১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্ব ল'লে সুশীল চন্দ্ৰাই। নিৰ্বাচনী আয়োগত নিৰ্বাচনী আয়ুক্ত হিচাপে কৰ্মৰত আছিল জ্যেষ্ঠ বিষয়াগৰাকী।

২. বোকাজান কেন্দ্ৰীয় বহাগী উৎসৱৰ সকলো কাৰ্যসূচী বাতিল। ২৩, ২৪ আৰু ২৫ এপ্ৰিলত উদযাপন কৰাৰ কথা আছিল ৩৭ সংখ্যক বোকাজান কেন্দ্ৰীয় বহাগী উৎসৱ। চৰকাৰে জাৰি কৰা নিৰ্দেশনাৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি এই সিদ্ধান্ত ৷

৩. বুধবাৰলৈ সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ বাবে আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ। সম্পূৰ্ণ এটা মাহ মুছলমান লোক সকলে ৰোজা ৰাখি আল্লাহৰ ওচৰত দোৱা কৰিব।

৪. বহিঃৰাজ্যত কোৰোনাত মৃত্যু অসমৰ যুৱকৰ । যুৱকগৰাকী বাক্সা জিলাৰ মুছলপুৰৰ সমীপবৰ্তী ভালাগুৰী গাওঁৰ সুৰেন দাসৰ পুত্ৰ সত্যেন্দ্ৰ দাস ।যুৱকজন দীৰ্ঘদিন ধৰি মহাৰাষ্ট্ৰৰ এটা কোম্পানীৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল।

৫. মহানগৰীৰ বশিষ্ঠ পাটৰকুছিত চাঞ্চল্যকৰ ঘটনা। এটা পিটনিত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ।বৰ্তমানো চিনাক্ত হোৱা নাই মৃতদেহটো।

৬. পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক নিৰ্বাচন আয়োগৰ নিষেধাজ্ঞা । ২৪ ঘন্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰত বহিব নোৱাৰিব মমতা । ১২ এপ্ৰিল সোমবাৰে এই নিষেধাজ্ঞা আৰোপ কৰে নিৰ্বাচন আয়োগে ।

৭. জাকৈ, খালৈ, পল, চেপা, খ'খা, জাল আদি হাতে হাতে লৈ মাছ ধৰিবলৈ নমা অগনন লোকৰ উপস্থিতিৰে মংগলবাৰে মুখৰিত হৈ পৰি বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দীঘলী বিল।

৮. অসমীয়াৰ দুৱাৰদলীত হেপাঁহৰ বহাগ। আজি উৰুকা। ৰাজ্যৰ ইমূৰৰ পৰা সিমুৰলৈ এতিয়া উখল মাখল পৰিৱেশ। 

৯. নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন এন এছ চি এনৰ তিনিটা গোটৰ সৈতে থকা কেন্দ্ৰীয় চৰকাৰে যুদ্ধ বিৰতি চুক্তিৰ ম্যাদ এবছৰ লৈ বৃদ্ধি কৰিছে । নতুন দিল্লীত গৃহমন্ত্ৰ্যালৰ বিয়ষা আৰু তিনিওটা বিদ্ৰোহী গোটৰ মাজত ম্যাদ বৃদ্ধিৰ চুক্তি স্বাক্ষৰিত হয় ।

১০. তিহাৰ জেলত প্ৰৱেশ কৰিছে কোৰোনা ভাইৰাছে। তিহাৰ জেলৰ ৫২গৰাকী কয়দীৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ। ৭গৰাকী বিষয়াও আক্ৰান্ত হৈছে কোৰোনাত।

১১. বুধবাৰৰ নিশা ৮ বজাৰ পৰা আগন্তুক ১৫দিনৰ বাবে ১৪৪ ধাৰা জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে ঘোষণা কৰে এই কথা।

১২. মহাৰাষ্ট্ৰত যোৱা ২৪ ঘন্টাত ৬০২১২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এই কথা সদৰী কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে।

১৩. বিহাৰত আকৌ ৪৫৭জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত এতিয়াও এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩০১৪৮জন ৰোগী।

১৪. আমি পশ্চিমবংগক গুজৰাট হ'বলৈ নিদিও। মোক কোনেও বাধা দিব নোৱাৰে।– এই মন্তব্য মমতা বেনাৰ্জীৰ।

১৫. দিল্লীত মঙলবাৰে ১৩৪৬৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। দিনটোত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৮১জনৰ মৃত্যু।

১৬. আফগানিস্তানৰ ফাৰাহ চহৰত বোমা বিস্ফোৰণৰ ঘটনা। এই বিস্ফোৰণত ৩জন লোক নিহত।

১৭. গুজৰাটত আকৌ ৬৬৯০জন লোক আক্ৰান্ত কোৰোনা ভাইৰাছত। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩৬০২০৬জনলৈ পাইছে বৃদ্ধি।

১৮. ফুটবলাৰ অৰিন্দম ভট্টাচাৰ্যৰ বিজেপিত যোগদান। বিজেপি নেতা মিথুন চক্ৰৱৰ্তীৰ উপস্থিত যোগ দিয়ে দলটোত।

১৯. কৰ্ণাটকত আকৌ ৮৭৭৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ৫৫০০জন বাংগালুৰুৰ।

২০. যোৱা ২৪ ঘন্টাত উত্তৰপ্ৰদেশত আকৌ ১৮০২১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ৮৫জনৰ মৃত্যু।

২১. উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ বহু কেইগৰাকী বিষয়াৰ দেহত ধৰা পৰে কোভিড-১৯। এই কথা ঘোষণা কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে।

২২. ৰাজস্থানত আকৌ ৫৫২৮জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩৭৫০৯২জনলৈ পাইছে বৃদ্ধি।

২৩. মুম্বাইত গ্ৰেপ্তাৰ কৰা হয় দুজন ড্ৰাগছ সৰবৰাহকাৰীক। লোক কেইজনৰ পৰা উদ্ধাৰ বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী।

২৪. তামিলনাডুত আকৌ ৬৯৮৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১৮জনৰ মৃত্যু।

২৫. গোৱাত আকৌ ৫৬২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬৩৩৪২জনলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in