১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. হিমাচলপ্ৰদেশত দুদিনীয়া ৰাজ্যিক শোক ঘোষণা। প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীৰ মৃত্যুত চৰকাৰে ঘোষণা কৰে দুদিনীয়া ৰাজ্যিক শোক।

২. মধ্যপ্ৰদেশত ভয়ংকৰ ঘটনা। ৰাজ্যখনৰ ছিৰঞ্জ এলেকাত এটা বাসগৃহৰ অট্টালিকাৰ দেৱাল খহি পৰাৰ ফলত নিহত এজন লোক। আৰু গুৰুতৰভাৱে আহত আন এজন লোক। আহত লোকজনক ভৰ্তি কৰা হৈছে হাস্পতালত।

৩. বি ডব্লিউ এফ ৱৰ্ল্ড বেডমিন্টন চেম্পিয়নশ্বীপত সোণৰ পদক অৰ্জন কৰিলে পি ভি সিন্ধুৱে। খেলুৱৈগৰাকীক এই সফলতাত শুভেচ্ছা জনালে কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে।

৪. জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত ৭জনকৈ লোক। ইফালে, আহত ২৫জন। আহত কেইজনক ভৰ্তি হাস্পতালত।

৫. বিয়াৰিটছত প্ৰধানমন্ত্ৰী মোডীয়ে সাক্ষাৎ কৰে ইউনাইটেড নেশ্যনৰ ছেক্ৰেটাৰী জেনেৰেল এন্টনিয় গুটেৰেছক। জি-৭ ছামিটত মিলিত হয় দেশ দুখনৰ প্ৰতিনিধিদ্বয়।

৬. কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে পি ভি সিন্ধুক শুভেচ্ছা জনালে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়- 'পি ভি সিন্ধুৱে আজি এক ইতিহাস ৰচিছে। তেওঁ বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপত স্বৰ্ণ জয় কৰিছে। আমি তেওঁক লৈ গৌৰৱ কৰো।

৭. হাংগ্ৰীত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুৰ্বমনিয়ম জয়শংকৰ। দুদিনীয়া ভ্ৰমণসূচীৰে হাংগ্ৰীলৈ গৈছে মন্ত্ৰীগৰাকী।

৮. দিল্লীৰ খাজুৰী চকত পথ দুৰ্ঘটনা। এখন বাইক নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰে পথত। বাইক আৰোহীজনৰ লগতে গুৰুতৰভাৱে আহত এটি শিশু।

৯. কেৰালাত জঘন্য ঘটনা। এগৰাকী কিশোৰীক বলাৎকাৰ কৰে এজন শিক্ষকে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত শিক্ষকজনক।

১০. ৰাজস্থানৰ টাউছাৰ গাঁৱত ভয়ংকৰ দুৰ্ঘটনা। এখন বাহনে খুন্দা মাৰে এখন জে চি বিত। দুৰ্ঘটনাত আহত গাড়ীখনত থকা লোক দুজন।

১১. সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰৰ পাছত প্ৰথমবাৰলৈ শ্ৰীনগৰত উত্তোলন কৰা হ'ল ৰাষ্ট্ৰীয় পতাকা। শ্ৰীনগৰৰ সচিবালয়ত উত্তোলন কৰা হয় পতাকাখন।

১২. আলোচনাপন্থী এন ডি এফ বি (P)ত বিভাজন৷ ধীৰেন বড়ো ওৰফে বি চুনথাগ্ৰাৰ নেতৃত্বত গঠন নতুন সমিতি৷ নতুন সভাপতি ধীৰেন বড়ো, আৰু বি ডেটচুংক সম্পাদক

১৩. ছত্তীশগড়ত দেওবাৰে এটা মাওবাদীয়ে কৰে আত্মসমৰ্পণ। দান্তেৱাড়া আৰক্ষী থানাত আত্মসমৰ্পণ কৰে মাওবাদীটোৱে।

১৪. ছত্তীশগড়ৰ ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী এখন বাছ দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৭জন লোক। বাছখনত আছিল মুঠ ২৪গৰাকী যাত্ৰী।

১৫. বাহৰেইনৰ মানামাস্থিত শ্ৰীনাথজী মন্দিৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মন্দিৰত পূজা-অৰ্চনা আগবঢ়াই প্ৰধানমন্ত্ৰীগৰাকীয়ে।

১৬. উত্তৰাখণ্ডৰ উত্তৰাকাশ্মী জিলাৰ পথত যান-বাহন চলাচল কৰিব পৰাকৈ মেৰামতি কৰে প্ৰশাসনে। ভূমিস্খলনৰ ফলত পথত প্ৰকাণ্ড শিল বাগৰি পৰিছিল।

১৭. অৰুণাচলত উদ্ধাৰ বিৰল প্ৰজাতিৰ "মন'ৰিয়া ইম্প্ৰেছা" নামৰ এটা কাছ। পাপুমপাৰে জিলাৰ বান্দৰদেৱা বনসংমণ্ডলৰ কাকৈ অঞ্চলত উদ্ধাৰ হয় কাছটো।

১৮. ছত্তীশগড়ৰ অবুজমাড়ত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষ। সংঘৰ্ষত বৰ্তমানলৈ ৫টাকৈ মাওবাদী নিহত হৈছে।

১৯. বিহাৰত সংঘটিত শিহৰণকাৰী ঘটনা। এগৰাকী মহিলাই তিনি সন্তানসহ ৰে'লৰ আগত জঁপিয়াই আত্মহত্যা কৰে। সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে এটি সন্তানৰ।

২০. ১২ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব নতুন হিন্দী 'পেহেলৱান'। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা সুদীপে। লগতে ছবিখনত দেখা পাব অভিনেতা সুনীল ছেট্টীকো।

২১. গুৱাহাটীত বাংলাদেশৰ ক্ৰিকেটাৰৰ এটা দল। অসমৰ ৰঞ্জী ট্ৰফীৰ সম্ভাব্য দলটোৰ সৈতে খেলিব ৫খন খেল।

২২. শিলিগুৰিত এছ এছ বিয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰে দুটা ড্ৰাগছ সৰবৰাহকাৰীক। লগতে উদ্ধাৰ কৰে প্ৰায় ৭৫০ গ্ৰাম ব্ৰাউন ছুগাৰ।

২৩. ডিব্ৰুগড়ত আৰক্ষীৰ অভিযান। জব্দ কেজিৰো অধিক হেৰ'ইন আৰু ১৯ লাখৰো অধিক নগদ টকা।

২৪. দেওবাৰে নিগমবোধ ঘাটত সকলো ৰাজ্যিক সন্মানেৰে অৰুণ জেটলীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন। উপস্থিত থাকে শাসক-বিৰোধী দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা-মন্ত্ৰী।

২৫. অৰুণাচলৰ নামপঙত আটক ২ আলফা (স্বাঃ)ৰ কেডাৰ৷ সেনা-চিআৰপিএফৰ অভিযানত আটক দুয়ো৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in