১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. কাৰ্বি আংলঙৰ বকলীয়াঘাটত অগ্নিকাণ্ড। ৰজা পথাৰৰ জগন্নাথ বনিক নামৰ এজন লোকৰ ঘৰত অগ্নিকাণ্ড। অগ্নিকাণ্ডত সকলো সামগ্ৰী ভস্মীভূত।

২. সকলোৱে কঠোৰভাৱে মানি চলক চৰকাৰে নিৰ্ধাৰণ কৰা নীতি-নিয়ম। অন্যথা কঠোৰ হ'ব চৰকাৰ।- শিৱসাগৰত এই আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

৩. অসমত শীঘ্ৰেই বিক্ৰী হ'ব গাহৰি মাংস। কৃষিমন্ত্ৰী অতুল বৰাই টুইটাৰযোগে জনালে এই তথ্য। আফ্ৰিকান ছোৱাইন ফ্লু প্ৰভাৱিত নোহোৱা অঞ্চলত বিক্ৰী হ'ব গাহৰিৰ মাংস।

৪. বৰ্তমানলৈ ২৮১৮খনকৈ বিশেষ শ্ৰমিক ৰেল চলাচল কৰিছে ভাৰতত। ৰে'লৱে বিভাগে সদৰী কৰে এই তথ্য।

৫. সোমবাৰে ঈদ উল ফিটৰ। সমগ্ৰ দেশতে ঈদ উদযাপন কৰিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে।  কোৰোনা ভাইৰাছৰ শংকাৰ মাজতেই উদযাপন কৰা হ'ব ঈদ।

৬. ৰাজ্যত মুকলি হ'ল আৰু এখন টোলগে'ট। দেওবাৰে সোণাপুৰৰ নাজিৰাখাটৰ টোলগে'টত আৰম্ভ হ'ল টোল সংগ্ৰহ।

৭. পঞ্জাৱৰ লুধিয়ানাৰ আৰ টি উলেন মিলছত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ১০ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপিত কৰে জুই।

৮. অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৩২৮জনলৈ বৃদ্ধি। এই ভাইৰাছত আক্ৰান্ত ৩২৮জনকৈ লোক বৰ্তমানেও চিকিৎসাধীন হৈ আছে। ইফালে ৰাজ্যত বৰ্তমানলৈ সুস্থ হৈ উঠিছে ৫৭জন লোক।

৯. বহিঃৰাজ্যত আৱদ্ধ ৫ যুৱক চাইকেল চলাই উপস্থিত হৈছেহি গুৱাহাটীত। হায়দৰাবাদৰ পৰা আহিছে যুৱককেইজন।

১০. বাংগালুৰুৰ পৰা ওড়িশ্যা অভিমুখৈ দেওবাৰে যাত্ৰা আৰম্ভ কৰে এখন বিশেষ শ্ৰমিক ৰেলে। ৰেলখনত ১৫৭৮ গৰাকী যাত্ৰীক কঢ়িয়াই নিয়া হয়।

১১. দেওবাৰে ত্ৰিপুৰাত ৯৯১জনৰ কোভিড-১৯ পৰীক্ষা কৰা হয়। ইয়াৰে ৩জনৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি। এই কথা জনাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে।

১২. ছত্তীশগড়ত দেওবাৰে আৰু ৩৬জনৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি। ৰাজ্যখনত ২৫২জনলৈ বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা।

১৩. ঝাৰখণ্ডত ৩৭০জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত নতুনকৈ ৭জনৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি।

১৪. ৰাজস্থানত দেওবাৰে ২৮৬জনৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি। দিনটোত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৩জনৰ মৃত্যু হয়।

১৫. মধ্যপ্ৰদেশত ৬৬৬৫জনলৈ বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা। দেওবাৰে ৰাজ্যখনত নতুনকৈ ২৯৪জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি।

১৬. তিহাৰ জেইলৰ কৰ্মীৰ দেহতো ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি। তিহাৰ জেইলৰ কাৰ্যালয়ৰ তৰফৰ পৰা সদৰী কৰা হয় এই কথা।

১৭. অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া আৰু বিশাখাপট্টনমত ২৫ মে'ৰ পৰা আৰম্ভ কৰা হ'ব বিমান সেৱা। এই কথা সদৰী কৰে এয়াৰপ্ৰট অথৰিটী অৱ ইণ্ডিয়াৰ কাৰ্যালয়ে।

১৮. তেলেংগানাত ১৮৫৪জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত দেওবাৰে নতুনকৈ ৪১জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি।

১৯. ১৪ আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা জ'ন আব্ৰাহামে।

২০. গুজৰাটত যোৱা ২৪ ঘন্টাত আৰু ৩৯৪জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ১৪,০৬৩জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২১. দিল্লীত দেওবাৰে আৰু ৯জন চিআৰপিএফ জোৱানৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছ। বৰ্তমানলৈ ৩৫৯জন চিআৰপিএফ জোৱানৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি।

২২. মুম্বাইৰ ধাৰাৱীত আৰু ২৭জনৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি। ধাৰাৱীত বৰ্তমানলৈ ১৫৪১জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত।

২৩. দেওবাৰে চেন্নাইত আৰু ৫৮৭জনৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি। চহৰখনত ১০,৫৭৬জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২৪. কেৰালাত নতুনকৈ ৫৩জন লোকৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি। ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৩২২জন লোক বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। এই কথা সদৰী কৰে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে।

২৫. উত্তৰপ্ৰদেশত যদি কোনো সফলতা লাভ কৰিছে, তেন্তে সেয়া প্ৰধানমন্ত্ৰী মোডীৰ বাবেই হৈছে। তেওঁৰ মাৰ্গদৰ্শনতে আমি আগবাঢ়িছো।- এই মন্তব্য ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in