১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. ধৰ্মীয় অনুষ্ঠানক আৰ্থিক সাহায্য দিয়াৰ উদ্দেশ্যৰে সোমবাৰে ৰাজ্য চৰকাৰে শুভাৰম্ভণি কৰিলে অসম দৰ্শন আঁচনি। ৭০০ কোটিটকীয়া এই অসম দৰ্শন আঁচনিয়ে সাঙুৰি ল'ব ৰাজ্যৰ ৯১৫খন ধৰ্মীয় অনুষ্ঠানক।

২. দৰঙৰ ছিপাঝাৰৰ শিঙিমাৰীত বিধ্বংসী অগ্নিকাণ্ড। চোৰাং ডিজেল পেট্ৰলৰ গুডামত শ্বৰ্ট চাৰ্কিটৰ ফলত লাগিল জুই।

৩. ৭ বছৰৰ অন্তত শিহৰণকাৰী ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ডৰ ৰায়দান। ডিফুৰ জিলা সত্ৰ ন্যায়াধীশ আদালতে ১২ অভিযুক্তক দোষী সাব্যস্ত কৰি দিলে ৰায়।

৪. অৱশেষত কংগ্ৰেছত যোগ দিলে তেজপুৰৰ প্ৰাক্তন বিজেপি সাংসদ আৰ পি শৰ্মাই। সোমবাৰে নতুন দিল্লীত কংগ্ৰেছত যোগদান কৰে RSSৰ ঘনিষ্ঠ হিচাপে পৰিচিত আৰ পি শৰ্মাই।

৫. 'ৰাজ্যত চলি থকা ছিণ্ডিকেট বন্ধ কৰাৰ দায়িত্ব পুলিচৰ নহয়' শিলচৰত অনুষ্ঠিত মুখামুখি সভাত মন্তব্য আৰক্ষী সঞ্চালকপ্ৰধানৰ।

৬. চিৰাঙৰ বিজনীত এটা আঘাতপ্ৰাপ্ত গঁড়ৰ মুক্ত বিচৰণ। ১ নং নতুন মাটিৰ পথাৰত ঘূৰি ফুৰিছে আগঠেঙত আঘাত পোৱা গঁড়টো।

৭. সীমান্তৰ লাংপীত পুনৰ মেঘালয়ৰ আগ্ৰাসন। অসমৰ মাটিত মেঘালয় প্ৰশাসনে আৰক্ষী চাউনী, বাংকাৰ স্থাপন কৰাকলৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ।

৮. সোমবাৰে সেনা, NSCN উগ্ৰপন্থীৰ মাজত অৰুণাচলত তুমুল সংঘৰ্ষ। ছাংলাং জিলাৰ নামফাইত এই সংঘর্ষ।

৯. ভালুকপুঙত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিহত হয় এগৰাকী বায়ু সেনা জোৱানৰ।

১০. মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে চাৰিদিন ধৰি শ্বাৰ্জিল ইমামক চলোৱা ধাৰাবাহিক জেৰাত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। CAA আন্দোলনৰ সময়ত শ্বাৰ্জিল ইমাম নতুন দিল্লীত বৈঠকত মিলিত হৈছিল বদৰুদ্দিন আজমলৰ সৈতে।

১১. সোমবাৰে ভাৰতত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। নমস্তে ট্ৰাম্প অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰী মোডী আৰু মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে।

১২. উত্তৰ পূব দিল্লীত 'কা' বিৰোধী প্ৰতিবাদকাৰী আৰু সমৰ্থকৰ মাজত সংঘৰ্ষ। সংঘৰ্ষত নিহত এজন কনিষ্টবল। ইফালে আহত ১০জনকৈ আৰক্ষীৰ লোক।

১৩. ভূৱনেশ্বৰত পুনৰ বন্যহস্তী আৰু মানুহৰ সংঘাত। এই সংঘাতত নিহত চাৰিজনকৈ লোক। আহত আন তিনিজন লোক।

১৪. মহিলা টি ২০ বিশ্বকাপত ভাৰতৰ হাতত পৰাস্ত বাংলাদেশ। ১৮ ৰানৰ ব্যৱধানত পৰাস্ত বাংলাদেশ।

১৫. কাশ্মীৰত পুনৰ খোলা হ'ল বিদ্যালয়সমূহ। শীতকালীন বন্ধ অন্ত পৰাৰ পাছত সোমবাৰৰ পৰা খোলা হয় বিদ্যালয়সমূহ।

১৬. পঞ্জাৱৰ পাটিয়ালাত দুৰ্ঘটনাত পতিত এখন বিমান। এন চি চিৰ এখন বিমান সোমবাৰে পতিত হয় দুৰ্ঘটনাত।

১৭. উত্তৰ-পূব দিল্লীত 'কা'ৰ বিৰুদ্ধে সংঘৰ্ষ অব্যাহত। চিআৰপিএফৰ ৮টা কোম্পানীৰ জোৱান মোতায়েন কৰা হৈছে প্ৰতিবাদস্থলীত।

১৮. কা'ক লৈ সোমবাৰে দিল্লীত হোৱা হিংসাত্মক ঘটনাত এগৰাকী কনিষ্ঠবলৰ লগতে প্ৰাণ হেৰুৱালে ৪ গৰাকী নাগৰিকে। শেহতীয়াকৈ পোহৰলৈ আহিছে এই তথ্য।

১৯. কা সমৰ্থন কৰা ৰাহুল গান্ধী আৰু আন লোকসকলে ভাৰতৰ ভাবমূৰ্তি ভুল ৰূপত উপস্থাপন কৰাৰ বাবে দোষী কোন জনাব ক'ব লাগে।'- এই মন্তব্য কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী জি কিষান ৰেড্ডী।

২০. চেন্নাই বিমান বন্দৰত গ্ৰেপ্তাৰ এজন লোকক। প্ৰায় ২ কেজি ওজনৰ সোণসহ গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

২১. উত্তৰ-পূব দিল্লীৰ বিভিন্ন প্ৰান্তত সংঘটিত হিংসাত্মক ঘটনা। এই এলেকাসমূহত জাৰি কৰা হৈছে ১৪৪ ধাৰা।

২২. ২০১৯ বৰ্ষৰ সাহিত্য অকাডেমী অনুবাদ বঁটা 'ৰাজতৰিংগিনী' গ্ৰন্থখন অসমীয়াত অনুবাদ কৰাৰ বাবে লাভ কৰিছে নৱকুমাৰ সন্দিকৈয়ে। ৰাজতৰিংগিনী কাশ্মীৰ আৰু ইয়াৰ প্ৰাচ্যুদেশৰ ইতিহাসক লৈ ৰচনা কৰা এখন কাব্যগ্ৰন্থ।

২৩. কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক হিচাপে ৰাকেশ ৰৌশনৰ সোমবাৰে যোগদান । জনসাধাৰণৰ সতে সুসম্পৰ্ক ৰখাৰ প্ৰতিশ্ৰুতি ।

২৪. প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ যুচীয়া সচিব নিযুক্তি প্ৰদান। আইএএছ বিষয়া ৰোহিত যাদৱক প্ৰদান কৰা হয় এই দায়িত্ব।

২৫. শ্বাৰ্জিল ইমাকক আৰক্ষী জিম্মালৈ প্ৰেৰণ। আৰু ৪দিনৰ বাবে প্ৰেৰণ কৰা হৈছে আৰক্ষী জিম্মালৈ। পূৰ্বতে ৪ দিনৰ বাবে প্ৰেৰণ কৰা হৈছে আৰক্ষী জিম্মালৈ ইমামক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in