১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত আকৌ ৫৬২৬জনৰ দেহত ধৰা পৰিছে কোৰোনাৰ উপস্থিতি। ইয়াৰে ভিতৰত কামৰূপ মেট্ৰ'ৰ ১৫৫১জন লোক।

২. ঢকুৱাখনা মহকুমা সদৰত কোভিড আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে ঢকুৱাখনা সদৰ থানাৰ আৰক্ষী। সান্ধ্য আইন জাৰি হোৱাৰ পাছত চৰকাৰী নীতি নিৰ্দেশনা অমান্য কৰি অনাহকত যাতায়ত কৰা যান বাহনৰ ওপৰত জৰিমনা বিহে সদৰ থানাৰ আৰক্ষীয়ে।

৩. মৰিগাঁও আমচৈত তীব্ৰবেগী মহিন্দ্ৰা ডি আাই দুৰ্ঘটনাগ্ৰস্ত ৷ আহত ৫ জনকৈ লোক সংকটজনক অৱস্থাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি৷

৪. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত দুজন বনকৰ্মী কভিড আক্ৰান্ত। আক্ৰান্ত বনকৰ্মী দুজন দ্বিতীয় অসম সুৰক্ষা বাহিনীৰ এ.এছ.আই কুশল নাথ আৰু সাময়িক কৰ্মী প্ৰেম ৰাজভৰ।

৫. বোকাখাতৰ প্ৰথমগৰাকী এ চি এছ বিষয়া তথা বিশিষ্ট সাহিত্যিক শিশুৰাম পেগুৰ দেহাৱসান৷ দীৰ্ঘদিন অসুস্থ হৈ থকাৰ পাছত শুকুৰবাৰে বিয়লি ৩.৩০ বজাত ৯৩ বছৰ বয়সত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ৷

৬. ৰাজ্যত কৰোনাই ভয়াবহ ৰূপ লোৱা সময়তে মৰিয়নি ইলেকট্ৰনিক মেডিয়া এচচিয়েচনৰ উদ্যোগত শুকুৰবাৰে মৰিয়নি নগৰত মাস্ক বিতৰণ কৰা হয়।

৭. বজালীত ক'ৰোনাত আক্ৰান্ত হৈ মৃত্যু এগৰাকী মহিলাৰ | মৃত মহিলা গৰাকী বজালীৰ সৰুপেটাৰ হেময়ন্তী তালুকদাৰ | হেময়ন্তী তালুকদাৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপিকা আছিল।

৮. কেইবাখনো ৰাজ্যত বিধানসভা নিৰ্বাচন শেষ হোৱাৰ লগে লগে পুনৰ দেশত লুটপাত আৰম্ভ হৈ গৈছে। এয়া জনতাৰ বাবে ক্ষতিকাৰক।- এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ।

৯. কোৰোনাক জয় কৰি ঘৰলৈ উভটিল বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিক হোমেন বৰগোহাঞি। শুকুৰবাৰে তেওঁৰ কোৰোনাৰ ৰিজাল্ট আহে নিগেটিভ। নিগেটিভ অহাৰ পাছতে তেওঁক ঘৰলৈ যাবলৈ দিয়া হয়।

১০. কোৰোনাত আক্ৰান্ত হৈ বিজেপিৰ এগৰাকী বিধায়কে হেৰুৱালে প্ৰাণ। ৰায়বেৰেলীৰ সলোন বিধানসভা সমষ্টিৰ তিনিবাৰকৈ বিধায়ক হোৱা বিজেপি বিধায়ক ৰাম নৰেশ ৰাৱটৰ মৃত্যু। কোৰোনাত আক্ৰান্ত হৈ কেইবাদিনো ধৰি চিকিতসাধীন অৱস্থাত আছিল বিধায়কগৰাকী।

১১. বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ল'লে কোভিড ভেকচিন। ছ'চিয়েল মিডিয়াত ফটোসহ এই কথা জনালে মহিলাৰীয়ে।

১২. মহাৰাষ্ট্ৰত যোৱা ২৪ ঘন্টাত ৫৪০২২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ৮৯৮জনৰ মৃত্যু।

১৩. উত্তৰাখণ্ডত আকৌ ২৮০৭৬জন লোক আক্ৰান্ত কোৰোনাত। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৩৭২জনৰ মৃত্যু।

১৪. পশ্চিমবংগত আকৌ ১৯২১৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৯৫৪২৮২জনলৈ পাইছে বৃদ্ধি।

১৫. গুজৰাটত যোৱা ২৪ ঘন্টাত ১২০৬৪ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ১১৯জনৰ মৃত্যু।

১৬. কৰ্ণাটকত আকৌ ৪৮৭৮১জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৮৩৮৮৮৫জনলৈ পাইছে বৃদ্ধি।

১৭. চুবুৰীয়া ৰাজ্য মণিপুৰতো প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যখনত নতুনকৈ ৬০০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

১৮. অন্ধ্ৰপ্ৰদেশত আকৌ ১৭১৮৮জন লোক আক্ৰান্ত কোভিড-১৯ত। এতিয়ালৈকে ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১২৪৫৩৭৪জনলৈ পাইছে বৃদ্ধি।

১৯. যোৱা ২৪ ঘন্টাত মধ্যপ্ৰদেশত আকৌ ১১৭০৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ৮৪জনৰ মৃত্যু।

২০. গোৱাত আকৌ ৪১৯৫জন আক্ৰান্ত কোৰোনা ভাইৰাছত। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৫৬জনৰ মৃত্যু।

২১. তামিলনাডুত ২৬৪৬৫জনৰ দেহত শুকুৰবাৰে ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৩৫৩৫৫জন ৰোগী।

২২. মুম্বাইত আকৌ ৩০৩৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৭১জনৰ মৃত্যু।

২৩. যোৱা ২৪ ঘন্টাত উত্তৰাখণ্ডত আকৌ ৯৬৪২জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ১৩৭জনৰ মৃত্যু।

২৪. চেন্নাই বিমান বন্দৰত গ্ৰেপ্তাৰ দুজন বিদেশী নাগৰিকক। প্ৰায় ১০০ কোটি টকা মূল্যৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰা হয় দুয়োকে।

২৫. ৰাজস্থানত আকৌ ১৮২৩১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১৬৪জনৰ মৃত্যু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in