১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. শুকুৰবাৰে ৰাজ্যত ৫৭৩ জন লোক কোভিডত আক্ৰান্ত । কোৰোনাত আক্ৰান্ত হৈ শুকুৰবাৰে ৪ জন লোকৰ মৃত্যু ।

২. পিপিই কীট পিন্ধি পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ পূৰ্বে কোভিড ১৯ সন্দৰ্ভত সজগতা সৃষ্টি কৰিছে এটি বেছৰকাৰী সংস্থাই । লোক সকলক সমাজিক দুৰত্ব বজাই ৰখাৰ আহ্বান দলটোৰ ।

৩. দেশত বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমন । কোভিডৰ সংক্ৰমন বৃদ্ধিৰ বাবে পশ্চিমবংগ নিৰ্বাচনৰ বাবে ভোটগ্ৰহনৰ ৭২ ঘন্টালৈ পূৰ্বলৈ নিৰ্বাচনী প্ৰচাৰ কৰিব পাৰিব ৰাজনৈতিক দল সমূহে ।

৪. বোকাখাটত শুকুৰবাৰে শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । পথ দুৰ্ঘটনাত নিহত ডবকাৰ তাৰাকটা গাঁৱৰ দুই ভাতৃ নিহত হয় । নিহত কেইগৰাকী হ'ল ছৈয়দ আহমেদ, ইমদাদ হুছেইন ।

৫. পুৰাতাত্ত্বিক কীৰ্তিচিহ্ন সমূহ বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ । অসমৰ ঐতিহাসিক শিৱদৌল, ৰংঘৰ, কাৰেংঘৰ আদি বন্ধ থাকিব ১৫ মেলৈ ।

৬. ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হ'ল গোসাই বিহু । সত্ৰ,নামঘৰ সমূহত নাম,কীৰ্তন কৰি উদযাপন কৰে গোসাই বিহু ।

৭. ৰাজ্যত বৰ্তমানলৈ ৩,০৩,৮৪৩ জন স্বাস্থ্য কৰ্মীক বৰ্তমানলৈ কোভিড ভেকচিন প্ৰদান কৰা হয় ।

৮. কোৰোনাৰ দ্ৰুত সংক্ৰণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় সেনাই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। সেনাৰ কাৰ্যালয়ত উপস্থিত থাকিব ৫০ শতাংশ কৰ্মচাৰী।


৯. শুকুৰবাৰে ১৮ বছৰৰ পৰা আদি কৰি সকলো লোকৰ টিকাকৰণ বিচাৰি উচ্চতম ন্যায়ালয়ত এখন পিআইএল দাখিল। দাখিল কৰিছে অধিবক্তা ৰশ্মি সিঙে। আবেদনত ১৮ বছৰকে ধৰি সকলো বয়সৰ লোকক ভেকচিন প্ৰদান কৰিবলৈ আহ্বান।


১০. উৰিষ্যা-ছত্তীশগড় সীমান্তৱৰ্তী ১০ জিলাত কোভিড টিকাকৰণ স্থগিত। উৰিষ্যাৰ চৰকাৰ বন্ধ কৰিছে টিকাকৰণ। নিৰ্দেশনা অনুসৰি জিলাসমূহৰ গ্ৰাম্য অঞ্চলত টিকাকৰণ অব্যাহত থাকিব।

১১. দাৰ্জিলিঙত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘোষনা। এন আৰ চি বলৱতৰ পৰিকল্পনা নাই কেন্দ্ৰীয় চৰকাৰৰ।


১২. কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰ আক্ৰান্ত হৈছে কোৰোনাত।সম্প্ৰতি হোম কোৱাৰান্টাইনত আছে মন্ত্ৰীগৰাকী।


১৩. বিহাৰত কোৰোনাত আক্ৰান্ত হোৱা ব্যক্তিক সহায়ৰ বাবে জিলাই জিলাই ৰোগ নিয়ন্ত্ৰণ গোট গঠন।বিহাৰ স্বাস্থমন্ত্ৰীয়ে এই কথা সংবাদ মাধ্যমক সদৰি কৰে।


১৪. উত্তৰ প্ৰদেশত কোৰোনাৰ দ্ৰুত সংক্ৰমণ। ৰাজ্যখনত দৈনিক সংক্ৰমণৰ হাড় ১৯.২৫।


১৫. ভাৰতীয় সেনাই সামৰিক কনভয়ৰ বাহনসমূহৰ পতাকাৰ ৰং ৰঙাৰ পৰা নীলালৈ সলনি কৰিছে। কাশ্মীৰ উপত্যকাত অধিক জন-অনুকূল ৰূপ ৰখাৰ প্ৰচেষ্টাৰ অংশ হিচাপে গ্ৰহণ কৰিছে এই পদক্ষেপ।


১৬. প্ৰধানমন্ত্ৰী মোডীয়ে দেশত পৰ্যাপ্ত চিকিৎসা গ্ৰেড অক্সিজেন যোগান নিশ্চিত কৰিবলৈ এক বিস্তৃত পৰ্যালোচনা কৰে। তেওঁ কয়, মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰসমূহত সমন্বয় নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ।


১৭. দিল্লীৰ আৰক্ষী আয়ুক্তৰ ঘোষণা। কোভিড পৰিস্থিতি অতি ভয়ংকৰ।ভয়ানকভাৱে সংক্ৰমণৰ হাড় বৃদ্ধি পাইছে।বহু ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু এই সপ্তাহত কাৰফিউ হ'বও পাৰে।


১৮. পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জেনেৰেল ভি কে সিং কোভিডত আক্ৰান্ত হোৱাৰ পিছত মন্ত্ৰালয়ৰ কেইবাজনো কৰ্মচাৰীৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে।

১৯. দিল্লীৰ আৰক্ষীৰ সফলতা। দিল্লী আৰক্ষীৰ বিশেষ সূত্ৰই দেশৰ তিনিখন পৃথক ৰাজ্যত বিস্তৃত এক অভিযানত কালা জাথেদী আৰু লৰেন্স বিষ্ণো দলৰ ছয়জন অপৰাধীক গ্ৰেপ্তাৰ কৰিছে।


২০. ইণ্ডোনেচিয়াত ঘূৰ্ণী বতাহৰ সংহাৰ। দেশখনৰ ছেৰোজাত হোৱা এই ঘূৰ্ণী বতাহত নিহতৰ সংখ্যা ১৭৯লৈ বৃদ্ধি।


২১. দেশত ভেকচিনৰ নাটনি হোৱা নাই। ১.৬৭ কোটিৰো অধিক ভেকচিনত দেশত মজুত আছে। এই কথা সদৰি কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে।

২২. কৰ্ণাটক সংঘটিত হোৱা এক দুৰ্ঘটনাত ১৪ জন মাছমৰীয়াৰ সন্ধানহীন। জাহাজ আৰু বিমানেৰে উপকূলৰক্ষীয় বাহিনীৰ উদ্ধাৰ অব্যাহত।

২৩. ভাৰতl মে-জুনৰ ভিতৰত কভাক্সিন ভেকচিনৰ উৎপাদন ক্ষমতা দুগুণ কৰা হ'ব। এই কথা সদৰি কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে।

২৪. নীৰৱ মোডীৰ প্ৰত্যাবৰ্তনৰ বাবে অনুমোদন প্ৰদান কৰে ইউকে গৃহ মন্ত্ৰনালয়ে ।অভিযুক্ত হীৰা ব্যৱসায়ী নীৰৱ মোডীৰ প্ৰত্যাবৰ্তনৰ সপক্ষে ইউকেৰ এখন আদালতে ২৫ ফেব্ৰুৱাৰীৰ ৰায় দিছিল ।

২৫. কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কোৰোনাত আক্ৰান্ত। বি এছ য়েদিৰুপ্পা ৮ মাহত দ্বিতীয়বাৰৰ বাবে আক্ৰান্ত হৈছে কোৰোনাত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in