প্ৰাদেশিকীকৰণ কৰা হ'ব ৰাজ্যৰ ৩০ খন মহাবিদ্যালয়। লগতে প্ৰায় ৯০০ অধ্যাপকৰ চাকৰিও কৰা হ'ব নিয়মীয়া। -শনিবাৰে জনতা ভৱনত আয়োজিত সংবাদমেলত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

১৩. সদ্য গঠিত অসমৰ নতুন ৰাজনৈতিক দল 'অসম গণ মঞ্চ'ক বিজেপিৰে বি টীম আখ্যা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। চলিহাই বিজেপিৰ বিৰুদ্ধে অভিযোগ তুলি কয় যে বিৰোধীৰ ভোট বিভাজনৰ বাবেই শাসকীয় দলটোৱে আৰম্ভ কৰিছে এই নিকৃষ্ট ৰাজনীতিৰ।

১৪. মহানগৰীৰ ৱায়াৰলেছত সংঘটিত বিধ্বংসী আগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা দুই কণমানি ঈশান আৰু ইভনৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিবলৈ গৈ ধিং সমষ্টিৰ বিধায়ক তথা এআইইউডিএফৰ নেতা আমিনুল ইছলামে কৰা কাৰ্যই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিধায়কজনে বাসগৃহৰ সন্মুখত লগত নিয়া অনুৰাগীক ফটো মাৰিবলৈ দিয়া প'জৰ দৃশ্য ভাইৰেল হৈ পৰাৰ পিছতে বিধায়কজনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্নজনে।

১৫. কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগুলৈ ভাৰতীয় সেনাৰ 'চীফ অব আৰ্মি ষ্টাফ কমাণ্ডেশ্যন কাৰ্ড' সন্মান। প্ৰশাসনিক ক্ষেত্ৰখনত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এই সন্মান প্ৰদান কৰা হৈছ আৰক্ষী বিষয়াগৰাকীক।

১৬. বিশিষ্ট সংগীত শিল্পী তথা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক শংকৰ দাসৰ দেহাৱসান। বৃক্কৰ ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন চিকিৎসাধীন হৈ থকাৰ পিছত শনিবাৰে হায়াট হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে।

১৭. শনিবাৰে জামিনত মুক্তি লাভ কৰে ২০০৮ চনৰ ভয়াবহ বিস্ফোৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড ৰঞ্জন দৈমাৰীয়ে। চৰকাৰৰ শান্তি প্ৰক্ৰিয়াত অংশ লোৱাৰ বাবে ৪ সপ্তাহৰ বাবে জামিন প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

১৮. ছ'চিয়েল মিডিয়াত আছুক লৈ অশালীন মন্তব্য কৰি ক্ষমা খুজিব লগা হ'ল বিধায়ক বিনোদ হাজৰিকাৰ ভাতৃ মনু হাজৰিকাই। শনিবাৰে চাবুৱা থানাত উপস্থিত হৈ ক্ষমা খোজে মনু হাজৰিকাই।

১৯. দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি ৰূপে শপত ল'লে ৰঞ্জিত দাসে। শনিবাৰে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ২০২১ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৰণনীতি প্ৰস্তুত কৰাৰ বিষয়ে জনালে ৰঞ্জিত দাসে।

২০. লামডিং-লামচাখং ৰে'লৱে ষ্টেচনৰ মাজত ৰে'লৰ খুন্দাত বনৰীয়া হাতীৰ কৰুণ মৃত্যু৷ ১৩১৭৬ নামনিমুৱা আগৰতলা হাওৰা কাঞ্চনজঙ্ঘা এস্কপ্ৰেছ ৰে'লৰ খুন্দাত এজনী মাইকী হাতী মৃত্যু হোৱাৰ লগতে আহত হৈছে এটি পোৱালী হাতী।

২১. কাশ্মীৰত মুকলি কৰা হ'ল ২জি ইন্টাৰনেট সেৱা। কিন্তু প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া ৩০১টা ৱেবছাইটহে ব্যৱহাৰ কৰিব পাৰিব ব্যৱহাৰকাৰীয়ে।

২২. উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ বালি চৰত ডাম্পাৰৰ চেপাত মৃত্যু যুৱকৰ। বালি খান্দি থাকোতে ২০ ফুট দ খাৱৈত ডাম্পাৰৰ সৈতে পৰি যোৱাৰ পিছতে নিহত হোৱা যুৱকজন উত্তৰ গুৱাহাটী ৰজাদুৱাৰৰ সুমন দাস(২২)।

২৩. ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ বাবে গুৱাহাটীত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। কেবাঠাইত নিশা চলোৱা হয় তালাচী।

২৪. ব্ৰাজিলৰ ৰাষ্ট্ৰপতি Jair Messias Bolsonaroক নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আদৰণি জনোৱাৰ বাবে শনিবাৰে অনুষ্ঠিত কৰা হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে ভাৰতত উপস্থিত হৈছেহি ৰাষ্ট্ৰপতিগৰাকী।

২৫. মুক্তিৰ দুটা সপ্তাহত ২০০ কোটিৰ ক্লাৱ স্পৰ্শ কৰিলে অজয় দেৱগণ অভিনীত 'টানহাজীঃ দ্য আনছাং ৱাৰিৱৰ'-এ। ১৫ দিনত ছবিখনৰ মুঠ উপাৰ্জন হৈছে ২০৩ কোটি টকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in